মুনকাৰে হাদীছ ( আহলে কোৰআন) ৰ পর্যালোচনা

★আহলে কোৰআনৰ পর্যালোচনা★

#প্রশ্ন: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদিছ কিয় মানিম? কোৰআনত হাদিছ মানিবলৈ কোৱা হৈছে নেকি? আনহাতে ৰাছুলক যিহেতু আমি দেখা নাই সেয়েহে অন্ধ অনুসৰণ নকৰোঁ।

= আমি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদিছ এইকাৰণেই মানিম যে তেখেতৰ ইত্যেবা আৰু ইতআত অবিহনে জান্নাত লাভ কৰাটো সম্ভৱ নহয়।

‘যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব, তাৰ কাৰণে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’। [ছূৰা আল-জ্বিনঃ ৭২/২৩]

‘হে ঈমানদাৰসকল, তোমালোকে আল্লাহ ও তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে যেতিয়া তেওঁৰ কথা শুনা তেতিয়া তাৰ পৰা মুখ ঘূৰাই নলবা’। [ছূৰা আল-আনফালঃ ৮/২০]

কি জবাব দিব এই আয়াতসমূহৰ?? এতিয়া ৰাছুলক কেনেকৈ মানিব?? তেখেত তো আমাৰ মাজত জীৱিত নাই।

‘সেইদিনা জালিম ব্যক্তিয়ে নিজৰে দুই হাত কামুৰি কামুৰি কব, ‘হায়, মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন! হায়, মোৰ দূর্ভাগ্য, মই যদি অমুকক বন্ধুৰূপে গ্রহণ নকৰিলোহেঁতেন। নিশ্চয় সি মোক উপদেশ বাণীৰ পৰা বিভ্রান্ত কৰছিল, অথচ মোৰ ওচৰত সেয়া আহিছিল, আৰু চয়তান তো মানুহৰ বাবে মহাপ্ৰতাৰক’। [ছূৰা আল-ফুৰকানঃ ২৫/২৭-২৯]

কেনেদৰে ৰাছুলৰ পথ অৱলম্বন কৰিব???

‘হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা’। [ছুৰা মুহাম্মদঃ ৪৭/৩৩] %

কেনেকৈ আনুগত্য কৰিব??

আকৌ কবলৈ গৈ ভুল নকৰিব যে, এই আয়াতসমূহ কেৱল-মাত্র সেই যুগৰ কাৰণে প্রযোজ্য আছিল। যদি সেয়াই হ’লহেঁতেন, তেনেহ’লে তেখেত ৰহমাতুল্লিল আলামিন নহ’লহেঁতেন। ‘আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্রেৰণ কৰিছোঁ’। [ছুৰা আল-আম্বিয়াঃ ২১/১০৭]”

কোৱা, ‘যদি তোমালোকে আল্লাহক ভালপোৱা, তেনেহ’লে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰি দিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’। [ছুৰা আলে-ইমৰানঃ ৩/৩১]

ইয়াতে কেৱল আল্লাহক বা কোৰআনক অনুসৰণ কৰাৰ কথা কোৱা হৈছে নেকি???

এইবাৰ প্রশ্নৰ বাকী অংশলৈ আহিছোঁ; ভাল কথা, কোৰআনত প্ৰত্যক্ষভাৱে হাদিছ মানাৰ কথা কোৱা নহ’লেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰাৰ কথা কোৱা হৈছে। আনহাতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেদেখাকৈ যদি তেখেতৰ অনুসৰণ কৰিব পৰা নাযায়, তেনেহ’লে আল্লাহক নেদেখাকৈ কোৰআনক কিয় মানাৰ প্রতি জোৰ দিয়ে?? আমি আল্লাহক নেদেখাকৈয়ে আল্লাহৰ কথা মানো আৰু ৰাছুলক নেদেখাকৈও তেখেতৰ কথা মানো।

#প্রশ্ন: ইত্ত্যেবা কৰিবলৈ তো ব্যক্তি চর্ত?

=কিন্তু ইতআত কৰিবলৈ তো ব্যক্তি উপস্থিত থকাটো চর্ত নহয়। তেনেহ’লে কিয় আপোনালোক মুনকাৰিন হাদিছ???

#প্রশ্ন: কব পাৰে যে বহু হাদিছত কিছু অস্বাভাৱিক কথা আছে, যিবোৰ নবী হিচাবে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰিব নোৱাৰে, হওঁক সেইটো বুখাৰী বা মুছলিমৰ হাদিছ?

= কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তো নির্বাচিত ব্যক্তি। তেখেতে বহুত কিবাকিবি কৰিব পাৰে, যিবোৰ সাধাৰণ মানুহে কৰিব নোৱাৰে। সকলোৱেই নাছাত চাকৰি পাব এইটো তো নহয়। অজু অবিহনে ফজৰৰ চালাত আদায় কৰিব পাৰে, আনকি ফৰজ গোছল অবিহনে ফৰজ ৰোজাও (চিয়াম) ৰাখিব পাৰে, আকৌ ভুলবশতঃ ফৰজ গোছল অবিহনে ফজৰৰ চালাতত অংশগ্রহণ কৰিবও পাৰে। এইটো পাহৰি গ’লে নহ’ব যে, এই ভুলবোৰ যদি আল্লাহে নকৰালেহেঁতেন, তেনেহ’লে সেই সম্পৰ্কে বিধান ৰচিত নহ’লহঁতেন। নবী ৰাছুলসকল পাপমুক্ত, সেইক্ষেত্রত তেখেতসকলৰ ভুলক বাহানা কৰি কোৱা বা সেইবোৰ হাদিছ দেখুৱাই অন্য হাদিছক অস্বীকাৰ কৰাৰ কোনো সুযোগ নাই। এইটো মুর্খতাৰেই নামান্তৰ। আনহাতে সেইবোৰ হাদিছৰ দ্বাৰা সাধাৰণ মানুহৰ কাৰণে সেইবোৰ আমল কৰাটো জায়েয বুলি বুজায় নেকি??

