শ্ববে বৰাত বিদাত / বিদআত / বিদ’আত

#শ্ববে_বৰাত_বিদাত!!!
___________________

আহক! বিদআতৰ পৰা নিজে বাঁচি থাকোঁ আৰু সমাজক বচোঁৱাৰ চেষ্টা কৰোঁ।

আচ্ছালামু আলাইকুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহ।

প্রিয় ভাইসকল! আৰু কেইদিনমান পিছতেই আমাৰ সমাজত মহা-সমাৰোহেৰে উদযাপন কৰা হ’ব শ্ববে বৰাত। যাক ভাগ্যৰ ৰাতি বুলি কোৱা হয়। সেইদিনা চৰকাৰী ছুটি ঘোষণা কৰা হ’ব। হালুৱা-ৰুটি খোৱাৰ ধুম উঠিব। অনুষ্ঠিত হ’ব মিলাদ মাহফিল আৰু জিকিৰৰ মজলিছ। তাৰ লগতে প্ৰতি মূহুৰ্তত আতচবাজীত কঁপি উঠিব শ্ববে বৰাতৰ নিশাৰ আকাশ-বতাহ। লগতে দেখা যাব মছজিদৰ বাৰান্দাত যিসকলৰ পদযুগল নপৰে সেই ৰাতি তেওঁলোকেই আঁতৰ-সুগন্ধি লগাই টুপী-পাঞ্জাৱী পিন্ধি মছজিদৰ প্রথম কাতাৰত মুছল্লী সাঁজি অৱস্থান কৰিছে আৰু বিশেষ কিছু ইবাদত-বন্দেগী কৰি ভাৱিব জীৱনৰ সকলো গুনাহ মাফ হৈ গৈছে। তাৰ পিছদিনা পুৱাৰ পৰা লিপ্ত হ’ব যাৱতীয় অন্যায়-অপকর্ম, দুর্নীতি আৰু আল্লাহৰ নাফৰমানিত। হয়তো সেইদিনা ৰাতিপুৱাৰ ফজৰৰ নামাজ পঢ়াৰো সময় নহ’ব। পুনৰ অপেক্ষাত থাকিব আগন্তুক বছৰৰ শ্ববে বৰাতৰ। এনেদৰেই আৰু কত কি? আমাৰ সমাজৰ এই অৱস্থাৰ কাৰণ হিচাবে আমি জনাৰ চেষ্টা কৰোঁ এই কামসমূহ কিমানখিনি ইছলাম সমর্থিত?

যিসমূহ ইবাদতৰ ক্ষেত্রত ইছলামে সমর্থন দিয়া নাই সেইবোৰ ইছলামৰ নামত কৰাটোৱেই তো বিদ‘আত। ইবাদত বা ধৰ্মৰ মাজত কোনো নতুন সংযোগ হ’ব নোৱাৰে। দ্বীন ইছলাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দিনতেই পৰিপূৰ্ণ। যি আমল তেতিয়া নাছিল¸ সেই আমল এতিয়াও নাই বা ভৱিষ্যতেও নাথাকিব। লাগিলে সেই আমল যিমান সুন্দৰেই নহওঁক কিয়। যি আমলৰ কুৰআন-হাদীছত দলিল নাই তাক নেকীৰ আশাত কৰা বিদ‘আত। বিদ‘আতৰ পৰিণাম অতি ভয়াৱহ। এই বিষয়ে কুৰআন আৰু হাদীছত অসংখ্য সতর্কতা উচ্চাৰিত হৈছে। সেয়েহে আঁহক! আমি নিজে বিদ‘আতৰ পৰা বাঁচি থাকোঁ আৰু তাৰ লগতে বচোঁৱাৰ চেষ্টা কৰোঁ আমাৰ সমাজখনক। আল্লাহে আমাক তাওফীক দান কৰক।

আমাৰ সমাজত শ্ববে বৰাত উপলক্ষে প্রচলিত কিছুমান বিদ‘আতৰ উদাহৰণ:

১) শ্ববে বৰাত উপলক্ষে ১৪ শ্বাবান দিনত ৰোজা ৰখা আৰু ১৪ তাৰিখ দিবাগত ৰাতি ১৫ শ্বাবানত এশ ৰাকা‘আত নামাজ আদায় কৰা:

এই ৰাতি এক অদ্ভূত পদ্ধতিত এশ ৰাকা‘আত নামাজ আদায় কৰা হয়। যাক ছালাতুল আলফিয়া বুলি কোৱা হয়। এশ ৰাকা‘আত নামাজ পঢ়াৰ পদ্ধতিটো হ’ল নিম্নৰূপ:

