মুহাম্মাদ (ছাঃ) য়েই একমাত্ৰ অনুসৰণীয় আৰু অনুকৰণীয় ইমাম

মুহাম্মাদ (ছাঃ) য়েই একমাত্ৰ অনুসৰণীয় আৰু অনুকৰণীয় ইমাম

উম্মাতে মুহাম্মাদীৰ কাৰণে পৃথিবীত একমাত্ৰ অনুসৰণীয় আৰু অনুকৰণীয় ইমাম হল বিশ্বনবী মুহাম্মাদ (ছাঃ) ৷ তাৰ প্ৰতিটো কথা আৰু কৰ্ম বিশ্ব মানৱতাৰ কাৰণে পথ প্ৰদৰ্শক৷ এই কাৰণে মহান আল্লাহ তা’আলা কৈছে,

সূৰা নিসাঃ আয়াত 59,
“٥٩:٤
يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
৪:৫৯
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।”

সূৰা আলে-ইমৰাণঃ আয়াত 31-32,
“٣١:٣
قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
৩:৩১
কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।

٣٢:٣
قُلْ أَطِيعُوا اللَّهَ وَالرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّ اللَّهَ لَا يُحِبُّ الْكَافِرِينَ
৩:৩২
কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।

সূৰা নূৰঃ আয়াত 54,
“٥٤:٢٤
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِنْ تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُمْ مَا حُمِّلْتُمْ ۖ وَإِنْ تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
২৪:৫৪
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।

সূৰা নিসাঃ আয়াত 64,
“٦٤:٤
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا لِيُطَاعَ بِإِذْنِ اللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذْ ظَلَمُوا أَنْفُسَهُمْ جَاءُوكَ فَاسْتَغْفَرُوا اللَّهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُولُ لَوَجَدُوا اللَّهَ تَوَّابًا رَحِيمًا
৪:৬৪
আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।

সূৰা নিসাঃ আয়াত 80,
“٨٠:٤
مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ ۖ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا
৪:৮০
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।”

সূৰা নিসাঃ আয়াত 13-14,
“١٣:٤
تِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ وَذَٰلِكَ الْفَوْزُ الْعَظِيمُ
৪:১৩
এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহাসাফল্য।”

١٤:٤
وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ وَيَتَعَدَّ حُدُودَهُ يُدْخِلْهُ نَارًا خَالِدًا فِيهَا وَلَهُ عَذَابٌ مُهِينٌ
৪:১৪
 যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

সূৰা নিসাঃ আয়াত 69
“٦٩:٤
وَمَنْ يُطِعِ اللَّهَ وَالرَّسُولَ فَأُولَٰئِكَ مَعَ الَّذِينَ أَنْعَمَ اللَّهُ عَلَيْهِمْ مِنَ النَّبِيِّينَ وَالصِّدِّيقِينَ وَالشُّهَدَاءِ وَالصَّالِحِينَ ۚ وَحَسُنَ أُولَٰئِكَ رَفِيقًا
৪:৬৯
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!”

সূৰা নূৰঃ আয়াত 56,
“٥٦:٢٤
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَأَطِيعُوا الرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
২৪:৫৬
আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।”

উপৰত উল্লেখ কৰা আয়াতৰ বাহিৰেও আৰু বহু আয়াতত মহান আল্লাহ বাৰে বাৰে এটা নিৰ্দেশ দিছে, সেইয়া হল তোমালোকে ৰাসূলুল্লাহ (ছাঃ) ৰ অনুগত্য কৰা ৷ তাৰ (ছাঃ) বাহিৰে আন কোনো ইমাম অথবা পীৰ মাশায়েখেৰ অনুগত্য কৰাৰ নিৰ্দেশ দিয়া হোৱা নাই৷  দিয়া হোৱা নাই ইমাম আবু হানিফা, শ্বাফেঈ, মালেক, আৰু আহম্মাদ বিন হাম্বল (ৰহঃ) ৰ অনুসৰণৰ নিৰ্দেশ ৷ যত আল্লাহ তা’আলা প্ৰচলিত চাৰ ইমামেৰ কাৰো অনুসৰণৰ নিৰ্দেশ দিয়া নাই, তাত একজন সচেতন মানুহ কিভাবে প্ৰচলিত চাৰি মাযহাবক ফৰজ বুলি কব পাৰে ৷ আল্লাহ সকলোকে হেদায়াত দান কৰক ৷ আমিন!

Leave a comment