__________________
আজি এক গুৰুত্বপূৰ্ণ বিষযৰ় ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ।
বিষয়টো হল: মুছলিম উম্মাৰ ধৰ্মীয় গ্ৰন্থ কোনবোৰ।
প্ৰথমতে: পৃথিৱীৰ সকলো মুছলিম এই কথাত এক মত যে-
أصح الكتب بعد كتاب الله الجامع الصحيح لمحمد بن اسماعيل البخاري والصحيح لمسلم بن حجاج القشيري
ছহীহ বুখাৰী আৰু ছহীহ মুছলিম কুৰআনৰ পিছত আটাইতকৈ শুদ্ধ কিতাব।
এতিয়া প্ৰশ্ন হ’ল যে এক নম্বৰত কোনখন কিতাব¸ ছহীহ বুখাৰী নে ছহীহ মুছলিম?
মুহাদ্দেছীনসকলৰ ভিতৰত এক প্ৰবল মতবাদত দেখা যায়¸ কিছু সংখ্যকে ছহীহ মুছলিমক প্ৰথম স্থান দিছে। কাৰণ ছহীহ বুখাৰীতকৈ ছহীহ মুছলিমৰ তৰতীব অতি সুন্দৰ।
কিন্তু অৱশেষত এই মতবাদৰ সামৰণি ঘটে আৰু সকলোৱে ছহীহ বুখাৰীক প্ৰথম স্থান দিয়াত এটা মতত উপনীত হয়। কাৰণ এনেকুৱা এটা চৰ্তত ইমাম ৰুখাৰীয়ে অগ্ৰগতি লাভ কৰিছে যিটোত ইমাম মুছলিমে পৰা নাই। চৰ্তটো হ’ল ৰাৱী (বৰ্ণনাকাৰী) আৰু মৰৱী আনহুৰ (যাৰ পৰা বৰ্ণনা কৰা হয়) মাজত সাক্ষাৎ শুনিশ্চিত হ’ব লাগিব আৰু ইমাম মুছলিমৰ চৰ্ত হ’ল সাক্ষাতৰ সম্ভাৱনা থাকিলেই হ’ব। এই খিনিতে বুজা যায় যে ইমাম বুখাৰীৰ চৰ্ত ইমাম মুছলিমৰ চৰ্ততকৈ শক্তিশালী।
ইয়াতে এটা প্ৰশ্ন: হানাফি মযহাবৰ কিতাবসমুহ¸ যেনে: হেদায়া, শ্বৰহে ৱেকায়া আৰু কুদুৰী ইত্যাদিৰ কিবা ছনদ আছেনে?
দ্বিতীয়তে:- সকলো মুহাদ্দিছীনে এটা সিদ্ধান্তত উপনীত হৈছে যে ৰেফাৰেন্সৰ উপযুক্ত গ্ৰন্থ প্ৰথম পৰ্যায়ত ছহীহ বুখাৰী¸ দ্বিতীয় পৰ্যায়ত ছহীহ মুছলিম¸ তৃতীয় পৰ্যায়ত ছুনান আবু দাউদ, ছুনান তিৰমিযী, ছুনান নাছাঈ আৰু ছুনান ইবনে মাজাহ।
এই চাৰিখন কিতাব হাৱালা বা ৰেফাৰেন্স হিচাপে চৰ্ত সাপেক্ষে গ্ৰহণ কৰিব পৰা যাব। চৰ্ত হ’ল- হাদীছ বৰ্ণনা কৰাৰ পিছত ইমাম চাহাবৰ মন্তব্য দাঙি ধৰিব লাগিব। ইমাম চাহাবে হাদীছক ছহীহ বুলি কৈছে নে জঈফ বুলি কৈছে?
বন্ধুসকল চিন্তাৰ বিষয় এই যে¸ ছিহাহ ছিত্তাৰ যদি এই অৱস্থা হয়¸ তেনেহ’লে মযহাবী কিতাবসমুহৰ কি অৱস্থা হব? যাৰ কোনো ছনদেই নাই।
তৃতীয়তে:- ভাৰত উপ-মহাদেশৰ আহলে হাদীছ আৰু হানাফি মযহাবৰ সকলো মাদ্ৰাছাৰ পাঠ্যপুথি হিচাপে ওপৰত উল্লেখিত কুতুবে ছিত্তা নিৰ্ধাৰণ কৰা হৈছে। এই ছয়খন কিতাব পঢ়িলে ফাজিল বা মৌলানা ডিগ্ৰী লাভ কৰিব পাৰি। এইখিনি পঢ়ি বুজি ছনদ হাছিল কৰি সমাজত আহি ফিকাহৰ কথা কোৱা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছৰ আৰু বহু কষ্ট কৰি হাছিল কৰা ছনদৰ অৱমাননাৰ বাহিৰে আন কিবা হ’ব পাৰেনে? লগতে আৰু এটা কথা তেওঁলোকে কয় যে হাদীছ মানছুখ অৰ্থাৎ হাদীছ কেনচেল। সেইকাৰণে ফিকাহৰ কথাবিলাক কোৱা হয়। এতিয়া প্ৰশ্ন হ’ল মানছুখ হাদীছ পঢ়ি অৰ্জন কৰা ছনদ বৈধ আৰু হাদীছ হৈ গ’ল মানছুখ। আল্লাহে সকলোকে বুজাৰ তৌফিক দিয়ক। আমিন।
M. Rahman Madani.