মুঠ এশ ৰাকা‘আত নামাজ পঢ়া হয়। প্রতি দইু ৰাকা‘আতৰ পিছত ছালাম ফিৰোৱা হয়। প্রতি ৰাকা‘আতত ছূৰা ফাতিহাৰ পিছত দহ বাৰ ছূৰা ইখলাছ পাঠ কৰিব লাগিব। এশ ৰাকা‘আত নামাজত ছূৰা ইখলাছ পাঠ কৰা হয় মুঠ এক হাজাৰ বাৰ। সেইকাৰণে এই নামাজক ছালাতে আলফিয়া বোলা হয়।[1]

শ্ববে বৰাতত এশ ৰাকাআত নামাজ পঢ়াৰ বিধান:

ইছলামত এই ধৰণৰ নামাজ পঢ়াৰ নিয়ম সম্পূর্ণ নৱ আৱিষ্কৃত বিদ‘আত। এই ক্ষেত্ৰত সর্ব যুগৰ সকলো আলিম একমত। কাৰণ, এই নামাজ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু খোলাফায়ে ৰাশ্বেদীনে কেতিয়াও পঢ়া নাই। তাৰোপৰি ইমাম আবু হানিফা, ইমাম মালিক, ইমাম শ্বাফেঈ, আহমদ বিন হাম্বল, চুফিয়ান চাওৰী, আওযাঈ, লাইচ প্রমূখ যুগশ্রেষ্ঠ ইমামসকলে কোনেও এনে ধৰণৰ বিশেষ নামাজ পঢ়াৰ কথা কোৱা নাই। এই সম্পর্কে বর্ণিত হাদীছটি হাদীছ বিশেষজ্ঞসকলৰ মতে বানোয়াট আৰু জাল। যেনে, ইবনুল জাওযীয়ে উক্ত হাদীছটি মাওযু’আত (জাল হাদীছ সংগ্রহ) কিতাবত তিনিটা চনদত উল্লেখ  কৰি কৈছে, এইটো যে বানোয়াট তাত কোনো সন্দেহ নাই। তিনিওটা চনদতেই এনেবোৰ বর্ণনাকাৰী আছে যিসকলৰ অধিাকংশৰেই পৰিচয় অজ্ঞাত। আৰু কিছুমান বর্ণনাকাৰী খুব দূর্বল। গতিকে হাদীছটি নিশ্চিতভাৱে জাল।[2]

এই নামাজ কোনে কেতিয়া কেনেকৈ চালু কৰিলে?

ইমাম ত্বৰতূছী (ৰহ:)-য়ে কৈছে: শ্বাবান মাহৰ পোন্ধৰ তাৰিখে ৰাতি এশ ৰাক‘আত নামাজ পঢ়াৰ পদ্ধতি সর্বপ্রথম যিজন ব্যক্তিয়ে চালু কৰে তাৰ নাম হ’ল ইবনু আবুল হামৰা। তেওঁ আছিল ফিলিষ্টাইনৰ নাবলুছ চহৰৰ অধিবাসী। তেওঁ ৪৪৮ হিজৰীত বাইতুল মুকাদ্দাছলৈ আহে। তেওঁৰ কুৰআন তিলাওৱাত আছিল খুব সুন্দৰ। তেওঁ শ্বাবান মাহৰ পোন্ধৰ তাৰিখে ৰাতি মছজিদুল আক্কছালৈ আহি নামাজ আৰম্ভ কৰে আৰু এজন ব্যক্তি তেওঁৰ পিছত ইক্তেদা কৰে। ইয়াৰ পিছত আন এজন আহে। কিছুসময়ৰ পিছত আন এজন। এনেদৰে নামাজৰ শেষত দেখা গ’ল বিৰাট এটা জামাআতত পৰিণত হৈছে।

পৰৱর্তী বছৰত শ্ববে বৰাতত সেই ব্যক্তিৰ সৈতে প্রচুৰ পৰিমাণ মানুহে নামাজত শ্বৰীক হয়। এনেদৰে এই নামাজ মছজিদে আক্কছাসহ বিভিন্ন মছজিদত পঢ়া আৰম্ভ হয়। কিছুমান মানুহে নিজৰ ঘৰত এই নামাজ পঢ়া আৰম্ভ কৰি দিলে। পৰিশেষত এনে অৱস্থা আহি পৰিল যেন এইটো এটি ছুন্নাত।[3]

অনুৰূপভাৱে কেৱল চৌধ্য তাৰিখে দিনত ৰোজা ৰখাও বিশুদ্ধভাৱে প্রমাণিত নহয়। বৰং আল্লাহৰ নাবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত হ’ল, শ্বাবান মাহৰ প্রথমৰ পৰাই বেছি বেছি নফল ৰোজা ৰখা। বিশেষভাৱে এই দিনটোত ৰোজা ৰখাৰ কোনো ভিত্তি নাই।