এইবাৰ আমাৰ পক্ষৰ পৰা আপোনালোকৰ প্রতি কিছু প্রশ্ন-

#প্রশ্ন ১ : ‘হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা, ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা’। [ছুৰা মুহাম্মদঃ ৪৭/৩৩]

এই আয়াতত আল্লাহ আৰু আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আনুগত্য কৰাৰ কথা কোৱা হৈছে; কেনেকৈ কৰিব??? আল্লাহকো দেখা নাই আৰু ৰাছুলকো দেখা নাই। আল্লাহৰ আনুগত্য যদি কোৰআনৰ আনুগত্য হয়, তেন্তে ৰাছুলৰ ক্ষেত্রত এইটো প্রযোজ্য নহয় কিয়???

#প্রশ্ন ২ : যদি ছুৰা বাক্বাৰাৰ ৮৫ নং আয়াতৰ (তেন্তে তোমালোকে কিতাবৰ কিছু অংশ বিশ্বাস কৰা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি?) ওপৰত বিশ্বাস কৰে, তেন্তে ছুৰা আহযাবৰ ৫৬ নং আয়াতৰ (নিশ্চয় আল্লাহে নবীৰ প্ৰশংসা কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে নবীৰ বাবে দোৱা আৰু ইস্তিগফাৰ কৰে। হে মুমিনসকল! তোমালোকেও নবীৰ প্ৰতি দৰূদ পাঠ কৰা আৰু তেওঁক যথাযথভাৱে ছালাম জনোৱা) ওপৰত আমল কেনেদৰে কৰিব?? কি দোৱা কৰিব??? কেনেকৈ ছালাম প্রেৰণ কৰিব??? আপনালোকে তো হাদিছ নামানে??? তেনেহ’লে আপনালোকে সম্পুর্ণ কোৰআন মানিছেনে??

#প্রশ্ন ৩ : ছুৰা আহযাবৰ ৫৬ নং আয়াতত আৰবী চালাত শব্দটি আহিছে, তেনেহ’লে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত চালাত আদায় কৰে নেকি?

#প্রশ্ন ৪ : ‘আৰু আমি যিকোনো ৰাছুল প্রেৰণ কৰিছোঁ সেয়া কেৱল এইবাবে যে, যাতে আল্লাহৰ নির্দেশানুযায়ী তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে, তেতিয়া সিহঁতে তোমাৰ ওচৰলৈ আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে, সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব’। [ছুৰা আন-নিছাঃ ৪/৬৪]

ইয়াত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ষমা কৰাৰ প্ৰয়োজন কি? য’ত আল্লাহৰ মাফ কৰি দিয়াৰ ক্ষমতা আছে????

#প্রশ্ন ৫ : হাদিছে কুদছি সম্পর্কে কি কব?? ইয়াত তো প্ৰত্যক্ষভাৱে আল্লাহৰ কথা আছে, যিবোৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদিছৰ দ্বাৰা প্রকাশিত।

বিঃ দ্রঃ ৩নং প্রশ্নটিৰ উত্তৰ কেৱল আহলে কোৰআনসকলেই দিব। কাৰণ সিহঁতে তো কোৰআন ৰিচাৰ্চ কৰিয়েই হাদিছক অস্বীকাৰ কৰে। তেওঁলোকৰ দৌৰৰ স্পীড কিমান এবাৰ চাই লওঁ।

এইবোৰ, মানুহৰ কাৰণে স্পষ্ট বর্ণনা আৰু মুত্ত্বাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ। [ছুৰা আলে-ইমৰানঃ ৩/১৩৮]

কোৰআন পৰিপূর্ণ কিতাব হয়নে? যদি হয়, তেনেহ’লে ইয়াক পৰিপূর্ণ কৰিবলৈ আকৌ হাদীছৰ দৰকাৰ কিয়?

প্রশ্নটো এনেকুৱা ধৰণৰ যে, ভাত খাব ইয়াতে পানী খোৱাৰ প্ৰয়োজন কি? অথবা পঢ়া-শুনা কৰিব ইয়াতে বহী-কলমৰ প্ৰয়োজন কি? অনুগ্ৰহ কৰি নাহাঁহিব। এইবোৰ হ’ল হাবলামি মার্কা জবাব।

এইবাৰ মূল কথালৈ আহোঁ,

‘এই কিতাবত আমি একো এৰি দিয়া নাই’। [ছুৰা আল-আন‘আম ৬/৩৮]

‘স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে, সেয়া কেৱল তেৱেঁই জানে, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা আর্দ্র বা শুকান এনে কোনো দ্রব্য নাই; যিটো স্পষ্ট কিতাবত নাই’। [ছুৰা আল-আন‘আম ৬/৫৯]

‘আকাশসমূহ আৰু পৃথিৱীৰ অনু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহৎ একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই’। [ছুৰা ইউনুছ ১০/৬১]

