১৭ শ্ৰেণীৰ মানুহ মুছলিম হোৱা সত্বেও জান্নাতত যাব নোৱাৰে ।
১৭ শ্ৰেণীৰ মানুহ মুছলিম হোৱা সত্বেও জান্নাতত যাব নোৱাৰে | হাৰাম খাদ্য ভক্ষণকাৰী, আত্মীয়তাৰ সৈতে সম্পর্ক ছিন্নকাৰী, প্রতিৱেশীক কষ্ট দানকাৰী জান্নাতত নাযায়|
তলত উল্লেখিত গুনাহকাৰী সকল মুছলিম হৈও জান্নাত নাপাব-
(1) হাৰাম খাদ্য ভক্ষণকাৰী জান্নাতত নাযায়। (ছূনানে বায়হাকি : ৫৫২০)
.
(2) আত্মীয়তাৰ সৈতে সম্পর্ক ছিন্নকাৰী জান্নাতত নাযায়। (ছহীহ বুখাৰী : ৫৫২৫)
.
(3) প্রতিৱেশীক কষ্ট দানকাৰী জান্নাতত নাযায়। (ছহীহ মুছলিম : ৬৬)
.
(4) মাতা-পিতাৰ অবাধ্য সন্তান আৰু দাইয়ুছ নাৰী জান্নাতত নাযায় : ৰাছূলুল্লাহ (ছা.) কৈছে, ‘তিনি শ্রেনীৰ লোক জান্নাতত নাযায়—মাতা-পিতাৰ অবাধ্য, দাইয়ুছ (অর্থাৎ যি ব্যক্তি তাৰ স্ত্রী,ভনী প্রমুখ অধীনস্থ নাৰীক বেপর্দা হিচাপে চলন-ফুৰনত বাধা নিদিয়ে) আৰু পুৰুষৰ বেশ ধাৰণকাৰী মহিলা। ’ (মুছতাদৰাক হাকিম : ২২৬)
READ : যিসকল মুছলিমৰ বাবে জান্নাত হাৰাম
যিবিলাক কৰ্মই বা কামে জান্নাতৰ পথত বাধাৰ সৃষ্টি কৰে
(5) অশ্লীলভাষী আৰু উগ্র মেজাজী জান্নাতত নাযাব। (আবু দাউদ : ৪১৬৮)
.
(6) প্রতাৰণাকাৰী শাসক জান্নাতত নাযায়।
(ছহীহ বুখাৰী : ৬৬১৮)
.
(7) আনৰ সম্পদ আত্মসাৎকাৰী জান্নাতত নাযায়।
যদিও সেইটো পিপুল গছৰ এটা সৰু ডালেই হওঁক। (ছহিহ মুছলিম : ১৯৬)
.
(8) খোঁটাদানকাৰী, অবাধ্য সন্তান ও মদপানকাৰী জান্নাতত নাযায়। (ছূনানে নাছায়ী : ৫৫৭৭)
.
(9) চোগলিখোৰ জান্নাতত নাযাব। (ছহিহ মুছলিম : ১৫১)
.
(10) অন্য পিতাৰ সৈতে সম্বন্ধকাৰী জান্নাতত নাযাব। অর্থাৎ যিয়ে নিজকে অন্য পিতাৰ সন্তান বুলি পৰিচয় দিয়ে, তাৰ বাবে জান্নাত হাৰাম। (ছহিহ বুখাৰী : ৬২৬৯)
১৭ শ্ৰেণীৰ মানুহ মুছলিম হোৱা সত্বেও জান্নাতত যাব নোৱাৰে ।
.
(11) গর্ব-অহংকাৰকাৰী জান্নাতত নাযায়। যাৰ অন্তৰত অণু পৰিমাণো অহংকাৰ আছে, সি জান্নাতত প্রৱেশ কৰিব নোৱাৰিব (ছহিহ মুছলিম : ১৩১)
.
