লিবাছ বা পোছাক সন্দৰ্ভত ইছলামৰ দৃষ্টিভংগী

লিবাছ বা পোছাক সন্দৰ্ভত ইছলামৰ দৃষ্টিভংগী
                             —নূৰুল হক্ক
    আমাৰ মুছলিম সমাজত পোছাকৰ ক্ষেত্ৰত সচৰাচৰ প্ৰচলিত হৈ অহা দুটা শব্দ হ’ল চুন্নতী লিবাছ বা চুন্নতী পোছাক । আমাৰ সমাজৰ অধিকাংশ মুছলিমেই বিশ্বাস আৰু প্ৰচাৰ কৰি আহিছে যে কুৰ্তা-পায়জামা, কলিদাৰেই হ’ল পুৰুষৰ বাবে চুন্নতী লিবাছ ।
    কুৰ্তা-পায়জামা,কলিদাৰ যে চুন্নতী লিবাছ,তাৰ কিবা দলীল আছে নে ? চুন্নতী লিবাছ বুলি পৱিত্ৰ কুৰআন-হাদীছত কিবা বিশেষ পোছাকৰ কথা কোৱা হৈছে নে ?
    প্ৰকৃততে চুন্নতী লিবাছৰ ধাৰণাটোৱে ভুল । পোছাক কেনে ধৰণৰ হোৱা উচিত,সেই সন্দৰ্ভত পৱিত্ৰ কুৰআনৰ ছূৰাতুল আ’ৰাফৰ ২৬ নং আয়াতত মহান আল্লাহ চুবহানাহু তাআলাই কৈছে–“হে আদম সন্তান ! নিশ্চয় মই তোমালোকৰ কাৰণে এনে পোছাক (পৰিধানৰ বিধান) নাজিল কৰিছোঁ,যিয়ে তোমালোকৰ লজ্জাস্থান ঢাকি ৰাখিব আৰু যি হ’ব ভূষণ বা সৌন্দৰ্যস্বৰূপ । তাকৱা (আল্লাহভীতি,ধৰ্মভীৰুতা) ৰ পোছাক সেয়াই আৰু সিয়েই উত্তম, কল্যাণময় ।”
“হে আদম সন্তান ! প্ৰত্যেক নামাজৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা । খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা । নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে ।”–ছূৰা আ’ৰাফ,আয়াত ৩১
“মুমিন পুৰুষসকলক কোৱা,তেওঁলোকে যেন নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থানৰ সুৰক্ষা কৰে…।”–ছূৰা নূৰ,আয়াত ৩০
“মুমিনা নাৰীসকলক কোৱা,তেওঁলোকে যেন নিজৰ দৃষ্টিক সংযত কৰি ৰাখে আৰু নিজৰ লজ্জাস্থানৰ সুৰক্ষা কৰে… ।”–ছূৰা নূৰ,আয়াত ৩১
    পোছাক বা লিবাছৰ মূল উদ্দেশ্য প্ৰধানকৈ দুটা । সেয়া হ’ল–শৰীৰক শীত-তাপৰপৰা ৰক্ষা কৰা আৰু গুপ্ত অঙ্গক হিফাজত কৰা । পোছাকৰ জৰিয়তে নিজৰ ৰুচিৰ পৰিচয় ফুটি উঠে । ইছলামৰ গণ্ডীৰ ভিতৰত অথবা শ্বৰীয়ত মুতাবিক পুৰুষ-মহিলাই যিকোনো পোছাক পৰিধান কৰিব পাৰে ।
