লোকক দেখুওৱাই ছালাত ( নামাজ ) আদায় কৰা দাজ্জালতকৈ ডাঙৰ ফিতনা

💢 লোকক দেখুওৱাই ছালাত ( নামাজ ) আদায় কৰা দাজ্জালতকৈ ডাঙৰ ফিতনা 💢

✍✍… ☞☞ আবু ছাঈদ ( ৰা:) এ কৈছে , এবাৰ আমালোকে মসীহ দাজ্জালৰ বিষয়ে কথা পাতি আছিলো ,  তেতিয়া  আমালোকৰ মাজত ৰাছুলুল্লাহ ( ছা:)  উপস্থিত হৈছিল  আৰু আমালোকৰ কথা শুনি তেওঁ ক’লে , মই তোমালোকক দাজ্জালতকৈ বেছি ভয়ংকৰ এটি ফিতনা সম্পৰ্কে অবিহিত কৰিম নে ⁉
আমালোকে উত্তৰত ক’লো হে আল্লাহৰ ৰাছুল ( ছা:)  ! অৱশ্যেই কওঁক , তেতিয়া ৰাছুল ( ছা:) এ ক’লে গুপ্ত শ্বিৰ্ক দাজ্জালৰ ফিতনাতকৈ বেছি ভয়ংকৰ । আৰু সেইটো হৈছে এজন ব্যক্তি ছালাত ( নামাজ ) ৰ বাবে থিয় হব আৰু অন্য কোনোবাই তাৰ ছালাতৰ পিনে দৃষ্টি দিছে দেখি সি ছালাত ( নামাজ ) ক দীঘলীয়া কৰিব । ☜☜

( চহিহ ইবনে মাজাহ – তাহকীক শ্বেখ আলবানী : দ্বিতীয় খণ্ড , হাদিচ নং ৩৩৮৯ , মিচকাত হাদিচ নং ৫১০১ )

Leave a comment