যৌতুক প্ৰথা এক সামাজিক ব্যাধি।
যৌতুক কি?
যৌতুক (ইংৰাজীত Dowry) হ’ল কইনাৰ বিবাহত পিতৃ-মাতৃৰ সম্পত্তিৰ হস্তান্তৰ প্ৰক্ৰিয়া। ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হ’ল দৰা-কইনা যুক্ত হোৱাৰ সময়ত অৰ্থাৎ বিবাহৰ সময়ত কইনাৰ বাবে যিবোৰ মূল্যৱান সামগ্ৰী দিয়া হয়, সেয়া যৌতুক।
যৌতুক প্ৰথা এক সামাজিক ব্যাধি। অতীজৰে পৰা সমগ্ৰ ভাৰতবৰ্ষজুৰি বিভিন্ন জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ মাজত এই কু-প্ৰথাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে। বিবাহ সূত্ৰে কন্যা সন্তানৰ সৈতে যৌতুক হিচাপে নগদ ধন, সম্পত্তি, পিন্ধন-উৰণ সামগ্ৰীৰ লগতে পৰম্পৰাগত কিছুমান উপহাৰ বাধ্যতামূলকভাৱে দিয়াটো যেনিবা তথাকথিত সমাজৰ ধৰা-বন্ধা নিয়ম। যদি বিচৰা ধৰণে যৌতুক দিব নোৱাৰে, তেন্তে কন্যা সন্তানগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন, বলপূর্বকভাৱে শোষণ কৰা পৰিলক্ষিত হয়; যাৰ পৰিপ্ৰেক্ষিতত এই ভাৰতবৰ্ষ, অসম প্ৰদেশ তথা সমাজখনত নিতৌ নাৰীক কেন্দ্ৰ কৰি হত্যা, হিংসা, অত্যাচাৰ বা অনাকাংক্ষিত মৃত্যুৰ কিৰীলি বাজি উঠে। একাংশই অত্যাচাৰ সহ্য কৰিব নোৱাৰি শেষত আত্মহননৰ দৰে চূড়ান্ত পন্থা অৱলম্বন কৰিবলৈ বাধ্য হয়।
যৌতুকৰ বাবে হত্যাঃ
দৰিদ্ৰ পৰিয়ালৰ ছোৱালী এগৰাকীয়ে লগত যৌতুক নিব নোৱাৰাৰ বাবেই প্ৰায়ে শহুৰেকৰ ঘৰত বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হয়, যিটো সাম্প্রতিক সময়ত বেছিকৈ দৃষ্টিগোচৰ হয়। যৌতুক দিব নোৱাৰাৰ বাবে হত্যাৰ দৰে অপৰাধো সংঘটিত নোহোৱা নহয়।
Read more : নিকাহৰ খোৎবা অসমীয়া অনুবাদ
ইছলামত যৌতুকৰ স্থান নাই:
ইছলামে কল্যাণময় জীৱন ব্যৱস্থাৰ সু-ব্যৱস্থা আৰু বিধি-বিধান প্রদান কৰিছে। মানৱ সমাজক সত্য, সুন্দৰ তথা কল্যাণৰ পথত চলিবলৈ উদ্বুদ্ধ কৰে ইছলামে। মানৱতাৰ অৱমাননা হোৱা এনেকুৱা কোনো বস্তুৰ অস্তিত্ব নাই ইছলামত। বিয়াৰ ক্ষেত্রতো ইছলামী শ্বৰীয়তত কিছুমান বিষয় নির্ধাৰণ কৰি দিছে, যি নাৰী-পুৰুষ নির্বিশেষে সকলো মানুহৰ বাবে কল্যাণকৰ।
যৌতুক হাৰাম অথবা নিষিদ্ধ কিয়?
যৌতুক অন্যায়ভাৱে অানৰ সম্পদ ভক্ষণৰ নামান্তৰ। ছুৰাহ ‘বাক্বাৰাহ’ৰ ১৮৮ নম্বৰ আয়াতত আল্লাহ তা’লাই কৈছে,
“তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা।”
আকৌ প্রচলিত আইন মতেও যৌতুক দণ্ডনীয় অপৰাধ। ইছলামৰ বিধান হ’ল, বিয়াৰ ক্ষেত্রত স্বামীয়ে নিজৰ পত্নীক দেনমোহৰ প্রদান কৰা। পত্নীৰ পক্ষৰ পৰা ধন-সম্পত্তি একো লোৱাৰ বিধান দিয়া নাই। সেয়ে যৌতুক ইছলামত নিষিদ্ধ।
যৌতুক হাৰাম অথবা নিষিদ্ধ কিয়?
যৌতুক অন্যায়ভাৱে অানৰ সম্পদ ভক্ষণৰ নামান্তৰ। ছুৰাহ ‘বাক্বাৰাহ’ৰ ১৮৮ নম্বৰ আয়াতত আল্লাহ তা’লাই কৈছে,
“তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা।”
আকৌ প্রচলিত আইন মতেও যৌতুক দণ্ডনীয় অপৰাধ। ইছলামৰ বিধান হ’ল, বিয়াৰ ক্ষেত্রত স্বামীয়ে নিজৰ পত্নীক দেনমোহৰ প্রদান কৰা। পত্নীৰ পক্ষৰ পৰা ধন-সম্পত্তি একো লোৱাৰ বিধান দিয়া নাই। সেয়ে যৌতুক ইছলামত নিষিদ্ধ।
মহৰ কি?