‘আমি তোমাৰ প্রতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্রত্যেক বিষয়ৰ সুস্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ কাৰণে সুসংবাদস্বৰূপে’। [ছুৰা আন-নাহল ১৬/৮৯]

‘নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু অধিকাংশ লোকে অস্বীকাৰ নকৰাকৈ নাথাকে’। [ছুৰা বনি-ইছৰাইল ১৭/৮৯]

‘আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত নাই’। [ছুৰা আন-নমল ২৭/৭৫]

ইয়াৰোপৰিও আৰু বহু আয়াতৰ মাজত আল্লাহে কৈছে যে, আমি কিতাবত সকলোবোৰেই লিপিবদ্ধ কৰি দিছোঁ। তাৰ মানে কোৰআন পৰিপূর্ণ। আমি ১০০% একমত যে, কোৰআন পৰিপূর্ণ। কিন্তু আৰু এখন কিতাব আছে যিখন লাওহে মাহফুজত, আল্লাহ পাকে কৈছে- ‘আল্লাহে যি ইচ্ছা কৰে সেয়া মচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব (মূলগ্রন্থ)’। [ছুৰা আৰ-ৰা’দ ১৩/৩৯] আকৌ কৈছে ‘প্ৰকৃততে এইখন সন্মানিত কোৰআন, সুৰক্ষিত ফলকত (লওহে মাহফুযত) লিপিবদ্ধ’। [ছুৰা আল-বুৰূজ ৮৫/২১,২২]

তেনেহ’লে আল্লাহ পাকে দুনিয়াৰ কোৰআনৰ মাজত বহুত কিবা গোপন কৰিছে নেকি, যিবোৰ মূল কিতাবত সুস্পষ্টকৈ আছে? আল্লাহে ভালদৰে জানে। আমাৰ চিন্তাই ইয়াতকৈ আৰু বেছিদূৰ ঢুকি নাপায়।

কিন্তু ইয়াতে চিন্তা কৰাৰ সুযোগ আছে, কাৰণ ‘এনে কোনো গোপন বিষয় নাই যিটো সুস্পষ্ট কিতাবত নাই’। এইখন কোৰআনত সকলো গোপন বিষয় লেখা হৈছে নেকি??? যেনে- মানুহৰ জন্ম কেতিয়া হ’ব? বা মৃত্যু কেতিয়া হ’ব? বা কোন মানুহৰ কি নাম হ’ব বা কিয়ামত কেতিয়া হ’ব? দুনিয়াৰ আকাৰ গোলাকাৰ? গ্রহবোৰৰ কাম কি? বা তকদিৰ? এইবোৰ কোনোটোৰেই উত্তৰ কোৰআনত দিয়া হোৱা নাই। এইটোও দিয়া হোৱা নাই যে, দুনিয়াত কিমানজন মানুহ জন্মিব বা কিমানজন কিয়ামত পর্যন্ত জীৱিত থাকিব। তেনেহ’লে আমাৰ কোৰআনত সকলোবোৰৰ বৰ্ণনা কৰা হোৱা নাই নেকি??? 

এইবাৰ উত্তৰ বিচৰাৰ চেষ্টা কৰোঁ,

হয়, কোৰআনত সকলো বিষয়ে কোৱা হৈছে, কিন্তু কিছু বস্তু সম্পূর্ণভাৱে বর্ণনা কৰা হৈছে আৰু কিছু বস্তু সংক্ষিপ্তভাৱে বর্ণনা কৰা হৈছে। যেনে- মানুহ সৃষ্টিৰ ৰহস্য আল্লাহ পাকে সম্পূর্ণভাৱে বর্ণনা কৰিছে। আকৌ মিৰাজৰ ঘটনা এটি মাত্র আয়াতৰ মাধ্যমত বর্ণনা কৰিছে। যিটো খুবেই সংক্ষিপ্ত আকাৰ, মূলতঃ এইটোকে ইঙ্গিত বোলা হয়। তেনেহ’লে এই সংক্ষিপ্ত আয়াতসমূহৰ দ্বাৰা এইটো প্রমাণ কৰিব পৰা যায় নেকি যে, কোৰআন অসম্পূর্ণ?? আচলতে সেইটো নহয়, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ হাদিছৰ দ্বাৰা সেয়া প্রকাশ কৰি দিছে। বহু বিষয় আছে যিবোৰ কেৱল ইঙ্গিত দিয়া হৈছে। যেনে-

১. দাড়ি ৰখাৰ ক্ষেত্ৰত কেৱল-মাত্র ইঙ্গিত দিয়া হৈছে (২০/৯৪) আৰু হাদিছত ইয়াৰ বিষয় বিস্তৃত ব্যাখ্যা দিয়া হৈছে। (বুখাৰী হাদিছ নং ৫৪৭৩)

২. কোৰআনত কোৱা হৈছে, ‘সূর্যই গমন কৰে তাৰ নির্দিষ্ট গন্তব্যৰ ফালে। এইটো মহাপৰাক্রমশালী, সর্বজ্ঞ, আল্লাহৰ নিয়ন্ত্রণ’। [ছুৰা ইয়া-ছীন ৩৬/৩৮]

আহলে কোৰআনসকলৰ ওচৰত আমাৰ প্রশ্ন- ইয়াতে সূর্য ক’লৈ যায়?? হাদিছ অবিহনে জবাব দিব পাৰিবনে??

