I
চবে বৰাত আহিছে ।বহুতে আকৌ পবিত্ৰ চবে বৰাত বুলিও কয় । জানি ৰখা ভাল হব যে বিদআত কেতিয়াও পবিত্র হব নোৱাৰে , বিদআত সকলো সময়তেই নিকৃষ্ট [চাওৱাবৰ উদ্দেশ্যে এনে কোনো আমল কৰা , যি ৰাছুল(ছা:) বা চাহাবাসকলে কৰা নাই]। যিয়েই নহওঁক যদি আপুনি চবেবৰাত পালন কৰে তেনেহলে আপুনি এইটোও জানি ৰখা ভাল হব যে আপুনি মোহাম্মদ (ছা:) ক আল্লাহ্ৰ ৰাছুল হিচাপে মানি লব পৰা নাই কাৰণ আল্লাহে তাৰ ৰাছুল (ছা:) ৰ মাধ্যমেৰে দ্বীনক পৰিপূর্ণ ঘোষনা কৰি দিছে (ছূৰা মায়ীদাহ ৫/৩) আৰু ৰাছুৰাছুল(ছা:) কৈছে “ যি ব্যাক্তিয়ে শ্বৰিয়তৰ মাজত এনে কোনো কাম বা আমল কৰিলে যিটো মোৰ দ্বাৰা নির্দেশিত নহয় সেইটো প্রত্যাখ্যিত ।(মুছলিম/১৭১৮) ৰাছুল(ছা:) বা চাহাবাসকলে এনে ধৰণৰ কোনো ৰাতি পালন কৰা নাই । আল্লাহে আৰু কৈছে “ যিয়ে ৰাছুল ( ছা:) ক অমান্য কৰিব সি স্পষ্টভাৱে পথভ্রষ্ট হব”( ছূৰা আহযাব ৩৩/৩৬) বহু চহিহ হাদিছ আৰু কোৰআনৰ আয়াতৰ দ্বাৰা প্রমানিত যে এই বিলাক নতুন আবিষ্কৃত বিদআত। প্রসিদ্ধ ইমাম আৰু মুজতাহিদ সকলেও এইবিলাকৰ অনুমতি দিয়া নাই, বৰঞ্চ ঘিন কৰিছিল ।
কিন্তু, সকলোৱে কয়, ইমান লোকে কৰিছে , অলি আউলিয়াসকলে কৰিছে , বাপ দাদাই কৰিছে এইবিলাক অজুহাত দেখুৱাই আহিছে , আৰু আল্লাহে কৈছে
১) তোমালোকে অনুসৰণ কৰা যিটো তোমাৰ প্রতিপালকৰ পক্ষৰ পৰা অবতীর্ণ কৰা হৈছে তাৰ বাহিৰে কোনো অলি আউলিয়াৰ অনুসৰণ নকৰিবা ” ( ছূৰা আৰাফ ৭/৩)
২) সিহঁতে কয় কেতিয়াও নহয় আমালোকে আমালোকৰ বাপ দাদাসকলক দেখিছোঁ ” ( ছূৰা বাকাৰা ২/১৭০)
৩) আপুনি যদি অধিকাংশ লোকৰ কথা মানি লয় সিহঁতে আপোনাক আল্লাহ্ৰ পথৰ পৰা গোমৰাহ (পথভ্ৰস্ট ) কৰি দিব” ( ছূৰা আনআম ৬/১১৬) অধিকাংশ লোকেই আন্দাজ অনুমানৰ ওপৰত ভিত্তি কৰি চলে ( ছূৰা ইউনুচ ১০/৩৬)
I
আপুনি কৈছে আৰে বাপৰে ……… মচজিদৰ ইমামে কি কম জানে নেকি ?
আপোনাক কওঁ আপোনাৰ মচজিদৰ ইমামে প্রত্যেক জুম্মাৰ খুৎবাত আপোনাক হাদিছ শুনায় “প্রত্যেক বিদআতেই হৈছে পথভ্ৰস্টতা , আৰু সকলো পথভ্ৰস্টতাই মানুহক জাহান্নামত নিক্ষেপ কৰে” বুজিব কেনেকৈ হুজুৰে যে আৰবীত কৈছে (কুল্লা বিদআতিন দলালা, ওয়া কুল্লা দলালাতিলিন ফিন নাৰ ) তাৰ পিছত কোনোমতে ২ ৰাকাত পঢ়ি হুজুৰ নিজেই বহি গৈছে জেলেবিৰ পেকেট লৈ , আৰু চিঞৰি চিঞৰি পঢ়িছে ‘ইয়া নাবি ছালামুয়ালাইকা’ আপোনাৰ হুজুৰেওঁ বুজা নাই হাদিছ , আপুনি নুবুজিলে কাৰ কি??
