মৃত্যু ও মৃত ব্যক্তি সম্পৰ্কে মাছায়েল

@@মৃত্যু ও মৃত ব্যক্তি সম্পৰ্কে মাছায়েল@@ প্ৰত্যেক ব্যক্তিয়ে মৃত্যুৰ সোৱাদ লবই লাগিব, মৃত্যুৰ পৰা কোনেও হাত সাৰি থাকিব নোৱাৰে । এই সম্পৰ্কে দুটা মান হাদীছ এনে ধৰণৰ :- ১) আল্লাহৰ লগত সাক্ষাত লাভৰ আশা ৰখা অপৰিহাৰ্য্য :- উবাদা ইবনে চামেত (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, যি ব্যক্তিয়ে আল্লাহৰ লগত সাক্ষাত লাভ কৰিব বিচাৰে, আল্লাহেও তেওঁক সাক্ষাত কৰিবলৈ ভাল পায় । আৰু যি ব্যক্তিয়ে আল্লাহৰ লগত সাক্ষাত কৰিবলৈ অপছন্দ কৰে, আল্লাহেও তেনে ব্যক্তিক সাক্ষাত কৰিবলৈ অপছন্দ কৰে (মুখতাছাৰু ছহীহ বুখাৰী-যবিদী, হাদীছ নং ২১১৮) । ২) মৃত্যুক ঘৃণা কৰা উচিত নহয় :- মাহমূদ ইবনে লাবিদ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, দুটা বস্তু মানুহে নিকৃষ্ট বুলি ভাবে – মৃত্যুক অপছন্দ কৰে অথচ মৃত্যু তেওঁৰ কাৰণে ফিতনাত লিপ্ত হোৱাতকৈ অধিক শ্ৰেয় । কম সম্পদ ভাল নাপায় অথচ কম সম্পদে মানুহৰ হিচাপ হ্ৰাস কৰে (আহমদ্, ছিলছিলায়ে ছহীহা, হাদীছ নং ৮১৩) । ৩) মৃত্যুৰ আশা কৰা ঠিক নহয় :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকৰ কোনেও মৃত্যুৰ আকাঙ্ক্ষা নকৰিবা । যদি তেওঁ ভাল হয়, ভাল কাম বেচিকৈ কৰিব আৰু বেয়া হলে হয়তো তৌবা কৰিব (মুখতাছাৰু ছহীহ বুখাৰী-যবিদী, হাদীছ নং ১৯৬০) । ৪) অত্যন্ত কষ্টৰ মাজত মৃত্যুৰ আশা কৰাৰ নিয়ম:- আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকৰ কোনেও বিপদ বা কষ্টত ভুগি থাকিলেও মৃত্যুৰ আকাঙ্ক্ষা কৰাৰ পৰা বিৰত থাকিবা । যদিহে কিবা কব লগা হয় তেন্তে কবা – হে আল্লাহ্, যদি মোৰ কাৰণে জীবন ভাল হয় তেন্তে মোক জীয়াই ৰাখক আৰু যদি মৃত্যু মংগল হয় তেন্তে মৃত্যু দিয়ক (মুখতাছাৰু ছহীহ বুখাৰী-যবিদী, হাদীছ নং ১৯৫৮) । ৫) ছাহাদতৰ মৃত্যুৰ কাৰণে আশা কৰা আৰু দোৱা কৰা চূন্নত :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, সেই সত্তাৰ শপত যাৰ হাতত মোৰ প্ৰাণ, মোৰ আশা হয় আল্লাহৰ পথত মোক শ্বহীদ কৰা হওক, পুনৰ জীবিত কৰি আকৌ আল্লাহৰ পথত শ্বহীদ কৰা হওক, পুনৰ জীবিত কৰি আকৌ আল্লাহৰ পথত শ্বহীদ কৰা হওক (বুখাৰী, কিতাবুল জিহাদ্) । ৬) মৃত্যুৰ কষ্ট অস্বাভাবিক :- আয়েছা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম মোৰ বুকুৰ মাজত মৃত্যু বৰণ কৰিছে । তেখেতৰ (ছাঃ) পিছত কাৰো বাবে কেতিয়াও মৃত্যুৰ কষ্টক বেয়া ভবা নাই (বুখাৰী, মুখতাছাৰু ছহীহ বুখাৰী-যবিদী, হাদীছ নং ১৭০৬) । ৭) মৃত্যুক বেচিকৈ স্মৰণ কৰা উচিত :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল্, তোমালোকে সোৱাদ ধ্বংসকাৰী বস্তু মৃত্যুক বেচিকৈ স্মৰণ কৰা (তিৰমিযী, নাছাই, ইবনু মাজাহ, ছহীহ চুনান তিৰমিযী, ৩য় হাদীছ নং ১৮৭৭) । ৮) মৃত্যুৰ সম্ভাব্য ব্যক্তিৰ কাষত “লা ইলাহা ইল্লাহ্” পঢ়া চূন্নত :- আবু চাইদ ও আবু হুৰাইৰা দ্বাৰা বৰ্ণিত্, তেওঁলোকে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকে মৃত্যুৰ নিকটবৰ্ত্তী ব্যক্তিক কলিমা পাঠ কৰোৱা (মুখতাছাৰু ছহীহ মুচলিম্-আলবানী, হাদীছ নং ৪৫৩) । ৯) মৃত্যুৰ সময়ত আল্লাহৰ ওচৰত ক্ষমাৰ আশা কৰা প্ৰয়োজন :- জাবেৰ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক মৃত্যুৰ তিনি দিন পূৰ্বে এই কথা কোৱা শুনিছে, মৃত্যুৰ সময়ত মানুহে আল্লাহৰ প্ৰতি উত্তম ধাৰণা পোষণ কৰিব লাগে (মুছলিম, মুখতাছাৰু ছহীহ মুছলিম্-আলবানী, হাদীছ নং ৪৫৫) । ১০) মৃত্যুৰ সময়ত কলিমা পঢ়িব পৰটো নাজাতৰ কাৰণ্, প্ৰত্যেক মুছলিমে উত্তম মৃত্যুৰ বাবে দোৱা কৰা অপৰিহাৰ্য্য :- মুআয ইবনে জাবাল (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল্, যি ব্যক্তিৰ অন্তিম কথা হব “লা ইলাহা ইল্লাল্লাহ” তেওঁ জান্নাতত প্ৰবেশ কৰিব (ছহীহ চুনান আবু দাউদ, ২য় খণ্ড্,হাদীছ নং ২৬৭৩) । ১১) মৃত্যুৰ সময়ত কপালত ঘাম ওলোৱা ঈমানৰ নিদৰ্শন :- বুৰাইদা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, মৃত্যুৰ সময়ত মুমিনৰ কপালত ঘাম দেখা যায় (তিৰমিযী, ইবনে মাজাহ্, ছহীহ চুনান নাছাই, ২য় খণ্ড হাদীছ নং ১৭২৪) । ১২) জুম্মাৰ ৰাতি বা দিনত মৃত্যু বৰণ কৰিলে কবৰৰ ফিতনাৰ পৰা মুক্তি পোৱাৰ কাৰণ:- আব্দুল্লাহ ইবনে আমৰ (ৰাঃ) য়ে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল, যি মুছলিম ব্যক্তি জুম্মাৰ দিনত বা জুম্মাৰ ৰাতি মৃত্যু বৰণ কৰিব্, আল্লাহ তাআ’লাই তেওঁক কবৰৰ ফিতনাৰ পৰা পৰিত্ৰাণ দিব (আহমদ তিৰমিযী, ছহীহ চুনান তিৰমিযী, ১ম খণ্ড্, হাদীছ ১০৭৪) ১৩) ছাহাদতৰ মৃত্যুত ঋণৰ বাদে সকলো গুনাহ মাফ হয় :- আব্দুল্লাহ ইবনে আমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল্, শ্বহীদৰ সকলো গুনাহ মাফ কৰি দিয়া হয় কিন্তু ঋৰ্ণ মাফ কৰা নহয় (মুখতাছাৰু ছহীহ মুছলিম্-আলবানী, হাদীছ নং ১০৮৪) । ১৪) হঠাত মৃত্যু মুমিনৰ কাৰণে ৰহমত আৰু কাফিৰৰ কাৰণে শাস্তি :- উবায়দুল্লাহ ইবনে খালিদ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, হঠাত মৃত্যু আল্লাহৰ ক্ৰোধৰ পাকৰাও (ছহীহ চুনান আবু দাউদ্, ২য় খণ্ড্, হাদীছ নং ২৬৬৭) । বায়হাকী ছুআবুল ঈমান গ্ৰন্থত হাদীছটি এনেদৰে উল্লেখ আছে – হঠাতমৃত্যু কাফিৰৰ কাৰণে আল্লাহৰ ক্ৰোধৰ পাকৰাও আৰু ঈমান দাৰৰ কাৰণে ৰহমতৰ কাৰণ হৈ থাকে (মিছকাতুল মাছাবীহ্, কিতাবুল জানায়িয্) । ১৫) অপমৃত্যুৰ পৰা বাচি থকাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰা উচিত :- আবুল য়াচাৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দোৱা কৰাৰ সময়ত কৈছিল্, হে আল্লাহ ! বাৰ্দ্ধক্যত মৃত্যু, ওখ স্থানৰ পৰা পৰি মৃত্যু বৰণ কৰাৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো, কোনো বস্তু ভাঙি পৰি মৃত্যু হোৱা, দুঃখ ও শোকৰ কাৰণে মৃত্যু হোৱা, জুইত জ্বলি মৃত্যু হোৱা আৰু পানীত ডুবি মৃত্যু হোৱাৰ পৰা তোমাৰ আশ্ৰয় কামনা কৰিছো, মৃত্যুৰ সময়ত চয়তানৰ আক্ৰমণৰ পৰাও তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো, তোমাৰ ৰাস্তাত সংগ্ৰাম কৰাৰ সময়ত পিছলৈ ঘূৰি যোৱা সময়ৰ মৃত্যুৰ পৰাও তোমাৰ আশ্ৰয় কামনা কৰিছো, বিষাক্ত প্ৰাণীৰ দংশনৰ কাৰণে হোৱা মৃত্যুৰ পৰাও তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো (ছহীহ চুনান নাছাই, ২য় খণ্ড্,হাদীছ নং ৫১০৫) ।

Leave a comment