হাদিছটি চাওঁক, মুহাম্মদ ইবনু ইউছুফ (ৰহঃ)……………আবূ যাৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেখেতে কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সূর্য অস্ত যোৱাৰ সময়ত আবূ যাৰ ৰাদ্বিয়াল্লাহু আনহুক ক’লে, তুমি জানানে, সূর্য ক’লৈ যায়? মই ক’লো, আল্লাহ আৰু তেওঁৰ ৰাছুলেই ভালদৰে জানে। তেখেতে ক’লে, সেইটো গৈ গৈ আৰশ্বৰ তললৈ গৈ ছিজদাত পৰি যায়। ইয়াৰ পিছত সি পুনৰাই উদিত হোৱাৰ অনুমতি বিচাৰে আৰু তাক অনুমতি দিয়া হয়। আৰু অচিৰেই এনে সময় আহিব যে, ছিজদা কৰিব, কিন্তু সেয়া কবূল কৰা নহ’ব আকৌ সি অনুমতি বিচাৰিব, কিন্তু অনুমতি দিয়া নহ’ব। তাক কোৱা হ’ব যি পথেৰে আহিছা, সেই পথেৰেই উভতি যোৱা। তেতিয়া সি পশ্চিম ফালৰ পৰা উদিত হ’ব–এইটোৱেই মর্ম হ’ল আল্লাহ তা‘আলাৰ বাণীঃ ‘আৰু সূর্যই গমন কৰে তাৰ নির্দিষ্ট গন্ত্যব্যৰ ফালে, এইটো মহাপৰাক্রমশালী, সর্বজ্ঞ আল্লাহৰ নিয়ন্ত্রণ’। (৩৬/৩৮) এই হাদীছটো পোৱা যাব ছহীহ বুখাৰীৰ সৃষ্টিৰ সূচনা অধ্যায় (৪৯ নং) ৰ ২৯৭২ নং হাদীছত। এইটো ৩৬ নং ছুৰাৰ ৩৮ নং আয়াতৰ ব্যাখ্যা।

৩. কোৰআনত চালাতৰ বিষয়ে কোৱা হৈছে ৰুকূ আৰু ছিজদাৰ কথা, তেনেহ’লে আপুনি কেৱল ৰুকূ আৰু ছিজদাৰ মাধ্যমত চালাত আদায় কৰিব নেকি??? [২২/৭৭], [৩/৪৩] নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেদৰে চালাত আদায় কৰিছিল কোৰআনত নথকাৰ কাৰণে সেইটো পৰিত্যাজ্য নেকি??

৪. কোৰআনত প্ৰত্যক্ষভাৱে চালাতৰ ৫ ওৱাক্তৰ কথা নাই, যি আছে সেইটো তলৰ আয়াতসমূহৰ দ্বাৰা প্রমাণ পোৱা যায়।

“আৰু তুমি চালাত কায়েম কৰা, দিনৰ দুই প্রান্তভাগত (অর্থাৎ ফজৰ ও মাগৰিব) আৰু ৰাতিৰ প্ৰথমাংশত (অর্থাৎ ইশ্বা)।” (ছুৰা হূদ ১১/১১৪ )

-এই আয়াতত প্ৰত্যক্ষভাৱে চালাতৰ কথা কোৱা হৈছে-
“সূর্যোদয়ৰ আগত আৰু সূর্যাস্তৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্রশংস পবিত্রতা বর্ণনা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিৰ সময়তো তাছবীহ পাঠ কৰা আৰু দিনৰ প্রান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা” (ছুৰা তা-হা ২০/১৩০)

-এই আয়াতত প্রশংসাক চালাত হিচাপে ধৰি লোৱা হৈছে, কাৰণ চালাতৰ ভিতৰত হামদ আৰু ছানাহ থাকে।
“এতেকে তোমালোকে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তোমালোকে সন্ধিয়াত উপনীত হোৱা (মাগৰিব) আৰু যেতিয়া পুৱা সজাগ হোৱা (ফজৰ)। আবেলি আৰু যেতিয়া তোমালোকে দুপৰীয়াত উপনীত হোৱা। তেওঁৰ বাবেই সকলো প্রশংসা আকাশসমূহত আৰু পৃথিৱীত।” [ছুৰা আৰ-ৰূম ৩০/১৭-১৮]

এই আয়াতত তাছবীহ শব্দটো আহিছে। যিসকলে ফিকাহ পঢ়িছে তেওঁলোকে জানিব যে, চালাতৰ আভিধানিক আন এটি অর্থ হ’ল তাছবিহ।

“তোমালোকে চালাতৰ প্রতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱর্তী (আচৰ বা যোহৰ) চালাতৰ আৰু আল্লাহৰ বাবে বিনীতভাৱে থিয় হোৱা”। (ছুৰা আল-বাক্বাৰা ২/২৩৮)

এই আয়াতত মধ্যৱর্তী চালাত বোলোতে আচৰ বা যোহৰৰ কথা কোৱা হৈছে। কিন্তু হাদিছত ৫ ওৱাক্ত চালাত আৰু ইয়াৰ নিয়ম-কানুন সম্পর্কে বিশদভাৱে কোৱা হৈছে।

এই ক্ষেত্রত আহলে কোৰআনসকলে তেওঁলোকৰ জ্ঞানৰ স্বল্পতা আৰু আৰবীৰ প্রতি ধাৰণা নথকাৰ কাৰণে বা হাদিছ অস্বীকাৰ কৰাৰ কাৰণে চালাতৰ ওৱাক্ত নির্বাচন কৰে ৩ ওৱাক্ত যিবোৰ আয়াতত চালাতৰ কথা স্পষ্টকৈ কোৱা হৈছে। (ছুৰা হূদ ১১/১১৪)