(12) ৰাছূলুল্লাহ (ছা.)-ৰ নাফৰমানকাৰী জান্নাতত নাযায়। ৰাছূলুল্লাহ (ছা.) কৈছে, যিয়ে মোৰ আনুগত্য কৰে, তেওঁ জান্নাতত যাব। আৰু যিয়ে মোৰ নাফৰমানি কৰিছে, সি (জান্নাতত যাবলৈ) অস্বীকাৰ কৰিছে। ’ (ছহিহ বুখাৰী : ৬৭৩৭)
.
(13) দুনিয়াবী উদ্দেশ্যত ইলিম অর্জনকাৰী জান্নাতত যাব নোৱাৰে। ৰাছূলুল্লাহ (ছা.)য়ে কৈছে: যি ইলিমৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অন্বেষণ কৰা হয় সেই ইলিম যি ব্যক্তিয়ে দুনিয়াবী কোনো স্বার্থ-সম্পদ হাছিলৰ উদ্দেশ্যে শিক্ষা গ্ৰহন কৰে, সি জান্নাতৰ সুগন্ধিও নাপাব। ’ (আবু দাউদ : ৩১৭৯)
.
(14) বিনা কাৰণত তালাক কামনাকাৰী নাৰী জান্নাতত নাযায়। (তিৰমিজী : ১১০৮)
.
(15) ক’লা কলপ ব্যৱহাৰকাৰী জান্নাতত নাযায়। ৰাছূলুল্লাহ (ছা.) কৈছে, ‘শেষ যুগত কিছু লোক পাৰ চৰাইৰ বুকুৰ দৰে ক’লা কলপ ব্যৱহাৰ কৰিব। তেওঁলোকে জান্নাতৰ গোন্ধও নাপাব। ’ (ছূনানে নাছাঈ- ৪৯৮৮)
.
(16) লৌকিকতা(লোকক দেখুওৱা) প্রদর্শনকাৰী জান্নাতত নাযায়। আবু হুৰাইৰা (ৰা.)ৰ পৰা বর্ণিত এক দীঘলীয়া হাদিছত ৰাছূলুল্লাহ (ছা.)য়ে কৈছে, ‘কিয়ামতৰ দিন সর্বপ্রথম এজন শ্বহীদক মাতা হ’ব। তাৰপিছত এজন ক্বাৰীক। তাৰপিছত এজন দানশীল ব্যক্তিক হাজিৰ কৰা হ’ব। প্রত্যেকক তাৰ কৃতকর্ম সম্পর্কে প্ৰশ্ন কৰা হ’ব। তাৰপিছত শ্বহীদক বীৰ-বাহাদুৰ উপাধি লাভৰ উদ্দেশ্যে জিহাদ কৰাৰ অপৰাধত, ক্বাৰী চাহাবক ডাঙৰ ক্বাৰীৰ উপাধি আৰু সুখ্যাতি লাভৰ কাৰণে কিৰ’আত শিকাৰ অপৰাধত আৰু দানশীলক ডাঙৰ দাতা উপাধি লাভৰ নিয়তে দান-ছাদকা কৰাৰ অপৰাধত ওলোটাকৈ জাহান্নামত নিক্ষেপ কৰা হ’ব। ’ (ছহিহ মুছলিম : ৩৫২৭)
READ : প্রশ্ন : স্বামীৰ কি কি অধিকাৰ পালন কৰিলে স্ত্রী জান্নাতত যাব পাৰিব?
.
(17) ওয়াৰিছ/অংশীদাৰক বঞ্চিতকাৰী জান্নাতত নাযায়। ৰাছূলুল্লাহ (ছা.)য়ে কৈছে, ‘যি ব্যক্তি কোনো ওয়াৰিছক তাৰ অংশৰ পৰা বঞ্চিত কৰিলে, আল্লাহ তা’আলা তাক জান্নাতৰ অংশৰ পৰা বঞ্চিত কৰিব। ’ (ছূনানে ইবনে মাজাহ : ২৬৯৪)
READ : https://islamqa.info/en/answers/135085/the-way-to-al-firdaws-al-ala
.
শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক✅
আল্লাহ তা’আলা সকলোকে হিদায়াত আৰু উত্তম বিনিময় দান কৰক! আমিন।