মৃতকৰ কাফ্ফাৰা

☞☞ মৃতকৰ কাফ্ফাৰা☜☜
আমাৰ সমাজত কোনো চালাত আদায়কাৰী লোকৰ ইন্তেকাল হলে, উক্ত ব্যক্তি গৰাকী মৃত্যুশৰ্য্যাত থকা অৱস্থাত ক্বাজা হোৱা চালাতৰ প্ৰতি ৱক্তৰ এক নিদিষ্ট পৰিমাণৰ টকা কাফ্ফাৰা হিচাবে ধাৰ্য্য কৰি সৰ্ব্বমোঠ ক্বাজা চালাতৰ বিনিময়ত এক বৃহৎ পৰিমাণৰ ধন বহুতো আলীমে আদায় লোৱা আমি দেখিবলৈ পাইছো । ইছলামীয় শ্বৰীয়তত এনে দৰে মৃতকৰ ক্বাজা চালাতৰ বিনিময়ত কোনো ধৰণৰ কাফ্ফাৰা আদায় দিয়াৰ হুকুম নাই । “কণা হাঁহক পতান দিয়া”ৰ দৰে আমাৰ অঞ্জতাৰ সুযোগ লৈ এচাম ধূৰন্ধৰ আলীমে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে দ্বীনত এনেধৰণৰ নতুন নিয়মৰ প্ৰচলন ঘটাইছে !! দ্বীনত এনে প্ৰত্যেকটো নতুন সৃষ্টিক প্ৰত্যাখান কৰাটো প্ৰতি গৰাকী মুছলমানৰ নৈতিক দায়িত্ব । আল্লাহে কৈছে – ” وَأَنْ ليْسَ لِلْإِنْسَانَِاٌََ إِلاٌَماَ سَعَى ” , অৰ্থাৎ মানুহে সেইখিনিহে পাব যাৰ বাবে তেওঁ চেষ্টা কৰে ( চুৰা নাজম , ৫৩/৩৯ )।
অৱশ্যে মৃতকৰ ৰোজা থাকি গলে উত্তৰাধিকাৰীয়ে সেই ৰোজা ৰাখিব পাৰে ( আবু দাউদ হাঃ ৩৩০০ , মিশকাত হাঃ/২০৩৩)। অন্যথা প্ৰতিটো ৰোজাৰ বিনিময়ত এজন মিচকিন খোৱাব লাগে বা ৬২৫ গ্ৰাম ( এক মুদ ) চাউল বা খাদ্য বস্তু মিচকিনক দিব লাগে ( বায়হ্বাকী ৪/২৫৪ )।
সেয়েহে মৃতকৰ চালাত বা চিয়ামৰ কাফ্ফাৰা আদায় দিবলৈ যাওঁতে শ্বৰীয়তে বান্ধি দিয়া নিয়মৰ প্ৰতি আমি সকলোৱে গুৰুত্ব দিয়া উচিত । আমাৰ উদাসীনতাই সমাজত মানৱ ৰচিত বিধান সমূহ সহজতে প্ৰচলিত হোৱাত নিশ্চয় প্ৰত্যক্ষ বা পৰোক্ষ ভাবে উদগনি যোগাব, যাৰ বাবে হয়তো আমি আল্লাহৰ ওচৰত জবাবদিহি হব লাগিব !!
আল্লাহে আমাক সকলোকে চহীহ ইছলাম বুজি আমল কৰাৰ তৌফিক দান কৰক । । । আমীন । । ।

— Muktabul Hussain

Leave a comment