৫. এই আয়াতত তায়াম্মুমৰ কথা কোৱা হৈছে “পবিত্র মাটিৰ দ্বাৰা তায়াম্মুম কৰা- এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মাছেহ কৰা”। [ছুৰা আন-নিছা ৪/৪৩]

ইয়াত তায়াম্মুম কৰাৰ সকলো চর্ত বৰ্ণিত হৈছেনে??? বা হাত বোলোতে কিমানখিনি বুজোৱা হৈছে সেয়া বর্ণনা কৰা হৈছেনে?? যদি নাই হোৱা তেনেহ’লে ক’ৰ পৰা ইয়াৰ সমাধান লব?? নিশ্চয় হাদিছৰ পৰা, চাই লওঁ ছহীহ মুছলিমৰ হাদিছে কি কয়;

 …..তেখেতে (ৰাছুলুল্লাহ ﷺ) ক’লে, “তোমাৰ কাৰণে হাতেৰে এনেকুৱা কৰাই যথেষ্ট আছিল”- এইবুলি কৈ তেখেতে তেখেতৰ দুই হাত এবাৰ মাটিত মাৰিলে। তাৰপিছত বাওঁহাতেৰে সোঁহাত মাছেহ কৰিলে আৰু উভয় হাতৰ কব্জিৰ উপৰিভাগ ও মুখমণ্ডল মাছেহ কৰিলে।… (ই: ফা: ৭০৩)

আৰু বহু বিষয় আছে যিসমূহত কোৰআনে ইঙ্গিত দিছে মাত্র। এতেকে ইয়াৰ পৰা প্রমাণিত হয় যে, কোৰআনত বহু বিষয়ে কোৱা হৈছে সংক্ষিপ্ত আকাৰত আৰু হাদিছত সেইবোৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টকৈ বর্ণনা কৰিছে। আকৌ বহু বিষয় বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে। তাত হাদিছৰ ব্যখ্যাৰ কোনো প্রয়োজন নাই। যেনে- অজু কৰাৰ পদ্ধতি কোৰআনত সুন্দৰভাৱে বর্ণনা কৰা হৈছে, কিন্তু কি কি কাৰণত অজু ভঙ্গ হয় তাক সুস্পষ্টভাৱে কোৱা নাই। আল্লাহ পাকে কোৰআন নাযিল কৰিছে সহজভাৱে আৰু কোৰআনে চিন্তা কৰাৰ প্রয়াস দিছে, বিষয়টো এনেকুৱা যে, গণিতৰ কিতাবত উদাহৰণ দিয়া আছে আৰু চিন্তা কৰাৰ কাৰণে প্রশ্নমালাও দিয়া হৈছে। আকৌ সেই প্রশ্নমালাৰ উত্তৰ দিয়া হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদিছৰ দ্বাৰা।

ইমানবোৰ কোৱাৰ পিছতো যিসকলৰ ভাৱ হয় যে, হাদিছ মানাৰ প্রয়োজন নাই, তেওঁলোকে অনুগ্ৰহ কৰি তলৰ প্রশ্নসমূহৰ উত্তৰ দি কথা আৰম্ভ কৰক।

আমাৰ বা মুছলিমসকলৰ পক্ষৰ পৰা তথাকথিত আহলে কোৰআনসকলৰ ওচৰত কিছু প্রশ্ন-

১. কোৱা, “তোমালোকে যদি আল্লাহক ভালপোৱা, তেনেহ’লে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল পৰম দয়ালু”। [ছুৰা আলে-ইমৰান ৩/৩১]

-কিয়?? ইয়াত ৰাছুলৰ অনুসৰণ কৰাৰ কথা কোৱা হৈছে??? ৰাছুলক (চাল্লাল্লাহু আলাইহি অছাল্লাম) অনুসৰণ কৰাৰ প্রয়োজন কি য’ত আল্লাহৰ কোৰআন আছে???

২. কোৱা, “তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰই লয়, তেনেহ’লে (জানি থোৱা) নিশ্চয় আল্লাহে কাফিৰসকলক পছন্দ নকৰে”। [ছুৰা আলে-ইমৰান ৩/৩২]

-ইয়াত কিয় আল্লাহে তেওঁৰ আৰু তেওঁৰ ৰাছুলৰ অনুগত্য প্রকাশ কৰিবলৈ ক’লে??? আল্লাহৰ কালাম তো তেওঁলোকৰ ওচৰত আছিল.. নহয়নে??

৩. ছুৰা আন-নিছাৰ ৫৯ নং আয়াতৰ বিষয়ে কি কব??? তেনে’হলে ছুৰা আন-নিছাৰ ৫৯ নং আয়াত আপোনালোকে নামানে???

৪. তাৰোপৰি আয়াতৰ শ্বানে নযুল আপুনি ক’ত পাব??? কিয়নো শ্বানে নযূল অবিহনে মানুহে আল্লাহৰ বিধান কেনেকৈ বুজিব??

