صُوْمُوْا يَوْمَ عَاشُوْرَاءَ وَخَالِفُوْا فِيْهِ الْيَهُوْدَ صُوْمُوْا قَبْلَهُ يَوْماً أَوْ بَعْدَهُ يَوْماً-
‘তোমালোকে আশুৰাৰ দিনা ছিয়াম ৰাখা আৰু ইহূদীসকলৰ বিৰোধিতা কৰা। তোমালোকে আশুৰাৰ লগত তাৰ আগৰ এদিন বা পিছৰ এদিন ছিয়াম পালন কৰা’। (বায়হাক্বী ৪র্থ খন্ড, পৃঃ ২৮৭। এই ৰিৱায়তটো ‘মাৰফূ’ হিচাপে ছহীহ নহয়, কিন্তু ‘মওকূফ’ হিচাপে ‘ছহীহ’। দ্রঃ হাশিয়া ছহীহ ইবনু খুযায়মা হা/২০৯৫, ২/২৯০ পৃঃ। ৯ আৰু ১০ বা ১০ আৰু ১১ দুদিন ছিয়াম ৰখা উচিত। কিন্তু ৯ আৰু ১০ দুদিন ৰখাই সর্বোত্তম, কিছূমানে ১০ আৰু ১১ ৰ হাদীছটো যয়ীফ বুলি কৈছে)।
৬. অন্য হাদীছত কোৱা হৈছে; “যি ব্যক্তিয়ে আশুৰাৰ দিনা চকুত ইছমিদ ছূৰমা ব্যৱহাৰ কৰিব কেতিয়াওঁ তেওঁৰ চকু নানামে।” ওপৰৰ হাদীছটোৰ দৰেই এই হাদীছটোও একাধিক চনদেৰে বৰ্ণিত হৈছে। প্ৰত্যেক চনদতেই অত্যন্ত দূৰ্বল বা মিছলীয়া ৰাবী আছে। কোনো কোনো মুহাদ্দিছে একাধিক চনদৰ বাবে হাদীছটোক দূৰ্বল হিচাপে গণ্য কৰিলেওঁ অধিকাংশ মুহাদ্দিছেই হাদীছটোক জাল আৰু বানোৱাট হিচাপে গণ্য কৰিছে। তেখেতসকলে কৈছে, ইমাম হুছাইন ৰাঃৰ হত্যাকাৰীসকলে আশুৰাৰ দিনা ছূৰমা লোৱাৰ বিদাতটো চালু কৰিছে। এই কথাষাৰিও তেওঁলোকৰেই সৃষ্টি। কোনো দূৰ্বল ৰাবীযে ধ্যানশূন্যবশতঃ সেয়া বৰ্ণনা কৰিছে। (ইবনুল জাউযী, আল মাউদূৱাত, ২/১১৬; ছূয়ূতী, আল লাআলী ২/২১১; ছাখাবী, আল মাকাছিদ পৃঃ ৪০১; ইবনু আৰৰাক, তানযীহ ২/১৫৭; ইবনু ৰাজাব, লাতাইফ ১/৭৯; মোল্লা ক্বাৰী, আল আছৰাৰ, পৃঃ ২২২; মাছনূ, পৃঃ ১৪১; শাওকানী, আল ফাওৱাইদ ১/১৩১-১৩২; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ১০০-১০২)।
মুহাৰৰম মাহ বিষয়ক মিছা আৰু ভিত্তিহীন কথাবাৰ্তাঃ
যিবিলাক কথা মুহাদ্দিছীনসকলে একবাক্যে জাল বুলি বৰ্ণনা কৰিছে সেইবোৰ তিনি ভাগত ভাগ কৰিব পাৰিঃ
প্ৰথমতঃ মুহাৰৰম বা আশুৰাৰ ছিয়ামৰ ফযীলতৰ বিষয়ে জাল কথা,
দ্বিতীয়তঃ আশুৰাৰ দিনৰ বা ৰাতিৰ বাবে বা মুহাৰৰম মাহৰ বাবে বিশেষ চালাত আৰু তাৰ ফযীলতৰ বিষয়ে জাল কথা আৰু