২) হালুৱা-ৰুটি খোৱা: শ্ববে বৰাত উপলক্ষ্যে ঘৰে ঘৰে হালুৱা-ৰুটি খোৱাৰ প্ৰৱনতা আহি যায়। কেৱল সেয়াই নহয় বৰং সেইদিনা গৰীব মানুহেও টকা ধাৰ কৰি হ’লেও মাছ-মাংস কিনি খায়। কাৰণ, সেইদিনা যদি ভাল কিবা খোৱা যায় তেনেহ’লে হেনো গোটেই বছৰ ভাল বস্তু খাবলৈ পোৱা যাব। আৰু হালুৱা-ৰুটি খোৱাৰ কাৰণ হিচাবে কোৱা হয়, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ওহুদ যুদ্ধত দাঁত ভঙাৰ পিছত টান বস্তু খাব পৰা নাছিল। সেইকাৰণে তেওঁৰ প্রতি সমবেদনা জনোৱাৰ উদ্দেশ্যে এই দিনটোত হালুৱা ৰুটি খোৱা হয়।

কিন্তু ইয়াৰ বাস্তৱতা কি? প্রথমতে: আমি জানোঁ ওহুদৰ এক ৰক্তক্ষয়ী যুদ্ধত কাফিৰসকলৰ আঘাতত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত ভাঙি গৈছিল। কিন্তু সেই যুদ্ধ শ্বাবান মাহত হোৱা নাছিল। বৰং ওহুদ যুদ্ধ হৈছিল ৩য় হিজৰী শ্বাওৱাল মাহৰ সাত তাৰিখে। তেনেহ’লে এই সমবেদনা শ্বাবান মাহৰ পোন্ধৰ তাৰিখে কি কাৰণত কৰা হয়?

দ্বিতীয়তে: তেওঁ নৰম খাদ্য কেৱল এদিনৰ বাবে খাইছিল নেকি? তেনেহ’লে এয়া কেনে ভালপোৱা? আপুনি শ্বাবান মাহৰ পোন্ধৰ তাৰিখে অলপ হালুৱা-ৰুটি খালে পুনৰ কিছুসময় পিছত গৰুৰ মাংসও পৰম তৃপ্তিৰে ভক্ষণ কৰিলে!!!

তৃতীয়তে: ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তো কাফিৰসকলৰ সৈতে এক কঠিন ৰক্তক্ষয়ী যুদ্ধত বীৰৰ দৰে যুদ্ধ কৰি তেওঁৰ পবিত্র দাঁত হেৰুৱাইছিল¸ কিন্তু আমাৰ এই নবীভক্তসকলৰ অধিকাংশৰেই অৱস্থা হ’ল, আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰাখি থৈ যোৱা সাধাৰণ ছুন্নাতসমূহো পালন নকৰে। ছুন্নাত বাদেই বহুতে ফৰজ নামাজেই ঠিকমতে আদায় নকৰে। এইটোৱেই হ’ল এওঁলোকৰ তথাকথিত ভালপোৱাৰ নমুনা।

 ৩) ছবি আৰু মূর্তি তৈয়াৰ কৰা: শ্ববে বৰাত উপলক্ষ্যে দেখা যায় নানা ৰং বিৰঙৰ ছবি আৰু মূর্তিৰ আৰ্হিত তৈয়াৰ কৰা মিঠাইৰে বজাৰ ভৰি পৰে। অথচ ছবি আৰু মূর্তি-প্ৰতিকৃতি ইত্যাদি তৈয়াৰ কৰা ইছলামত হাৰাম। আকৌ আল্লাহে দিয়া ৰিযিকক লৈ এনেকুৱা খেল-তামাচা!!!

৪) মীলাদ আৰু যিকিৰ: শ্ববে বৰাত উপলক্ষ্যে মছজিদ, খানকাহ আৰু দৰগাহসমূহত আৰম্ভ হয় মীলাদ মাহফিল। চলে মিষ্টি খোৱাৰ ধুম। চলি থাকে বিদ‘আতী পন্থাত গৰম যিকিৰৰ মজলিছ। এই সকলো কাম দ্বীনৰ মাজত নৱ-আৱিষ্কৃত বিদ‘আতৰ বাহিৰে আন একো নহয়।

