সাধাৰণতে ভাৰতীয় উপমহাদেশত বৰকৈ প্ৰচলিত হৈ অহা শ্বিৰ্ক-বিদ্আতৰ এক ডাঙৰ ঘাটি হ’ল বছৰেকীয়াভাবে উদযাপন কৰি অহা উৰুছ । উৰুছ মানে হ’ল বিবাহ,মিলন বা ফুলশয্যাৰ ৰাতি ৷ উৰছ শব্দৰ বহুবচন হ’ল উৰুছ ।
পীৰতন্ত্ৰ,গুৰুবাদ বা চুফীবাদৰ মতে চালিক বা মুৰীদৰ কে’বাটাও ঢাপ,স্তৰ আছে । সেয়া হৈছে–ফানা ফিছ শ্বেইখ অৰ্থাৎ শ্বেইখ বা পীৰত বিলীন হৈ যোৱা । পীৰক আল্লাহ জ্ঞান কৰি বিলীন হৈ যোৱাজনক কামিল পীৰ বুলি কোৱা হয় ৷ ইয়াৰ পিছত ফানা ফিৰ ৰছূল । এই অৱস্থাত চালিকজনে ৰছূলুল্লাহ (ছঃ) ত ফানা বা বিলীন হ’ব লাগে ৷ ইয়াৰ পাছত ফানা ফিল্লাহ অৰ্থাৎ আল্লাহত বিলীন । ইয়াৰ পিছত বাকা বিল্লাহ অৰ্থাৎ আল্লাহত সমাধিস্থ হোৱা বা আল্লাহ আৰু মুৰীদ বা চালিকজন একাকাৰ হৈ যোৱা ৷ এই একাকাৰ হৈ যোৱা দিনটোক উৰুছ বুলি কোৱা হয় ৷ অৰ্থাৎ যেতিয়া পীৰজনৰ মৃত্যু হয় (সেই মুৰীদজনো অৱশেষত মুৰীদান গোটাই লৈ পীৰ হয়গৈ), সিহঁতৰ মতে কবৰত শায়িত পীৰৰ কেতিয়াও মৃত্যু নহয়, বৰং আল্লাহৰ লগত একাকাৰ হৈ যায় । যিদৰে দৰা আৰু কইনাৰ মাজত মিলন হয় অৰ্থাৎ উৰুছ হয়, ঠিক তদ্ৰূপ পীৰৰো আল্লাহৰ লগত মিলন হয় আৰু মুৰীদান বা ভক্তসকলে সেই মিলন বা উৰুছৰ দিনটো প্ৰত্যেক বছৰে বিবাহৰ বছৰেকীয়া বা চালগিৰা হিচাবে মহা ধুমধামেৰে উদযাপন কৰি আহিছে । আমাৰ অজ্ঞানী,অন্ধ পৰম্পৰাবাদীসকলে সেইবোৰ উৰুছত অংশগ্রহণ কৰি আহিছে ৷ এয়াই হ’ল মাজাৰত চলি অহা উৰুছৰ কিছু কথা ৷
আমি প্ৰত্যক্ষ কৰি আহিছোঁ যে উৰুছৰ নামত মাজাৰবিলাকত শ্বিৰ্ক-বিদ্আতৰহে পয়োভৰ । আমি জনা উচিত যে ইছলামত এই ধৰণৰ উৰুছৰ কোনো স্থান,অস্তিত্ব নাই । এয়া সম্পূৰ্ণভাৱে তওহীদ বা ইছলামী একত্ববাদ বিৰোধী । +
উৰুছৰ নামত চলিছে ভণ্ডামি ,
মাজাৰলৈ গৈ কৰিছে শ্বয়তানি ।
উৰুছ মানে হ’ল বিবাহ-মিলন,
মাজাৰত চলে উদ্দাম নাচ-গান ।
মাজাৰ হ’ল মুনাফা হাচিলৰ স্থান,
স্বাৰ্থান্বেষীয়ে কৰিছে উদৰ পূৰণ ।
কাকো পৰে তালো সৰে ,
মাজাৰলৈ গ’লে ফল ধৰে !
পাতি থৈছে শ্বয়তানৰ জাল ,
জালত বন্দী মুশ্বৰিক এগাল ।
আলীমৰূপী জালিমৰ তাত হয় সমাৱেশ,
ভাংবাবা-গাঞ্জাবাবাই লৈছে নানান ভেশ ।
পিতৃ-মাতৃক তিৰস্কাৰ কৰে,
বাবাৰপৰা পুৰস্কাৰ বিচাৰে !
যুৱক-যুৱতীৰ অবাধ বিচৰণ,
এয়াই হ’ল ভণ্ডামিৰ নিদৰ্শন ।
জীৱিত ব্যক্তিকহে আঁঠুৱাৰ প্ৰয়োজন,
মৃত লোককনো আকৌ কিহৰ সন্মান !
মাজাৰলৈ যোৱাৰ সংখ্যা ইমান বেছি ,
জাহান্নাম কিনিবলৈ গৈছে ঠেলি-হেঁচি !
এনেকৈ চলিছে দিন-কাল,
এয়াই হ’ল মাজাৰৰ হাল । ■
Nurul hoque