শ্বিৰ্ক এনেকুৱা এটি গুনাহ যিটো কৰিলে ঈমান আৰু পূর্বৰ সকলো আমল সম্পুৰ্ণৰূপে নষ্ট হৈ যায়।

শ্বিৰ্ক এনেকুৱা এটি গুনাহ যিটো কৰিলে ঈমান আৰু পূর্বৰ সকলো আমল সম্পুৰ্ণৰূপে নষ্ট হৈ যায়। কিয়ামতৰ দিনা আল্লাহ ছুবাহানু তাআলাই যিকোনো গুনাহ ইচ্ছা কৰিলে ক্ষমা কৰি দিব কিন্তু শ্বিৰ্কৰ গুনাহ কেতিয়াও ক্ষমা নকৰে।
আল্লাহে কৈছে,,
নিসন্দেহে আল্লাহে ইচ্ছা কৰিলে যিকোনো গুনাহ ক্ষমা কৰি দিব¸ কিন্তু শ্বিৰ্কৰ গুনাহ কেতিয়াও ক্ষমা নকৰে। (ছুৰা নিছা :৪৮,১১৬)
নিশ্চয় যি ব্যক্তিয়ে আল্লাহৰ সৈতে অংশীদাৰ স্থিৰ কৰে আল্লাহে তাৰ কাৰণে জান্নাতক হাৰাম কৰি দিয়ে আৰু জাহান্নামক অৱধাৰিত কৰি দিয়ে। (ছুৰা মায়িদাহ:৭২)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,,
“মোৰ সন্মুখত জিব্রাঈল আৱির্ভূত হ’ল। তেওঁ ক’লে, আপুনি আপোনাৰ উম্মতক সু-সংবাদ দিয়ক, যি ব্যক্তিয়ে আল্লাহৰ লগত কাকো শ্বৰীক নকৰা অৱস্থাত মৃত্যু বৰণ কৰিব, তেওঁ জান্নাতত প্রৱেশ কৰিব। মই ক’লো, যদিও তেওঁ যিনা কৰে আৰু যদিও তেওঁ চুৰি কৰি থাকে? তেওঁ ক’লে: যদিও তেওঁ যিনা কৰে আৰু যদিও তেওঁ চুৰি কৰি থাকে।[ছহীহ বুখাৰী :১২৩৭,মুছলিম:৯৪]
শ্বিৰ্ক হৈছে সকলোতকৈ ডাঙৰ ধ্বংসত্মাক বিষয়। শত শত পাপ কৰিলেও কিয়ামতৰ দিনা সেইবোৰ ক্ষমাৰ সম্ভাৱনা আছে¸ কিন্তু শ্বিৰ্কৰ পাপ ক্ষমাৰ কোনো সম্ভাৱনাই নাই আৰু সি নিসন্দেহে জাহান্নামলৈ লৈ যাব।
ইয়া আল্লাহ আমাক সকলোকে শ্বিৰ্কৰ পৰা বাচি থকাৰ তৌফিক দান কৰা।
আমিন ।

Leave a comment