“আৰু কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে, আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালে ওভোতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল”। [ছুৰা আন-নিছা ৪/১১৫]। আশা কৰোঁ হিদায়াত বিচাৰিলে আল্লাহ পাকে সকলোকে হিদায়াত দিব পাৰে।

কিছুদিন আগেয়ে এজন ব্যক্তিয়ে যিজন “ওৱার্ল্ড আল কোৰআন ৰিচার্চ চেন্টাৰ”ৰ বিশেষ পদত আছে, তেওঁৰ এটি নোট দেখিছিলোঁ, য’ত তেওঁ তেওঁৰ নিজৰ যুক্তিৰে কোৰআনৰ এটি বিধানক ভুল ব্যাখা কৰে যে, ছওম ১০ দিন। সেয়াও আকৌ হজ্জৰ মৌচুমত, সেয়া প্রমাণ কৰাৰ চেষ্টা কৰিছে আৰু দুখ প্রকাশ কৰিছে আমাৰ আৰু আমাৰ পূর্বৱৰ্তীসকলক লৈ যিসকলে ৰমজান মাহত ৩০ বা ২৯ দিন ছওম পালন কৰিছে। তেওঁৰ নোটটিৰ শিৰোনাম আছিল “ৰমজান মাহত ৩০ ৰোজা ৰাখি যিসকলে মৃত্যুবৰণ কৰিছে তেওঁলোকৰ অৱস্থা কি হ’ব”? আজি আমি তেওঁৰ বক্তব্যক কোৰআনৰ দ্বাৰা যাচাই কৰাৰ চেষ্টা কৰিম। কিয়নো আহলে কোৰআনসকলে ৰমজান মাহৰ ৩০ ৰোজা নাৰাখে, তেওঁলোকে ১০টা ৰোজা ৰাখে। যিটো কোৰআন বিৰোধী আৰু খ্রীষ্টানসকলৰ চক্রান্ত।

যিয়েই নহওঁক, তেওঁৰ কথাৰ সাৰাংশখিনি কওঁ, তেওঁ কৈছে ২/১৮৪ আয়াতৰ মাধ্যমত আমি জানিব পাৰিছোঁ যে, আল্লাহে ‘আইয়ামাম মা’দূদাতত’ ছিয়াম পালন কৰিবলৈ আদেশ দিছে। ২/১৯৬ আয়াতত আমি দেখিছোঁ হজ্জৰ ক্ষেত্রত তিনিদিনক ‘আইয়ামাম মা’দূদাত’ বোলা হৈছে। কিন্তু ২/১৮৫ আয়াতত ‘ইদ্দাতৰ কামালিয়াত’ তথা সংখ্যাৰ পূর্ণতাত উপস্থিত হোৱাৰ কথা কোৱা হৈছে। গতিকে ‘তিনিদিন’ হৈছে ‘আইয়ামাম মা’দূদাতৰ’ সর্বনিম্ন দিনসংখ্যা। কিন্তু ইয়াৰ সর্বোচ্চ দিনসংখ্যা হ’ব ‘পূর্ণতাপ্রাপ্তসংখ্যা’। ২/১৯৬ আয়াতত আমি দেখিছোঁ ‘দহ’কেই ‘পূর্ণতাপ্রাপ্তসংখ্যা’ বুলি উল্লেখ কৰা হৈছে। গতিকে ‘দহদিন’ হৈছে ‘আইয়ামাম মা’দূদাতৰ’ সর্বোচ্চ দিনসংখ্যা। অর্থাৎ ৰমজান মাহত ‘দহদিন’ বা দহটা ছিয়াম পালন কৰিব লাগিব।

অনুগ্ৰহ কৰি কোনেও নাহাঁহিব, তেওঁ তেওঁৰ যুক্তি ব্যাৱহাৰ কৰিছে, আহক চাই লওঁ ছিয়ামৰ সংখ্যা সম্পর্কে
কোৰআনে কি কয়-

২/১৮৩ : “হে ঈমানদাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে, যেনেকৈ তোমালোকৰ পূর্বৱর্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা”।

আহলে কোৰআনসকলৰ বহুতে যুক্তি দি কয় যে, ইয়াতে পূর্বৱৰ্তীসকলৰ কথাও কোৱা হৈছে। সেয়েহে তেওঁলোকে যেনেদৰে ছওম পালন কৰিছে, তেনেদৰে আমিও ছওম পালন কৰিব লাগিব। আমাৰ জবাব হ’ল ইয়াতে ছওম ফৰজ হোৱাৰ কথা কোৱা হৈছে, তাৰ মানে এইটো পূর্বৱৰ্তীসকলৰ ওপৰতো ফৰজ হৈছিল। ইয়াতে তেওঁলোকৰ মতে ছওম পালন কৰাৰ কথা কোৱা হোৱা নাই। কেৱল-মাত্র ফৰজ হোৱাৰ কথা কোৱা হৈছে। আনহাতে এই আয়াতৰ দ্বাৰাই উম্মতে মুহাম্মাদীৰ ওপৰত ছওম পালন কৰা ফৰজ কৰিছে মহান বিধান দাতা আল্লাহে।

২/১৮৪ : “নিৰ্দিষ্ট কিছুমান দিন। এতেকে তোমালোকৰ মাজত কোনোৱে  অসুস্থ হ’লে অথবা ভ্ৰমণত থাকিলে, আন দিনবোৰত এই সংখ্যা পূৰণ কৰি লব, আৰু যিসকলৰ বাবে ছিয়াম পালন কৰাটো অত্যন্ত কষ্টদায়ক হয়, সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিৱর্তে ফিদইয়া- এজন মিছকীনক খাদ্যদান কৰা। যদি কোনোৱে স্বেচ্ছাই সৎকাম কৰে, তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ, আৰু ছিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন”।

