যেতিয়া জাম‘আত (মুছলিমসকল সংঘবদ্ধ) নাথাকিব তেতিয়া কি কৰিব লাগিব

চহীহ বুখাৰী  (তাওহীদ), অধ্যায়ঃ ৯২/ ফিতনা , হাদিছ নম্বৰ :  ৭০৮৪

৯২/১১. যেতিয়া  জাম‘আত (মুছলিমসকল  সংঘবদ্ধ) নাথাকিব তেতিয়া কি কৰিব লাগিব ।

 হুযাইফাহ ইবনু ইয়ামান (ৰা:) ৰ পৰা  বর্ণিত। তেওঁ ক’লে , লোকসকলে  ৰাছুলূল্লাহ্ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম-ক কল্যাণেৰ বিষয়াবলী সুধিছিল । কিন্তু মই তেওঁক   অকল্যাণৰ  বিষয় সম্পর্কে সুধিছিলো  এই ভয়ত  যে, অকল্যাণে মোক পাই নাযায়। মই সুধিছিলো , হে আল্লাহৰ  ৰাছুল ! আমালোক  তো জাহিলীয়্যাত আৰু  অকল্যাণৰ মাজত আছিলো । ইয়াৰ পিছত  আল্লাহ্ তা‘আলাই আমালোকক  এই  কল্যাণৰ মাজত লৈ আহিল । এই কল্যাণৰ পিছত  আকৌ  কি অকল্যাণ আহিব নে ? তেওঁ ক’লে , হয় । কিন্তু তাৰ মাজত কিছুমান  ধূম্রজাল ( অস্পষ্টতা )  থাকিব । মই  প্রশ্ন কৰিলোঁ , তাৰ  ধূম্রজাল কিৰূপ? তেওঁ ক’লে :  এক জামা‘আত মোৰ  তৰীকা এৰি  অন্য পথ ধৰিব । সিহঁতৰ পৰা   ভাল কামও দেখিবা আৰু বেয়া কামও দেখিবা  । মই সুধিলোঁ , সেই  কল্যাণৰ পিছত কি আকৌ  অকল্যাণ আহিব ? তেওঁ ক’লে,  হয়। জাহান্নামৰ পিনে  আহ্বানকাৰী এক সম্প্রদায় হব। যি ব্যক্তি সিহঁতৰ  আহ্বানত সহাৰি দিব   , তাক সিহঁতে  জাহান্নামত  নিক্ষেপ কৰি এৰিব । মই ক’লো , হে আল্লাহৰ ৰাছুল  ! সিহঁতৰ  কিছু স্বভাবৰ  কথা আমালোকক  বর্ণনা কৰা । তেওঁ ক’লে  সিহঁত আমাৰেই লোক আৰু আমালোকৰ  ভাষাতেই  কথা কব । মই ক’লো , যদি এনে  অবস্থাই মোক পায় , তেনেহলে কি কৰাৰ হুকুম দিবা? তেওঁ ক’লে :  মুছলিমসকলৰ  জামা‘আত ও ইমামক খামুচি ধৰি  থাকিবা । মই ক’লো ,  যদি তেতিয়া  মুসলিমসকলৰ  কোনো  (সংঘবদ্ধ) জামা‘আত ও ইমাম নাথাকে?  তেওঁ ক’লে : তেতিয়া  সকলো  দলমত ত্যাগ কৰি  সম্ভব হলে কোনো  গাছৰ শিপাক কামোৰি পৰি থাকিবা, যেতিয়ালৈকে সেই অৱস্থাত তোমাৰ মৃত্যু উপস্থিত নহয়। [৩৬০৬] (আধুনিক প্রকাশনী- ৬৫৯১, ইছলামিক ফাউন্ডেচন- ৬৬০৫)

হাদিছৰ  মানঃ চহীহ  (Sahih) http://www.hadithbd.com/share.php?hid=31907

Leave a comment