শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায় ।

 

 

শিশুকালত হোৱা যৌন নিৰ্যাতন  কিদৰে ৰোধ কৰিব পাৰি তাৰে কেইটামান গুৰুত্বপূর্ণ উপদেশঃ শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

 

➡️. সন্তানৰ সন্মুখত নিজৰ কাপোৰ
পৰিধান কৰা/সলোৱাৰ পৰা বিৰত থকা।
জাগ্রত শিশু সন্তানৰ সন্মুখত
যৌন মিলনৰ পৰাও বিৰত থাকক আৰু সন্তানক
য’ত-ত’ত উলঙ্গ অৱস্থাত যাবলৈ
নিষেধ কৰক। ইছলামৰ নির্দেশনা অনুসৰি
ইছলামিক কাপোৰ পৰিধান কৰাওক আৰু শিশুসকলক সতৰ
সম্পর্কে জ্ঞান প্ৰদান কৰক।
[ইছলামৰ দৃষ্টিত শিশু
পৰিপালন-নীতিমালা]

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

➡️২. আপোনাৰ ছোৱালী শিশুটিক বেলেগ
কাৰোবাৰ (অপৰিচিত লোক)ৰ কোলাত
বহিবলৈ দিয়াৰ সন্দৰ্ভত সতর্ক হওঁক
, আনকি নিজস্ব আত্মীয়-
স্বজনসকলৰ সন্দৰ্ভত সতর্ক থাকক।
সৰুকালৰ পৰাই পর্দাৰ
সন্দৰ্ভত সচেতনতা তৈয়াৰী কৰক।
[আদাবুল মোয়াশাৰাত]
•••••••••••••••••••••••••••••••••••••••••••

➡️৩. বিশেষভাৱে ছোৱালী সন্তানটিক
খেলা-ধূলাত সঙ্গী নির্বাচন কৰাৰ
ক্ষেত্রত সতর্ক থাকক। দৃষ্টি
ৰাখিব আপোনাৰ সন্তান যেতিয়া বন্ধুসকলৰ
লগত খেলিবলৈ যায় তেতিয়া সিহঁতে কেনেকুৱা
ধৰণৰ খেল খেলিছে? নিজকে
বিনোদন বা সময় কটোৱাৰ জাতীয়
খেলা-ধূলাৰ বাহিৰে আন সকলো ধৰণৰ
খেলা-ধূলাৰ পৰা বিৰত ৰাখক।
লক্ষ্য ৰাখক শিশুসকলৰ খেলা-ধূলাৰ
বিষয় যেন, বিয়া-শ্বাদি বা ঘৰ-সংসাৰ আদি নহয়।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••••••

➡️৪. লক্ষ্য ৰাখিব কোনোবাই যেন
দুষ্টামি কৰিও আপোনাৰ ছোৱালী
সন্তানক কেতিয়াও মোৰ স্ত্ৰী বা
মোৰ ল’ৰাৰ বোৱাৰী ইত্যাদি কথা নকয়। কাৰণ ইয়াৰ দ্বাৰা সন্তানৰ
মাজত অপৰিণত বয়ষ্কতেই(কম বয়সতেই) বিয়াৰ
মানসিকতা সৃষ্টি হ’ব পাৰে।
ইছলামত বৈধ উপায়েৰে যথার্থ সময়ত
বিয়াৰ আদেশ দিছে। আগতেও নহয়
আৰু বেছিকৈ পিছতোও নহয়।
[আদাবুল মোয়াশাৰাত]
•••••••••••••••••••••••••••••••••••••••••••••

➡️৫. আন প্রাপ্তবয়স্ক পুৰুষ
নাইবা মহিলাৰ ওচৰত আপোনাৰ
ছোৱালী সন্তানক পঠোৱাৰ
ক্ষেত্রত সতর্ক থাকক আৰু জোৰ
কৰি এনেকুৱা ক’ৰবাত তাইক পঠোৱাৰ পৰা বিৰত থাকক ।য’ত নেকি তাই যাবলৈ নোখোজে । আনকি আপুনি যদি
কেতিয়াবা লক্ষ্য কৰিব , কোনোবাই আপোনাৰ
ছোৱালী সন্তানক বহুত বেছি মৰম-
স্নেহ কৰিছে, তাৰ পৰাও সতর্ক থাকক।
কাৰণ মানুহ মাত্রেই ভুলকাৰী।
চয়তান যিকোনো সময়ত যিকোনো
মানুহক বেয়া কামত লিপ্ত কৰোৱাব পাৰে,
সেইকাৰণে বিশেষভাৱে সতৰ্ক থকা উচিত।
[আদাবুল মোয়াশাৰাত]
•••••••••••••••••••••••••••••••••••••••••••

READ : কবিৰা গুনাহ বা মহাপাপ কি ? কিছুমান জঘন্যতম কবিৰা গুনাহ বা মহাপাপ সমূহ হল

 

➡️৬. সাৱধানতা আৰু সতর্কতাৰ লগত
আপোনাৰ ছোৱালীক বয়ঃসন্ধীকালত
সঠিক যৌন শিক্ষা প্রদান কৰক আৰু
তেওঁক এই সময়ছোৱাত বিভিন্ন
অপকাৰিতা সম্পর্কে সচেতন কৰক।
তাইক প্রিয়ডৰ (মাহেকীয়া ঋতু)ৰ সময়ত কৰণীয় বিষয়সমূহৰ
সম্পর্কে শিক্ষাদান কৰক । তাইক ইটোও
বুজাওক যে প্রতিটো নাৰীৰ জীৱনৰ একোটি
অবিচ্ছেদ্য অংশ।
আপোনাৰ ছোৱালী সন্তানটিক জানিবলৈ
সহায় কৰক, ইছলামত কিয় এইটো সময়ত

