মুছলিম সকল কিয় দুখ-কষ্টত ? অথচ অানসকলোৱে উন্নত…..!!!

■ মুছলিম সকল কিয় দুখ-কষ্টত ? অথচ অানসকলোৱে উন্নত…..!!!!

👉👉 চাৰিওফালে এনেকুৱা বহুত মানুহ আছে যিসকলে প্রশ্ন কৰে আমি মুছলমানসকল ইমান দুখীয়া কিয় ? কাফিৰসকল তো বহুত ডাঙৰ মানুহ। তেওঁলোক সুখী। তেওঁলোক ঘৰ গাড়ী লৈ সুখ শান্তিৰে জীৱন কটাইছে। আৰু আমি আছো কষ্টত। আকৌ এনেকুৱা মুছলমান মানুহো আছে যিসকলক নামাজৰ কথা বা পাপকামৰ পৰা দূৰত থকাৰ কথা ক’লে সি কয়, ‘ মই যদি পাপী হলো হয় তেনেহলে আল্লাহ মোক ইমান বস্তু নিদিলে হয়। মোৰ চাকৰি আছে, ডাঙৰ ঘৰ আছে, গাড়ীও আছে। আৰু মই সুখী। মোৰ বেমাৰ-আজাৰো নহয়। আৰু তুমি ইমান নামাজ ৰোজা কৰি কি আছে তোমাৰ?

ইয়াৰ উত্তৰ কোৰআনত স্পষ্টভাৱে আছে –

■ “কোনোবাই আশু সূখ-সম্ভোগ কামনা কৰিলে আমি যাক ইচ্ছা ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ তাত, সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।আৰু যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰষ্কাৰযোগ্য।”(ছুৰাঃ আল-ইছৰাঃ ১৮-১৯)

■ “যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।”(ছুৰাঃ হুদঃ ১৫-১৬)

■ “হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন কেৱল অস্থায়ী ভোগৰ বস্তু। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস। কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুৰূপ শাস্তি প্ৰাপ্ত হ’ব। আৰু যি পুৰুষ অথবা নাৰী মুমিন হৈ সৎকৰ্ম কৰিব তেন্তে তেওঁলোকে প্ৰৱেশ কৰিব জান্নাতত, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা”।(ছুৰাঃ গাফিৰঃ ৩৯-৪০)

■ “এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!”(ছুৰাঃ আল-আনকাবুতঃ ৬৪)

■ “আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালীৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে? (ছুৰাঃ আল-আন’আমঃ ৩২)

■ “জানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰকুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত ও সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।”(ছুৰাঃ আল-হাদীদঃ ২০)

■ “আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছো, সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰাৰ বাবে। আৰু তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।”(ছুৰাঃ ত্বা-হাঃ ১৩১)

■ “আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে? যাক আমি উত্তম পুৰষ্কাৰৰ প্ৰতিশ্ৰুতি দিছো, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছো, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব উপস্থিতকৃত বিলাকৰ অন্তৰ্ভুক্ত?(ছুৰাঃআল-কাছাছঃ ৬০-৬১)

■ “আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে;কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।”(ছুৰাঃ আল-আন’আমঃ ৭০)

■ “হে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।”(ছুৰাঃ ফাতিৰঃ ৫)

■ “নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে। নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ’ব অগ্নি।”(ছুৰাঃ ইউনুছঃ ৬,৭.৮)

✍✍ তাহেৰা বেগম

Leave a comment