হজৰত আলী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত¸ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছ- “মই এনেকুৱা এটি সময় অহাৰ আশংকা কৰিছোঁ¸ যেতিয়া কেৱল-মাত্ৰ নামটোৰ বাহিৰে ইছলামৰ আন একোৱেই বাকী নাথাকিব আৰু কুৰআনৰ লিখিত ৰূপটোৰ বাহিৰে তাৰ বাস্তৱায়ন নাথাকিব। মছজিদসমূহ জাক-জমকেৰে ভৰপুৰ হ’লেও মানুহে হিদায়াতৰ পৰা বঞ্চিত হব। সেই সময়ৰ আলিমসকল হ’ব আকাশৰ তলত বিচৰণকাৰী সৰ্বনিকৃষ্ট জীৱ। সিহঁতৰ পৰাই বিভিন্ন ফিৎনা সম্প্ৰসাৰিত হ’ব আৰু সিহঁত নিজেও সেই ফিৎনাত সোমাই পৰিব”।
চুনানে বাইহাকী¸ হাদীছটি ছহীহ।