শুক্রবাৰীয়া বিশেষ: Friday special

শুক্রবাৰীয়া বিশেষ:

ইছলাম অহাৰ আগতেও পৃথিৱীত অনেক ধৰ্ম আছিল ৷ খৃষ্টান আছিল, ইহুদী আছিল ৷ মূৰ্তি পূজা,অগ্নি পূজা, সূৰ্য পূজা, সকলো ধৰণৰ ধৰ্মই আছিল ৷ তেনেহলে ইছলামৰ প্ৰয়োজন আৰু গুৰুত্ব কিহৰ ?

দৰাচলতে পৃথিৱীৰ বুকুত ধৰ্মৰ অস্থিত্ব আছিল ঠিকেই, কিন্তু নাছিল কেৱল প্ৰকৃত ধার্মিক ৷ ধৰ্মই অবাধ্য মানৱাত্মাৰ সংযম্ হেতু নিৰ্ধাৰিত কৰি দিয়া নিয়ম পালন কৰাৰ পৰিৱর্তে ধর্মকেই ইচ্ছানুযায়ী গঢ়ি নিয়া হল ৷ মানৱজাতিয়ে ঈশ্বৰৰ ধৰ্ম পাহৰি নিজৰ ধৰ্মত ব্যস্ত হৈ পৰিল ৷ সেয়ে ইছলাম আহি মানৱজাতিক তাৰ প্ৰকৃত ধৰ্মৰ কথা সুঁৱৰাই দিয়ে ৷ ইছলাম কোনো নতুনকৈ অহা ধৰ্ম নহয় ৷ ইছলাম হল মানৱজতিয়ে পাহৰা তাৰ মানৱতা ৷ ৰচম-ৰেৱাজত নিমজ্জিত সমাজক মনত কৰাই দিয়ে তাৰ প্ৰকৃত দায়িত্ব ৷ ইবাদতৰ জৰিয়তে আল্লাহৰ স্মমৰণত তথা ধৰ্মীয় পৰিসীমাত থাকি মানৱসেৱাৰ জৰিয়তে প্ৰকৃত কৰ্তব্য তথা ধৰ্ম পালন কৰি লক্ষ্যসিদ্ধ  হোৱা।

কিন্তু আজিৰ মুছলমান সকলে (যাৰ দ্বাৰা অমুছলিম সমাজে ইছলামক চাব বিচারে) ইছলামক অৱজ্ঞা কৰি সমাজক ইছলামৰ পুর্বৰ সেই সময়টোলৈ উভতাই লৈ গৈ আছে, য’ৰ পৰা সমাজখনক উদ্ধাৰ কৰি অনা হৈছিল। ইছলামৰ নামত অবৈধ ৰাজনীতি কৰা হৈছে, ইছলামত নতুন-নতুন ৰচম-ৰীতি গঢ়ি লোৱা হৈছে। সামাজিকতাৰ অৱক্ষয় হৈছে, মানৱতাৰ স্খলন হৈছে ৷ ইছলামক বিকৃত কৰি আধুনিকীকৰণ কৰাৰ অহৰহ চেষ্টা হৈছে ৷ ইছলামৰ মতে নিজকে গঢ়া হোৱা নাই, মাথোঁ ইছলাম সম্বন্ধে জ্ঞানৰ প্ৰদৰ্শন কৰা হৈছে ৷

তেনেক্ষেত্ৰত, নিজকে মুছলমান বুলি গৰ্ব কৰাত কোনো লাভ হব যেন নালাগে ৷ ইছলাম (শান্তিৰ ধর্ম) ত থাকিও মুছলমানসকলে শান্তিৰ বাবে হাহকাৰ কৰিছে। ঈদ্ মোবাৰক, জুম্মা মোবাৰক বুলি কৈয়ে আছে, অথচ মুছলমানৰ বাবে এয়া মোবাৰক (বৰকতময়) হৈ উঠা নাই। অন্যক অভিশাপ দিছে। যেন অভিশাপবোৰ উভতি আহিছে আৰু নিজকেই লাগিছে। অভিশাপবোৰ যেন অন্যৰ তুলনাত মুছলমানৰেই অধিক প্রাপ্য।

Leave a comment