ইবাদত-বন্দেগি কৰিবলৈ নিষেধ কৰিছে।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

➡️৭. যদি আপুনি কেতিয়াবা হঠাৎ দেখিবলৈ পায় যে আপোনাৰ ছোৱালী কেনেকুৱা নিশ্চুপ হৈ আছে সতর্কতাৰ লগত কাৰণ
আৱিস্কাৰ কৰাৰ চেষ্টা কৰক আৰু
কাৰণ দূৰ কৰক। আপোনাৰ ওচৰত কাৰণ
যদি যৌন হায়ৰাণি আৱিস্কৃত হয় তেনেহলে
তাইক বুজাবলৈ চেষ্টা কৰক এইটো ভুল
আৰু এই ভুলৰ পৰা দূৰত থকা উচিত।
আৰু লগে লগে ইছলামিক বিধি আৰু নিষেধাজ্ঞা সমূহ
তাইক জনাওক। ইছলামত নির্দেশিত যৌন
হায়ৰাণিৰ শাস্তি ও পৰিণামৰ
কথা তাকেই জনাওক।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

➡️৮. বহুতো মাকক দেখিবলৈ পোৱা যায়
বাচ্চাসকলে যাতে হাই-কাজিয়া ও কন্দল-কান্দোনৰ পৰা ৰেহাই পাবলৈ আৰু ঠাণ্ডা ৰাখিবলৈ
বিভিন্ন ধৰণৰ কার্টুন ও মুভি দেখায়-
এইটো কেতিয়াও নকৰিব। কাৰণ
সৰুকালৰ পৰাই এনেকুৱা পৰিৱেশে
বাচ্চাসকলৰ মানসিকতাত বিশেষ বাবে
প্রভাৱ বিস্তাৰ কৰে। আৰু ইছলামে
এনেকুৱা ধৰনৰ কার্টুন ও মুভি
দেখোৱাক কেতিয়াও সমর্থন নকৰে। বৰঞ্চ এই ক্ষেত্রত বিভিন্ন ধৰণৰ ভাল গল্প শুনাব পৰা যায় ।
[আদাবুল মোয়াশাৰাত]
‘••••••••••••••••••••••••••••••••••••••••

➡️৯. ছোৱালী সন্তানৰ বয়স ৩ বছৰ হ’লে
সন্তানক টয়লেট শেষ কৰি নিজেই
নিজৰ গোপনাঙ্গ পৰিষ্কাৰ কৰা
শিকোঁৱাব আৰু তাইক ইছলামত থকা
পৱিত্রতাৰ গুৰুত্বৰ বিষয়ে জনাব।
তাইক শিকাওতে সহযোগিতা কৰক
ইছলামত কেনেকৈ পৱিত্রতা অর্জন
কৰিব লাগে তাৰ নিয়ম-পদ্ধতি হাদীছ গ্ৰন্থত উল্লেখ কৰা আছে।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

➡️১০. আৰু এটা বিষয়ত খুবেই সতর্ক
থাকক- প্রয়োজনৰ বাহিৰে ছোৱালীজনীক
সন্তানৰ গোপনাঙ্গ স্পর্শ কৰাৰ পৰা
তেওঁক বিৰত ৰাখক আৰু
নিজেও বিৰত থাকক। ইয়াৰ দ্বাৰা
লজ্জাহীনতা সৃষ্টি হোৱাৰ
সম্ভাৱনা থাকে।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

➡️১১. বেয়া কাম, দুষ্ট মানুহ,
কু-ৰুচিপূর্ন বিষয় আৰু নিন্দনীয়
আচৰণৰ তালিকা তৈয়াৰ কৰক আৰু
ছোৱালীজনীক সেইখিনি শিক্ষা দিয়ক।
এই ক্ষেত্রত আপোনাকো মনত ৰাখিব লাগিব
, তেওঁক যি অলপ কিবাকিবি জনাব বা
বুজাব সেইসমূহৰ কাৰণ ব্যাখা
কৰিব লাগিব যাতে সহজতেই বুজিব পাৰে।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

➡️১২. আপোনাৰ সন্তান কেতিয়াবা কাৰোবাৰ
বিৰুদ্ধে আপোনাৰ ওচৰত অভিযোগ কৰিলে সেই বিষয়টোক অৱহেলা নকৰিব – তাত সেইজন
ব্যক্তি যোনেই নহওঁক কিয়?
মনোযোগ দি তেওঁৰ অভিযোগ ও সমস্যাখিনি ভালদৰে শুনক
আৰু যৌক্তিকতা বিচাৰ কৰক আৰু
ছোৱালীজনীক জনাওঁক অভিযোগ ও বিচাৰৰ
ক্ষেত্রত ইছলামত কি কোৱা হৈছে।
[আদাবুল মোয়াশাৰাত]
••••••••••••••••••••••••••••••••••••••••

➡️১৩. সৰুকালৰ পৰাই আপোনাৰ
সন্তানক প্রতিকুল পৰিৱেশক প্রতিবাদ
কৰাৰ কাৰণে অনুপ্রেৰনা দিয়ক।
কেনেকৈ বেয়া পৰিস্থিতিত আত্মৰক্ষা
কৰিব তাৰ কাৰণে ধাৰণা ও শিক্ষা প্রদান কৰক।

 

Read : শিশুক সুৰক্ষা প্ৰদান আইন

 

(ভুল পৰিলক্ষিত হ’লে শুধৰাই দিব ইনশ্বা আল্লাহ)

Leave a comment