মূল হাদিছ হৈছে ” মোৰ পিছত তোমালোকৰ মাজত যিসকল জীবিত থাকিবা , সেইসকলে অলপ কিছু দিনৰ ভিতৰতেই অনেক মতবিৰোধ দেখিবলৈ পাবা। তেতিয়া তোমালোকে মোৰ চুন্নাতক আৰু সৎপথ প্রাপ্ত খুলাফায়ে ৰাশ্বীদীনৰ চুন্নাতক শক্তভাৱে খামুচি ধৰি ৰাখিবা ।
আৰু তাৰপিছত সাবধান তোমালোকে দ্বীনেৰ ক্ষেত্ৰত কিতাব আৰু চুন্নাতৰ বাহিৰে নতুন কথা আৰু কামৰ পৰা বাচি থাকিবা বা আতৰি থাকিবা। কিয়নো প্রত্যেক নতুন কথা/কাম বিদ‘আত আৰু প্রত্যেক বিদ‘আতই
পথভ্রষ্টতা’ (আবু দাউদ, মিচকাত হা/১৫৮)।
এতিয়া আপুনি চবেবৰাতক বিদ’আত বুলি জানিলে আৰু তাৰ পিছত কি কৰিব লাগে আপুনি অলপ চিন্তা কৰি নিজেই নিৰ্ধাৰণ কৰক । মনত ৰাখিব বিদ’আত কৰিলে অৰ্থাৎ চবেবৰাত পালন কৰিলে আপুনি ৰাছুল(ছা:)ৰ চহিহ হাদিছ মতে জাহান্নামলৈ গতি কৰিব এইটো খাটাং ।
কিছুমানে আকৌ কয় চবেবৰাতত ছালাত (নামাজ) ছিয়াম (ৰোজা ) এইবিলাক ইবাদত বেছি কৰিলে কি অসুবিধা ?? বেয়া নেকি ! নেকীৰ কাম হয় ।
আপোনাক কব খোজো আপুনি ৰাছুল (ছা:)ৰ তৰিকাৰ বাহিৰত গৈ বেছি ইবাদত কৰিলে সেইটো গ্ৰহণ নহৈ বাতিল হব । উদাহৰণ স্বৰূপে ছালাত আদায় কৰা ফৰজ হোৱাৰ লগতে ভাল কাম সেই ছালাত ৰাছুল (ছা:) ৰ পদ্ধতিত হব লাগিব নহলে বাতিল হব যেনে ফজৰৰ ছালাত ৰ ফৰজ দুই ৰাকাত কিন্তু আমি বেছি নেকীৰ উদ্দেশ্যে চাৰি বা পাচ ৰাকাত পঢ়িব পাৰিম নেকি ? নিশ্চয় নোৱাৰি আৰু কোনোবাই জানি বুজি দুই ৰাকাততকৈ বেছি পঢ়িলে সেই ছালাত বাতিল বুলি গণ্য হব । গতিকে আপুনি বেছি ইবাদত কৰিবলৈ গৈ যাতে বিদ’আত কৰি আপোনাৰ সৰ্বনাশ কৰি নিদিয়ে তাৰ বাবে আপুনি সতৰ্ক হওঁক । কাৰণ বিদ’আতীৰ কোনো আমল কবুল নহয় , সকলো বিদ’আত পথভ্ৰস্টতা আৰু সকলো পথভ্ৰস্টতাৰ একমাত্ৰ পৰিণাম হৈছে জাহান্নাম । ( ৰাছুল(ছা:)ৰ চহিহ হাদিছ )
আল্লাহে আমালোকক কোৰআন আৰু ৰাছুল(ছা:)ৰ চহিহ চুন্নাহ অনুযায়ী জীবন পৰিচালনাৰ তৌফিক দান কৰক আৰু আমলৰ নামত নিকৃষ্ট বিদআত ৰ পৰা বাচি থকাৰ জ্ঞান দান কৰক (আমীন)