#উত্তৰঃ- হয়¸ বিদ‘আত। প্ৰচলিত ইলয়াছি তাবলীগ জামাতৰ লোকসকলে তো ভাল কথাই কয়, দ্বীনৰ দাওৱাত দিয়ে, নামাযৰ দাওৱাত দিয়ে, তেনেহ’লে তেওঁলোকক বেয়া বুলি কিয় কৈছে? এই যুক্তি বহুতো সাধাৰণ মুছলিম ভায়ে উত্থাপন কৰি থাকে। এইসকল ভাইৰ প্ৰশ্নোত্তৰত সামান্য মন্তব্য দাঙি ধৰিলোঁ, হয়তো বহুতে বুজিব বেয়াটো ক’ত? ১- ইয়াতে কোনো সন্দেহ নাই যে, নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম সকলোতকৈ ডাঙৰ ও সত্য মুবাল্লিগ (তাবলীগকাৰী)। ইয়াৰ পিছত তেওঁৰ চাহাবাসকল¸ যিসকলে গোটেই বিশ্বত নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নিয়মত তাবলীগ কৰি গৈছে। কিন্তু বর্তমান যুগৰ তাবলীগ জামা‘আতে সেই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ তাবলীগ বাদ দি কেইটামান দশকৰ পুর্বে ভাৰতৰ চাহাৰানপুৰৰ ইলিয়াছ চাহেবে তৈয়াৰ কৰা বৰং সপোনত পোৱা তাবলীগ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহ আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ তাবলীগ যথেষ্ট নহয় নেকি? সেইটো উত্তম তাবলীগ নহয় নেকি? নে এই যুগত সি অচল? ২- নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তাবলীগৰ মূল কথা আছিল বৰং ইছলামৰ মূল কথাই হৈছে, ‘তাওহীদ’। কিন্তু বর্তমানৰ তাবলীগত তাওহীদৰ দাওৱাত নাই। ৩- নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তাবলীগত যি বিষয়ৰ পৰা সকলোতকৈ বেছি সতর্ক কৰা হৈছে সেইটো হ’ল, ‘শির্ক’ৰ পৰা সতর্কতা। ইলিয়াছী তাবলীগত শ্বির্কৰ কথা কোৱা নহয়; অথচ দেশৰ চুকে-কোণে অহৰহ শ্বির্ক ও শ্বির্কৰ আড্ডা বিদ্যমান। ৪-নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দাওৱাতৰ সকলোতকৈ ডাঙৰ অংশ আছিল, মুশ্বৰিকসকলক ইছলামৰ দাওৱাত দিয়া। কিন্তু বর্তমান তাবলীগ জামাতত তেওঁলোকক দাওৱাত দিয়া নহয়। অথচ তাবলীগ জামাতৰ জনক ইলিয়াছ ও যাকাৰিয়া চাহেবৰ দেশ এখন মুশ্বৰিক দেশ।
৫- মহান আল্লাহে, পবিত্র কুৰআন যদি আমাৰ হেদায়েতৰ কাৰণে অৱতীর্ণ কৰিছে, তেনেহ’লে তাক বাদ দি ফাযায়েলে আমলৰ শিক্ষা দিয়া হয় কিয়? অনুৰূপ নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ উত্তম বাণী নহয় নেকি? তেনেহ’লে এতিয়াও কিয় সাধাৰণ লোকক কোৱা হয় যে, এইবোৰ তোমালোকে নুবুজিবা? মানুহে যদি নুবুজে¸ তেনেহ’লে এইবোৰ কাৰ কাৰণে অৱতীৰ্ণ কৰা হৈছে? ৬- ইছলাম কেৱল ফযীলতৰ নাম নেকি? ইছলামৰ সকলোবোৰ বিধান বাদ দি কেৱল ফাযায়েল বর্ণনা কৰাটো কেনেকুৱা ইছলাম! ধৰক নামায এটা ইছলামৰ বিধান। এই সম্পর্কে মোটামুটি যিবোৰ আছে সেয়া হ’ল, নামায কি, নামাযৰ গুৰুত্ব, নামায এৰাৰ বিধান, নামাযৰ ৰুকন, ওৱাজিব আৰু মুস্তাহাব, নামাযৰ পদ্ধতি আৰু নামাযৰ লাভ বা ফযীলত। ইয়াতে সকলোবোৰ বাদ দি কেৱল ফযীলত কিয়? ৭- যি তাবলীগৰ ইমান প্রসংশা আৰু ফযীলত বর্ণনা কৰা হৈছে, কিন্তু কেতিয়াবা চিন্তা কৰিছেনে সেই তাবলীগি নেচাবত অযু কৰা আৰু নামায পঢ়াৰ নিয়ম-পদ্ধতিও লেখা নাই। অন্যান্য বিষয়সমূহৰ বর্ণনা তো দূৰৰ কথা। ৮- ইছলামৰ ৰুকন ৫টা আৰু ঈমানৰ ৬টা, যিটো হাদীছে জিব্ৰীলত বর্ণিত হৈছে¸ কিন্তু এনেকুৱা এটি মৌলিক বিষয়ৰ তাবলীগ বাদ দি ৬ উছূল আৱিষ্কাৰ কোন দলীলৰ ভিত্তিত কৰা হৈছে? ইকৰামে মুছলিম বা মুছলিমৰ সন্মানৰ নামত নীতি তৈয়াৰ কৰা হৈছে, কিন্তু সত্য হৈছে তাবলীগত তাবলীগিসকলকেই সন্মান কৰা হয়, অন্যসকলৰ ছায়াটোকও তেওঁলোকে দেখিবলৈ পছন্দ নকৰে। ৯- তাবলীগৰ কাৰণে কুৰআন ছুন্নাহ যথেষ্ট নহয় নেকি? শত শত মনেসজা কিচ্ছা কাহিনীৰ আশ্রয় লোৱা হয় কিয়? তাৰ ওপৰিও সেইবোৰ কিচ্ছাত আছে চুফীসকলৰ কাশ্বফ, কাৰামত, সপোন, ইল্কা, ইলহাম ও ফয়েযৰ কথা। ১০- শ্বৰীয়াতৰ কোনো মাছ‘আলাত আমীৰ চাহেবে পোনপটীয়াকৈ কুৰআন ছুন্নাহৰ পৰা সমাধান নিদি দেওবন্দলৈ পঠাই কিয়? এনেকুৱা তো নহয় যে, আপোনালোকে তাবলীগৰ নামত দেওবন্দৰ প্রচাৰ-প্রসাৰ কৰিছে!!! ১১- আপোনালোকে ফাযায়েলে আমল কিতাপখন একাধিক ভাষাত অনুবাদ কৰিছে¸ কিন্তু এতিয়াও আৰবী ভাষাত তাক অনুবাদ কৰা হোৱা নাই কিয়? আপোনালোকৰ মাজত আৰবী শিক্ষিত ব্যক্তিত্ব নাই, নে গুমৰ ফাঁচ হোৱাৰ ভয়ত এইটো নকৰে? ১২- মুঠ কথা নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবাসকলৰ দাওৱাত-তাবলীগেই হৈছে ছহীহ, বিশুদ্ধ, পূর্ণ ও যথেষ্ট তাবলীগ। আনহাতে অন্যান্য তাবলীগৰ অসংখ্যই হৈছে, ভুল, অশুদ্ধ ও অপূর্ণাঙ্গ আৰু নতুন তাবলীগ। সেয়ে আমাৰ ওচৰত সেই মুহাম্মদী তাবলীগেই যথেষ্ট। [ফালিল্লাহিল হামদ]
শ্নঃ- প্ৰচলিত ইলয়াছি তবলীগ জামাত আৰু ইলয়াছি তবলীগ তাবলীগ জামাতৰ বিশ্ব ইজতেমা বিদ‘আত কেনেকৈ হ’ল? ইলয়াছি তাবলীগ জামাতে তো ভাল কথাই কয়?
#প্রশ্নঃ- প্ৰচলিত ইলয়াছি তবলীগ জামাত আৰু ইলয়াছি তবলীগ তাবলীগ জামাতৰ বিশ্ব ইজতেমা বিদ‘আত কেনেকৈ হ’ল? ইলয়াছি তাবলীগ জামাতে তো ভাল কথাই কয়?