তৃতীয়তঃ আশুৰাৰ দিনত অতীত আৰু ভৱিষ্যতে বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটাৰ বা ঘটিব বুলি জাল কথা।
১. মুহাৰৰম বো আশুৰাৰ ছিয়াম
আশুৰাৰ ছিয়াম পূৰ্ববৰ্তী এক বছৰৰ গোনাহৰ কাফফাৰা হব বুলি আমি ছহীহ হাদীছৰ পৰা জানিব পাৰিলো। জালিয়াতসকলে আৰু বহু কথা এই সম্পৰ্কে বনাইছে। প্ৰচলিত এটি পুস্তকৰ পৰা উদ্ধৃতি কৰিছোঃ
হাদীছত আছে-“যি ব্যক্তিয়ে মুহাৰৰমৰ মাহত ছিয়াম ৰাখিব আল্লাহ তাআলাই তেওঁক প্ৰত্যেক ছিয়ামৰ পৰিৱৰ্তে ৩০ দিন ছিয়াম ৰখাৰ সমান ছাওৱাব দিব।
আৰু হাদীছত আছে-যি ব্যক্তিয়ে আশুৰাৰ দিন এটি ৰোজা ৰাখিব তেওঁ দশ হাজাৰ ফিৰিস্তাৰ, দহ হাজাৰ শ্বহীদৰ আৰু দহ হাজাৰ হাজীৰ ছাওৱাব পাব।
আৰু হাদীছত আছে-যি ব্যক্তিয়ে আশুৰাৰ তাৰিখত স্নেহ-কাতৰ হৈ কোনো ইয়াতীমৰ মূৰত হাত বুলাব আল্লাহ তাআলাই সেই ইয়াতীমৰ মূৰৰ প্ৰতিডাল চুলিৰ পৰিৱৰ্তে তেওঁক জান্নাতৰ এটাকৈ ‘দৰজা’ (মৰ্য্যাদা) প্ৰদান কৰিব। আৰু যি ব্যক্তিয়ে উক্ত তাৰিখৰ সন্ধিয়া ৰোজাদাৰক খানা খোৱাব (আহাৰ কৰাব) বা ইফতাৰ কৰাব সেই ব্যক্তিয়ে সমগ্ৰ উম্মতে মুহাম্মদীক আহাৰ কৰোৱাৰ বা ইফতাৰ কৰোৱাৰ সমান ছাওৱাব পাব।
আৰু আছে- যি ব্যক্তিয়ে আশুৰাৰ তাৰিখত ছিয়াম ৰাখিব তেওঁ ৬০ বছৰ ছিয়াম-চালাত আদায় কৰাৰ সমান ছাওৱাব পাব। যি ব্যক্তিয়ে সেই তাৰিখত বেমাৰীৰ শুশ্ৰষা কৰিব তেওঁ সমূহ আদম সন্তানৰ বেমাৰ শুশ্ৰষা কৰাৰ সমান ছাওৱাব পাব। তেওঁৰ পৰিবাৰৰ ফাৰাগতি অৱস্থা হব। ৪০ বছৰৰ গুনাহৰ কাফফাৰা হৈ যাব। (মাওঃ গোলাম ৰহমান, মকছূদুল মো’মিনীন, পৃঃ ৪৩০-৪৩১; মুফতি হাবীব ছামদানী, বাৰ চান্দেৰ ফযীলত, পৃঃ ১৩; অধ্যাপিকা কামৰুন নিছা দুলাল, নেক কানুন, পৃঃ ২৯৮-৩০০)।
অনুৰূপ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত আন এটি মিছা কথা হলঃ যি ব্যক্তিয়ে মুহাৰৰম মাহৰ প্ৰথম ১০ দিন ৰোজা ৰাখিব; তেওঁ যেন ১০ হাজাৰ বছৰ ধৰি দিনত ৰোজা ৰাখিলে আৰু ৰাতি ইবাদতৰ বাবে জাগৰিত থাকিল।…….