এই আয়াতৰ মাধ্যমত কিছুদিনক নিৰ্দিষ্ট কৰা হৈছে, কিন্তু কিমান দিন ছওম আদায় কৰিব লাগিব সেইটো কোৱা হোৱা নাই, আৰু যিসকলে ছওম পালন কৰিবলৈ অপাৰগ তেওঁলোকৰ ক্ষেত্ৰত বিধান বৰ্ণিত হৈছে। 

২/১৮৫ : “ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে, মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ সুষ্পষ্ট নিদৰ্শন আৰু সত্যাসত্যৰ মাজত পার্থক্যকাৰীৰূপে। এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব, সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোৱে অসুস্থ হৈ থাকিলে নাইবা মুছাফিৰ অৱস্থাত থাকিলে অন্য দিবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালেকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট কামনা নকৰে, যাতে তোমালোকে সংখ্যা পূৰণ কৰা আৰু তেওঁ তোমালোকক যি হিদায়ত দিছে তাৰ বাবে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা”।

এই আয়াতৰ প্রথমতে কোৰআন কোন মাহত অৱতীৰ্ণ কৰা হৈছে সেয়া বৰ্ণিত হৈছে। আৰু ছওমৰ নিৰ্দিষ্ট দিনৰ সংখ্যাও কোৱা হৈছে। যিসকল হাদিছ বিৰোধী তেওঁলোকে এই আয়াতটি মনোযোগ সহকাৰে পঢ়ক। ইয়াতে স্পষ্টকৈ কোৱা হৈছে, যি ব্যক্তিয়ে এই ৰমজান মাহ পাব সি এই মাহত ছিয়াম পালন কৰিব। তাৰ মানে হ’ল-
ৰমজানেই হ’ল ছিয়াম পালন কৰাৰ মাহ যাক ২/১৮৩ নং আয়াতৰ দ্বাৰা ফৰজ কৰা হৈছে আৰু ২/১৮৪ নং আয়াতৰ দ্বাৰা দিনসমূহ গণনা কৰিবলৈ কোৱা হৈছে। ভালকৈ লক্ষ্য কৰক, দিনসমূহ গণনা এই কাৰণে কৰা হৈছে, যাতে মাহক পূর্ণ কৰা হয়। কিয়নো ২/১৮৫ নং আয়াতৰ দ্বাৰা অসুস্থ আৰু মুছাফিৰৰ ফউত হোৱা ছওম যাতে পৰৱৰ্তী সময়ত পালন কৰা হয়। কিয়নো আল্লাহে কৈছে, “আৰু যিসকল অসুস্থ নাইবা মুছাফিৰ অৱস্থাত থাকিব সিহঁতে অন্য দিনত গণনা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে; তোমালোকৰ বাবে কষ্ট কামনা নকৰে, যাতে তোমালোকে গণনা পূৰণ কৰা”।

২/১৮৯ : সিহঁতে তোমাক নতুন চন্দ্ৰ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, “এইটো মানুহৰ আৰু হজ্বৰ বাবে সময় নিৰ্ধাৰক। আৰু পিছফালেৰে ঘৰত প্রৱেশ কৰাটো কোনো পুণ্যৰ কাম নহয়, বৰং পুণ্য হৈছে কাৰোবাৰ তাক্বৱা অৱলম্বন কৰা। এতেকে তোমালোকে ঘৰত প্রৱেশ কৰা (সন্মুখৰ) দুৱাৰেৰে আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা”।

এই আয়াতৰ দ্বাৰা আল্লাহে দিনগণনা কিহৰ মাধ্যমত কৰিব সেই বিষয়ে বৰ্ণনা কৰিছে, আমি জানোঁ ছওম, হজ্জ ইত্যাদি নতুন মাহৰ সৈতে সম্পর্কিত। সেয়ে আল্লাহে নতুন জোনৰ দ্বাৰা আয়াতটি বৰ্ণনা কৰিছে।

২/১৯৬ : “আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই পূৰ্ণ কৰা। এতেকে যদি তোমালোকে বাধাপ্ৰাপ্ত হোৱা, তেন্তে সহজলভ্য হাদ`য়ি প্ৰদান কৰা, আৰু হাদ`য়ি তাৰ নিৰ্দিষ্ট স্থানত গৈ নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোৱে যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয়, তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদইয়া দিব লাগিব। এতেকে যেতিয়া তোমালোক নিৰাপদ হ’বা, তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ`য়ি জবেহ কৰিব। কিন্তু যদি কোনোৱে এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই পূৰ্ণ দহ দিন তাৰ ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল তাৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ”।

এই আয়াতটি মনোযোগেৰে পঢ়ক। এই আয়াতৰ মাজতেই আহলে কোৰআনসকলে প্রমাণ কৰিব বিচাৰে যে, ছওম ১০ দিন। “আৰু তোমালোকে আল্লাহৰ উদ্দেশ্যে হজ্জ্ব ওমৰাহ পৰিপূর্ণভাৱে পালন কৰা। যদি তোমালোকে বাধাপ্রাপ্ত হোৱা, তেনেহ’লে কোৰবানীৰ কাৰণে যিটো সহজলভ্য, সেইটোৱেই তোমালোকৰ ওপৰত ধার্য। আৰু তোমালোকে তেতিয়ালৈকে মাথা মুণ্ডন নকৰিবা, যেতিয়ালৈকে কোৰবানী যথাস্থানত গৈ নাপায়”। ইয়াতে আল্লাহে হজ্জ ও ওমৰাহ পৰিপূর্ণভাৱে আদায় কৰিবলৈ কৈছে আৰু বাধাপ্রাপ্ত হ’লে কি কৰিব লাগিব সেইটোও কোৱা হৈছে।

