যুৱক, যৌনতা, যিনাঃ এটা শিক্ষণীয় ঘটনা

-যুৱক, যৌনতা, যিনাঃ এটা শিক্ষণীয় ঘটনা—
এদিন এক মজলিছত এজন যুৱক আহি নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক ক’লে,

‘ইয়া ৰাছূলুল্লাহ,মোক যিনা (বিবাহ বন্ধন অবিহনে অবৈধ পন্থাত যৌন তৃপ্তি লাভ কৰা) কৰাৰ অনুমতি দিয়ক।’ এই কথা শুনি উপস্থিত সকলোৱেই আচঁৰিত হৈ উঠিলে আৰু তাক তিৰস্কাৰ কৰিবলৈ ধৰিলে, কিন্তু নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক’লে,

(আদৰ সহকাৰে) মোৰ ওচৰত আঁহা, সি ওচৰত আহিল। ক’লে, বহাঁ, সি বহিলে। ইয়াৰ পিছত (তাৰ ঊৰুত হাত ৰাখি) ক’লে,
‘তুমি কি তোমাৰ মাৰ বাবে এইটো পছন্দ কৰিবা?’
সি ক’লে, নহয় ইয়া ৰাছূলুল্লাহ। আল্লাহে মোক আপোনাৰ প্রতি উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাৰ বাবে এইটো পছন্দ নকৰিব।’

নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে ক’লে, ‘তেতিয়াহ’লে তোমাৰ কণ্যাৰ বাবে?’
যুৱকজনে ক’লে, নহয়, ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ কণ্যাৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ’লে তোমাৰ ভগ্নিৰ বাবে?’
যুৱকজনে ক’লে, ‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ ভগ্নিৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, ‘তেতিয়াহ’লে তোমাৰ পেহীৰ বাবে?’
যুৱকজনে ক’লে,‘নহয় ইয়া ৰাছূলুল্লাহ! মই আপোনাৰ প্রতি উৎসর্গিত। কোনো মানুহেই তাৰ পেহীৰ বাবে এইটো পছন্দ নকৰিব।’

নবীজী (ছাঃ) য়ে সুধিলে, তেতিয়াহ’লে তোমাৰ মাহিৰ বাবে?’
যুৱকজনে ক’লে, নহয় কেতিয়াও নহয়। আল্লাহে মোক আপোনাৰ বাবে উৎসর্গিত কৰক। কোনো মানুহেই তাৰ মাহিৰ বাবে এইটো পছন্দ নকৰিব।’

ইয়াৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে তাৰ শৰীৰত হাত ৰাখিলে আৰু দুআ কৰিলে- ইয়া আল্লাহ তাৰ পাপ ক্ষমা কৰক, তাৰ অন্তৰ পৱিত্র কৰক আৰু তাৰ চৰিত্র ৰক্ষা কৰক। বর্ণনাকাৰীয়ে কয়, নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম-ৰ শিক্ষাৰ ফলাফল এই হ’ল যে, পৰবর্তী জীৱনে সি (ৰাস্তা দি গ’লে) কোনো দিশে চকু তুলিও চোৱা নাছিল।
– [মুছনাদে আহমদ ৫/২৫৬-২৫৭ ]

* এই হাদীছে শিক্ষা দিয়ে যে, এজন পুৰুষে যাৰ লগত যিনা কৰিব সি নিশ্চই অন্যএজনৰ মা, কণ্যা, ভগ্নি, পেহী নাইবা মাহি হ’ব… সেয়ে সি যেনেকৈ নিজৰ মা, কণ্যা, ভগ্নি, পেহী, মাহি ক সম্মানৰ চকুৰে দেখে তেনেকৈ যদি বেলেগৰ মা, কণ্যা, ভগ্নি, পেহী, মাহিকোও সম্মানৰ সৈতে দেখে তেতিয়াহ’লে সি এই অপৰাধ কৰিব নোৱাৰিব !

-চাওঁক কেনেকোৱা আছিল বিশ্ব মানৱতাৰ দূত নবী মুহাম্মাদ ছাল্লালাহু আলাইহি অয়াছাল্ললামৰ শিক্ষাদানৰ পদ্ধতি !
(( ছুবহানআল্লাহ…))

Leave a comment