আৰবী মহৰ শব্দটোৰ প্ৰচলিত নাম মাহৰ, মুহৰ, দেৰমূহৰ, মূহৰাহা ইত্যাদি। ইয়াৰ আভিধানিক অর্থ বহুতো আছে যদিও ইছলামী শ্বৰীয়তৰ পৰিভাষাত — বিয়াৰ সময়ত দৰাৰ পক্ষৰ পৰা কইনাক যি অর্থ বা সম্পদ দিয়া হয়, তাকে মহৰ বোলে।
মহৰৰ পৰিমাণ নির্ধাৰণঃ
মহৰৰ পৰিমাণ নিৰ্ধাৰণ কৰাটো কইনাৰ অধিকাৰ। মহৰৰ পৰিমাণ ইমান কম হোৱা উচিত নহয়, যাতে নাৰীৰ সন্মান তথা অধিকাৰ অক্ষুণ্ণ নাথাকে। আকৌ ইমান বেছিও হোৱা বাঞ্ছিত নহয়, যি পুৰুষৰ ওপৰত জুলুম হয়।
মহৰৰ ধনৰ মালিকানাঃ
মহৰৰ ধন একান্তই পত্নীৰ। এই ধন তেওঁ যিকোনো কামত খৰচ কৰিব পাৰিব। মুঠতে পত্নীয়েই হৈছে মহৰৰ ধনৰ পূর্ণ অধিকাৰী। এই ধনত স্বামী অথবা অন্য কাৰো অধিকাৰ নাথাকে।
দেনমোহৰ, যৌতুক আৰু আমাৰ সমাজৰ বাস্তৱতাঃ
ইছলামে নাৰীক বিশেষ মর্যাদাৰ আসন দিছে। যৌতুক প্রথাক কৰিছে নিষিদ্ধ আৰু মোহৰ প্রদানক কৰিছে বাধ্যতামূলক। ক্বুৰআনৰ ছুৰাহ ‘নিছা’ৰ ৪ নম্বৰ আয়াতত আল্লাহ তা’লাই কৈছে,
“তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টিৰে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পাছত সিহঁতে যদি সন্তুষ্ট চিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে, তেন্তে তোমালোকে সেয়া আনন্দেৰে, তৃপ্তি সহকাৰে ভোগ কৰা।
“তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টিৰে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পাছত সিহঁতে যদি সন্তুষ্ট চিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে, তেন্তে তোমালোকে সেয়া আনন্দেৰে, তৃপ্তি সহকাৰে ভোগ কৰা।
ইছলামত নাৰীক দিছে পৈতৃক সম্পত্তিত অধিকাৰ:
ছুৰাহ ‘নিছা’ত ছোৱালীহঁতক সম্পত্তিৰ অংশ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ছোৱালী এগৰাকীয়ে পিতৃ-ভ্ৰাতৃৰ পৰা সম্পত্তি দাবী নকৰিলেও ছোৱালীক সম্পত্তিৰ অংশ দিয়াটো বাধ্যতামূলক। কিন্তু সেই সম্পতিৰ অংশৰ কাৰণে যদি স্বামীয়ে পত্নীক অত্যাচাৰ কৰে অথবা পত্নীৰ পৈতৃক সম্পত্তি অন্যায়ভাৱে নিজৰ অধিকাৰত লৈ লয়, তেতিয়া হ’লে সেই পত্নীৰ পৈতৃক সম্পত্তিৰ অংশ হৈ পৰিব স্বামীৰ বাবে হাৰাম অথবা যৌতুক লোৱাৰ অন্য এক উপায়।
ক্বুৰআনত স্পষ্ট নির্দেশনা থকা সত্ত্বেও দুর্ভাগ্যবশত মোহৰৰ সলনি যৌতুক প্ৰথাকহে কিছুমান নিম্ন মানসিকতাৰ লোকে আঁকোৱালি লৈছে। এইটো নিঃসন্দেহে কন্যাৰ পৰিয়ালৰ ওপৰত এটি মাৰাত্মক জুলুম। ইছলামত নাৰীৰ উচ্চ সন্মান তথা মৰ্যাদা থকা সত্ত্বেও এদল নিম্ন শ্ৰেণীৰ লোকে নাৰীক কেৱল অত্যাচাৰৰ বলি বনাই ৰাখিছে। যি দেউতাই শৰীৰৰ ঘাম মাটিত পেলাই নিজৰ ছোৱালীক প্রতিপালন কৰিছে, সেই ছোৱালীজনীৰ বিয়াৰ সময়ত তেওঁৰ মূৰত যেতিয়া যৌতুকৰ নিচিনা মহা অভিশাপ চপাই দিয়া হয়, তেতিয়া তেওঁৰ মানসিক অৱস্থা কি হ’ব পাৰে, সেইটো চিন্তা কৰা উচিত। লগতে এইটোও চিন্তা কৰা উচিত যে এই পৃথিৱীত মানুহক অত্যাচাৰ কৰি লুটি খাই কোনে কেইদিন জীয়াই থাকিব পাৰিব? এইটো সদায় মনত ৰাখিব লাগে যে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব, আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব |