বিয়াৰ পূর্বৰ প্রেম = যিনা,(অবৈধ, হাৰাম)।
বিয়াৰ পিছৰ প্রেম = ইবাদত,(বৈধ, হালাল)
ৰাছূলুল্লাহ ﷺ য়ে কৈছেঃ “কোনো বেগানা নাৰীৰ প্রতি দৃষ্টি দিয়া চকুৰ যিনা, অশ্লীল কথাবার্তা কোৱা জিভাৰ যিনা, অবৈধভাবে কাকো স্পর্শ কৰা হাতৰ যিনা, ব্যভিচাৰৰ উদ্দেশ্যে খোজকাঢ়ি যোৱা ভৰিৰ যিনা, বেয়া কথা শুনা কাণৰ যিনা আৰু যিনাৰ কল্পনা কৰা ও আকাংক্ষা কৰা মনৰ যিনা। ইয়াৰ পিছত লজ্জাস্থানে ইয়াক পূর্ণতা দিয়ে অথবা অসম্পূর্ণ ৰাখি দিয়ে”। [ছহীহ বুখাৰী, মিচকাত হা/৮৬, ছহীহ মুছলিম হা/২৬৫৭, ছুনান আবু দাউদ, ছুনান নাছাঈ]
যিনা হাৰাম ও অত্যন্ত বেয়া কৰ্ম। আল্লাহ তা‘আলাই যিনাক হাৰাম বুলি ঘোষণা কৰি কৈছে,
“আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ”। [ছূৰা বনী ইছৰাঈল ১৭:৩২]
ৰাছূলুল্লাহ ﷺ য়ে কৈছে, “আল্লাহৰ দৃষ্টিত শ্বিৰ্কৰ পিছত সকলোতকৈ ডাঙৰ গুনাহ হৈছে এনেকুৱা যে, কোনো জৰায়ুত এটোপাল বীর্য পেলোৱা, যিটো আল্লাহে তাৰ কাৰণে হালাল কৰা নাই”। [ছহীহ বুখাৰী]
ৰাছূলুল্লাহ ﷺ য়ে কৈছে, “যিনাকাৰীয়ে যেতিয়া যিনা কৰে, সি সেইটো ঈমানদাৰ অৱস্থাত নকৰে”। [ বুখাৰী ও মুছলিম]
#যিনাৰ_শাস্তি : যিবোৰ ডাঙৰ পাপ কৰিলে দুনিয়াতেই কঠোৰ শাস্তি নির্ধাৰণ কৰা হৈছে যিনা তাৰ মাজত অন্যতম।
দুনিয়াত দুটা ডাঙৰ পাপৰ প্রতিক্রয়া খুবেই নিন্দনীয়। যিনা তাৰ মাজৰ এটা।
যিনাকাৰীৰ বাস্তৱ বিচাৰ বা সামাজিক বিচাৰ যেনেকৈ অপমানজনক, তেনেকৈ সমাজত দুর্নাম বিয়পাই যোৱাও অপমানজনক।
সেয়েহে যিনাকাৰী ইহকালতো ক্ষতিগ্রস্ত, পৰকালতো ক্ষতিগ্রস্ত। এইটো এনেকুৱা এটা পাপ যাৰ মাধ্যম বহুত। যেনে: – চকু, হাত, ভৰি, কাণ, মুখ, অন্তৰ ও লজ্জাস্থান। এইবোৰৰ দ্বাৰা মানুহে যিনাৰ দৰে জঘন্য পাপ কৰি থাকে।
অাল্লাহ তা‘আলাই কৈছে, “তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ”। [ছূৰা বনী ইছৰাঈল ১৭:৩২]
“ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰীকৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; তেন্তে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে”। [ছূৰা নূৰ ২৪:২]
বর্তমানে একশ্রেণীৰ জ্ঞানহীন কিছু যুৱক-যুবতীয়ে লাজ-চৰম পাহৰি গৈ পৰকীয়া প্রেমত অাসক্ত হৈ যিনা কৰিছে ও মাক-বাপেকৰ অবাধ্য হৈছে।
যৌনাচাৰৰ দৰে বিষাক্ত ভাইৰাচ বিয়পি পৰিছে আমাৰ সমাজত।
এওঁলোক মুছলিম নামৰ কলঙ্ক। সতর্ক কৰিবলৈ গ’লে বিভিন্ন যুক্তি দেখুৱায়, বিভিন্ন অযুহাত দেখুৱাই (নিজে কৰা জঘন্যতম) পাপক অস্বীকাৰ কৰে।
অাল্লাহ তা‘আলাই যেন অামাৰ সকলোকে, সমাজত বিয়পি থকা অশ্লীল কাজ-কর্মৰ পৰা নিৰাপদে ৰাখে,
______অামীন।