ইয়াৰ পিছতেই কোৱা হৈছে, “যিসকল তোমালোকৰ মাজত অসুস্থ হৈ পৰিব নাইবা মূৰত যদি কোনো কষ্ট থাকে, তেনেহ’লে তাৰ পৰিৱর্তে ছিয়াম পালন কৰিব নাইবা খয়ৰাত দিব অথবা কোৰবানী কৰিব”। ইয়াতে যি ছিয়াম পালন কৰাৰ কথা কোৱা হৈছে, সেয়া কাফফাৰা হিচাবে, কিয়নো যিসকল অসুস্থ বা যিসকলে মূৰ মুণ্ডন কৰিব নোৱাৰে তেওঁলোকৰ কাৰণেহে এই ছিয়াম।

 ইয়াৰ পিছত আল্লাহে কৈছে, “এতেকে যিসকলে কোৰবানীৰ পশু নাপাব, সিহঁতে হজ্জ্বৰ দিনসমূহৰ মাজত ছওম পালন কৰিব তিনিটা আৰু সাতটা ছওম পালন কৰিব উভতি যোৱাৰ পিছত। এনেদৰে দহটা ছওম পূর্ণ হৈ যাব” ইয়াতেই আহলে কোৰআনসকলে উম্মতৰ মাজত ফিতনা সৃষ্টি কৰাৰ সুযোগ লৈছে। চাওঁক ইয়াতে আল্লাহ পাকে স্পষ্টকৈ কৈছে যে, যিসকলে কোৰবানী কৰিব নোৱাৰে, তেওঁলোকৰ কাফফাৰা হ’ল ১০টা ছওম, যাৰ মাজত ৩টা হজ্জৰ দিনসমূহত আৰু বাকী ৭টা হজ্জৰ পৰা ফাৰাগ হোৱাৰ পিছত। ইয়াতে কোনো সুযোগ নাই যে, এই দহটা ছওম ৰমজান মাহৰ যিটো ২/১৮৫ ৰ দ্বাৰা বুজোৱা হৈছে।

#কিছু_প্রশ্ন :

১. আমি বুজি নাপাওঁ আল্লাহে স্পষ্টকৈ কৈছে যে, “এতেকে তোমালোকৰ মাজত যিসকলে এই মাহটো পাব, সি এই মাহত ছওম ৰাখিব”। (২/১৮৫) তাত নির্দিষ্ট কৰা ১০টা ছওম ক’ৰ পৰা আহিল?

২. আৰু যদি এই ১০টা ছওম ৰমজান মাহৰ হয়, তেনেহ’লে সেয়া হজ্জৰ আয়াতত কব কিয়? (২/১৯৬)

৩. যদি এই ১০টা ছওম ৰমজান মাহৰ হয়, তেনেহ’লে হজ্জৰ সময়ত কোৰবানীৰ কাফফাৰা কি?? (২/১৯৬)

৪. ৰমজান মাহত ছওম ফৰজ নে জ্বিলহজ্জ মাহত ছওম ফৰজ?

৫. ছওমৰ নিৰ্দিষ্ট  সময় কি?? যিহেতু আপোনালোকে কব বিচাৰিছে ২/১৯৬ আয়াতৰ দ্বাৰা ১০টা ছওম ফৰজ, কিন্তু একেই আয়াততেই অসুস্থ আৰু মূৰ মুণ্ডন কৰিব নোৱাৰিলে ছওম পালন কৰাৰ কথা কোৱা হৈছে।

৬. তেনেহ’লে ২/১৯৬ আয়াতৰ দ্বাৰা কিমানটা ছওম ৰাখিব লাগিব??

৭. ২/১৯৭ আয়াতত হজ্জৰ নিৰ্দিষ্ট মাহৰ কথা কোৱা হৈছে, আৰু ২/১৮৫ আয়াতৰ দ্বাৰা ছওমৰ নিৰ্দিষ্ট মাহৰ কথা কোৱা হৈছে, তেনেহ’লে হজ্জৰ সময়ত যি ১০টা ছওম পালনৰ কথা কোৱা হৈছে, সেইটো পৰৱৰ্তী বছৰ ৰমজান মাহত পালন কৰিব নেকি??? কিয়নো হজ্জ আৰু ছওমৰ নিৰ্দিষ্ট মাহ আছে।

এটি আয়াত নিলিখাকৈ নোৱাৰিছোঁ, “বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰোঁ, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাৎ অসত্য নিচিহ্ন হৈ যায় আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা, তাৰ কাৰণে তোমালোকৰ বাবে আছে দুর্ভোগ”। [ছুৰা আল-আম্বিয়া ১৮]

যিসকলে বিৰোধিতা কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে, কিন্তু আমাৰ প্রশ্নৰ জবাব দি তাৰ পিছত বিৰোধিতা আৰম্ভ কৰিব বুলি আশা কৰিলোঁ, নহ’লে কমেন্ট ডিলিট কৰা হ’ব।

আল্লাহে আমাক কোৰআন বুজি আমল কৰাৰ তৌফিক দান কৰক আৰু আমি দ্বীনৰ কাৰণে কৰা সকলো ধৰণৰ প্ৰচেষ্টা কবুল কৰক।

Leave a comment