মুহাৰৰম মাহত ইবাদতকাৰী ব্যক্তিয়ে যেন ক্বদৰৰ ৰাতিৰ ইবাদতৰ ফযীলত লাভ কৰিলে।…..তোমালোকে আল্লাহ তাআলাৰ পছন্দনীয় মাহ মুহাৰৰমৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবা। যি ব্যক্তিয়ে মুহাৰৰম মাহৰ সন্মান প্ৰদৰ্শন কৰিব আল্লাহ তাআলাই তেওঁক জান্নাতত সন্মানিত কৰিব আৰু জাহান্নামৰ আজাব বা শাস্তিৰ পৰা বচাই ৰাখিব……।
মুহাৰৰম মাহৰ ১০ তাৰিখে ৰোজা ৰখা আদম (আঃ) আৰু অন্যান্য নবীসকলৰ (আঃ) ওপৰত ফৰজ আছিল। এই দিনটোত ২০০০ নবীয়ে জন্মগ্ৰহণ কৰিছে আৰু ২০০০ নবীৰ দোৱা ক্ববুল কৰা হৈছে।……(মুফতি হাবীব ছামদানী, বাৰ চান্দেৰ ফযীলত, পৃঃ ১৩)। মুহাদ্দিছিন সকল একমত যে এই আটাইবোৰেই বনোৱা কথা আৰু জাল হাদীছ। (ইবনুল জাউযী, আল মাউদূৱাত, ২/১১২-১১৭; ছূয়ূতী, আল লাআলী ২/১০৮-১০৯; ইবনু আৰৰাক, তানযীহ ২/১৪৯-১৫১; মোল্লা ক্বাৰী, আল আছৰাৰ, পৃঃ ২৯৪; শাওকানী, আল ফাওৱাইদ ১/১২৯-১৩০; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ৯৪-৯৫)।
মুহাৰৰম মাহৰ চালাতঃ
মুহাৰৰম মাহৰ কোনো দিনত বা ৰাতি আৰু আশুৰাৰ দিনত বা ৰাতি কোনো বিশেষ চালাত আদায়ৰ কোনো প্ৰকাৰৰ নিৰ্দেশনা বা উত্সাহ কোনো হাদীছত বৰ্ণিত হোৱা নাই। এই বিষয়ত যিমান আছে সকলোবোৰেই বনোৱা কথা। আমাৰ দেশত প্ৰচলিত কোনো কোনো কিতাপত মুহাৰৰম মাহৰ ১ম তাৰিখে দুই ৰাকাত চালাত আদায় কৰি বিশেষ দোৱা পাঠৰ বিশেষ ফযীলতৰ বিৱৰণ দিয়া হৈছে। এই আটাইবোৰো বনোৱা কথা আৰু ভিত্তিহীন। (মুফতি হাবীব ছামদানী, বাৰ চান্দেৰ ফযীলত, পৃঃ ১১-১২; অধ্যাপিকা কামৰুন নিছা দুলাল, নেক কানুন, পৃঃ ২৯৮)।
আশুৰাৰ দিনত বা ৰাতি বিশেষ চালাতঃ
আশুৰাৰ ছিয়ামৰ উত্সাহ দিয়া হলেওঁ, হাদীছত আশুৰাৰ দিনত বা ৰাতি কোনো বিশেষ চালাত আদায় কৰাৰ কোনো বিধান দিয়া হোৱা নাই। কিন্তু জালিয়াতসকলে এই বিষয়ত বহু জাল কথাই গঢ়িছে। যেনেঃ
যি ব্যক্তিয়ে আশুৰাৰ দিনত জোহৰ আৰু আছৰৰ মধ্যৱৰ্তী সময়ত ……. অথবা আশুৰাৰ ৰাতি ইমান ৰাকাত চালাত অমূক অমূক ছূৰা ইমানবাৰ পাঠ কৰি আদায় কৰিব….. তেওঁ ইমান ইমান পুৰষ্কাৰ লাভ কৰিব ……। সৰলপ্ৰাণা মুছলিমসকলৰ মন জয় কৰাৰ বাবে জালিয়াতসকলে এনে মন গঢ়া কথাবোৰ গঢ়িছে যিবোৰে বহু সময়ত সৰলমনা আলিম আৰু বুযুৰ্গসকলকো ধোঁকা দিছে। (ইবনুল জাউযী, আল মাউদূৱাত, ২/৪৫-৪৬; ছূয়ূতী, আল লাআলী ২/৫৪; ইবনু আৰৰাক, তানযীহ ২/৮৯; শাওকানী, আল ফাওৱাইদ ১/৭৩; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ৯০, ১১০-১১১)।
✍✍.. Dr. Arfan Ali