৫) কবৰ যিয়াৰত: এক শ্রেণীৰ মানুহে এই ৰাতি কবৰস্থান বা মাযাৰ জিয়াৰত কৰিবলৈ যায়। আনকি কিছুমান ঠাইত এই প্রথাও দেখা যায় যে, এদল মানুহে এই ৰাতি ধাৰাবাহিকভাৱে এলেকাৰ সকলো কবৰ যিয়াৰত কৰি থাকে। এওঁলোকৰ দলীল হ’ল, শ্বাবান মাহত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাকী কবৰস্থান যিয়াৰতৰ হাদীছ। অথচ মুহাদ্দিছসকলে উক্ত হাদীছটি জাল হিচাবে সাব্যস্ত কৰিছে। যিটো পূর্বে আলোচনা কৰা হৈছে।

৬) আলোক সজ্জা কৰা আৰু আতচবাজী কৰা: শ্ববে বৰাত উপলক্ষ্যে ৰাষ্টা-ঘাট, ঘৰ-বাৰী, মছজিদ, বিভিন্ন প্রতিষ্ঠান ইত্যাদি আলোকসজ্জাৰে সজোৱা হয়। সেই ৰাতি আশ্চর্যজনকভাৱে চলিয়েই থাকে আতচবাজী বা ফটকা ফুটোৱা অনুষ্ঠান। মূলতঃ এইবোৰ কামৰ জৰিয়তে এফালে কেৱল লক্ষ লক্ষ টকাৰ অপচয় কৰাই নহয় বৰং এইবোৰ অগ্নি পুজকসকলৰ সৈতে সাদৃশ্যপূর্ণ।

৭) মৃতসকলৰ আত্মাৰ দুনিয়াত পূণৰাগমনৰ বিশ্বাস: এই উপলক্ষ্যে দেখা যায় মহিলাসকলে ঘৰ-বাৰী পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি আঁতৰ-সুগন্ধি লগাই পৰিপাটী কৰি ৰাখে। বিশেষকৈ বিধবা মহিলাসকলে এনেকুৱা কৰে। আনকি তেওঁলোকে কিছুমান খোৱা-বস্তু এটুকুৰা কাপোৰত পুৰি ঘৰত ওলোমাই ৰাখে। কাৰণ, তেওঁলোকৰ বিশ্বাস হ’ল, তেওঁলোকৰ মৃত স্বামী-স্বজনসকলৰ আত্মা এই ৰাতি মুকলি হৈ নিজ নিজ পৰিবাৰৰ সৈতে দেখা কৰিবলৈ আহে। এইটো যে কিমান ডাঙৰ মূর্খতা তাক একমাত্র আল্লাহে জানে।

মানুহৰ মৃত্যু হ’লে তেওঁলোকৰ আত্মা বছৰৰ কোনো এটি সময়ত পুনৰ দুনিয়ালৈ উভতি অহা মুছলিমসকলৰ আকীদাহ নহয়। বৰং বহু ক্ষেত্ৰত সেইটো হিন্দুয়ানী আকীদাৰ সৈতে সামঞ্জস্যপূর্ণ।

শ্বাবান মাহ সম্পর্কে বিস্তাৰিত আলোচিত হৈছে এই প্রৱন্ধটিত।

আহ্বান:

অনুগ্রহ পূর্বক এই লেখাসমূহ সকলোৱে প্ৰচাৰ কৰক, বিভিন্ন ব্লগত পোষ্ট কৰক আৰু ফেচবুকসহ অন্যান্য সামাজিক যোগাযোগ ছাইটসমূহত লিংক দিয়ক। আপোনাৰ দ্বাৰা এজন মানুহে বিদ‘আত পৰিত্যাগ কৰিলে সেইটো আপোনাৰ কাৰণে মুক্তিৰ কাৰণ হৈ যাব পাৰে। জাযাকাল্লাহু খাইৰা।

[1]  ইমাম গাজ্জালী (ৰহ.)-য়ে এই পদ্ধতিটো এহিয়া উলুমুদ্দীন কিতাবত উল্লেখ কৰিছে। চাওঁক: ১ম খণ্ড ২০৩ পৃষ্ঠা।

[2] আল মাউযূআত ২য় খণ্ড ১২৭-১৩০ পৃষ্ঠা।

[3]  আত্‌ ত্বাৰতুশী ৰচিত আত্‌তাহযীৰ মিনাল বিদা। পৃষ্টা: ১২১ ও ১২২।

আঁহক! হৃদয় দি অনুধাৱন কৰোঁ, সঠিক ইছলাম জানোঁ, বাতিলক বর্জন কৰোঁ, নিজকে শ্বিৰ্ক আৰু বিদাতৰ কবলৰ পৰা ৰক্ষা কৰোঁ।
আল্লাহে আমাক হিফাজাত কৰক, আমীন।

✍✍.. জুবাইৰ ৰহমান 

Leave a comment