      ইছলামত কোনো বিশেষ পোছাকৰ ক্ষেত্ৰত চাপ দিয়া হোৱা নাই । ইছলামত শালীনতা ৰক্ষাৰ কথাহে কোৱা হৈছে । পোছাক সোলোক-ঢোলোক হোৱাৰ উপৰিও সৌন্দৰ্য প্ৰকাশক হোৱা উচিত । নাৰীৰ পোছাক পুৰুষৰ তুলনাত অধিক আবুৰ থকা আৰু ডাঠ হ’ব লাগিব । পোছাক নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ইছলামে আমাক স্বাধীনতা দিছে । ভৌগোলিক পৰিৱেশ তথা জলবায়ুৰ বিভিন্নতাৰ বাবে বিভিন্ন দেশৰ পোছাক বেলেগ বেলেগ হ’ব পাৰে । পোছাক হিচাবে কোনোবাই কুৰ্তা-পায়জামাও পিন্ধিব পাৰে বা নিপিন্ধিবও পাৰে । মহিলাৰ বাবে বোৰ্খা বা আবুৰ থকা চুৰিদাৰেই উত্তম পোছাক বুলিব পাৰি ।
পোছাক সন্দৰ্ভত কেইটামান হাদীছ
[১] এদিনাখন মই ৰছূলুল্লাহ ছঃ ৰ ওচৰলৈ গৈ দেখোঁ যে তেখেতে বগা ৰঙৰ পোছাক পৰিধান কৰি শুইছে ।–চহীহ বুখাৰী (বৰ্ণনা : আবু জাৰ ৰাঃ)
[২] ৰছূলুল্লাহ ছঃ এ সেইবোৰ পুৰুষ আৰু মহিলাৰ প্ৰতি অভিশাপ দিছে,যিসকলে পৰস্পৰে পৰস্পৰৰ সাদৃশ্য অনুকৰণ কৰে ।–চহীহ বুখাৰী,আবু দাউদ (বর্ণনা : ইবনে আব্বাছ ৰাঃ)
[৩] যি ব্যক্তিয়ে অহংকাৰ কৰি তেওঁৰ পায়জামা দীঘলকৈ পৰিধান কৰে,আল্লাহ্‌তাআলাই কিয়ামতৰ দিনাখন তেওঁৰ প্ৰতি দৃষ্টিপাত নকৰে ।–চহীহ বুখাৰী, মুছলিম (বর্ণনা : আবু হুৰাইৰাহ ৰাঃ)
[৪] যিয়ে দুনিয়াত ৰেচমী পোছাক পৰিধান কৰে,তেওঁ পৰকালত সেয়া পিন্ধিবলৈ নাপাব ।–চহীহ বুখাৰী,মুছলিম (বৰ্ণনা : উমৰ ৰাঃ)
[৫] যি ব্যক্তিয়ে ভৰিৰ সৰুগাঁঠিৰ তললৈ ইজাৰ(কাপোৰ)পৰিধান কৰিব,সি জাহান্নামলৈ যাব ।–চহীহ বুখাৰী,মুছলিম (বৰ্ণনা : আবু হুৰাইৰাহ ৰাঃ)
[৬] যি ইচ্ছা খোৱা,যি ইচ্ছা পৰিধান কৰা । কিন্তু অমিতব্যয়িতা আৰু অহংকাৰে যেন তোমাক পথভ্ৰষ্ট নকৰে ।–চহীহ বুখাৰী (বৰ্ণনা : ইবনে আব্বাছ ৰাঃ )
[৭] মোৰ ডাঙৰ ভনী আছমা ৰছূলুল্লাহ ছঃ ৰ ওচৰলৈ গ’ল । তেওঁৰ দেহত পাতল কাপোৰ আছিল । ৰছূলুল্লাহ ছঃ এ তেওঁক ক’লে–কোনো বালিকা যেতিয়া সাবালিকা হয়,তেতিয়া তেওঁৰ হাত আৰু মুখ ব্যতীত আন অংগ-প্ৰত্যংগ অন্যৰ দৃষ্টিগোচৰ হোৱা উচিত নহয় ।–চহীহ বুখাৰী, মুছলিম (বৰ্ণনা : আয়িশ্বা ৰাঃ)
    এতিয়া প্ৰশ্ন হ’ল–পুৰুষে কোট-টাই,পেন্ট-চাৰ্ট আদি পৰিধান কৰিব পাৰে নে নোৱাৰে ? উক্ত সংক্ষিপ্ত আলোচনাৰ জৰিয়তে আমি গম পাওঁ যে পুৰুষে উক্ত পোছাক পিন্ধিব নোৱাৰাৰ কোনো কাৰণ নাই । এইবোৰ ইহুদি-খৃষ্টানৰ পোছাক বুলি কোৱাটো অজ্ঞতাৰ পৰিচায়ক । শ্বৰীয়তৰ খিলাফ নোহোৱাকৈ পিন্ধা সকলো ধৰণৰ পোছাকেই ইছলামত জায়িজ বা অনুমোদিত । ■

Leave a comment