💢 উত্তৰ : মুছলিম সকলৰ বাবে বিহু উদযাপন কৰা জায়েজ নহয় হাৰাম ।
☞ বিহু অসমীয়াৰ জাতীয় উৎসৱ মুছলিমসকলৰ নহয় ☜
☞আৰু মোৰ প্ৰথম পৰিচয় মুছলিম অসমীয়া নহয় ☜ (প্ৰথমে মুছলিম তাৰপিছত অসমীয়া )
আল্লাহে আমাক মুছলিম বুলি পৰিচয় দিবলৈ কৈছে । গতিকে মই এজন মুছলিম হিচাপে পৰিচয় দি গৰ্ববোধ কৰোঁ ।
☞ আমি সকলোৱে জানো যে বিহু হল এটা উৎসৱ৷
আনাছ ইবনে মালিক (ৰা.) ৰ পৰা বর্ণিত:
“ৰাছুলুল্লাহ (ছা.) যেতিয়া [মদীনাত়] আহিল, তেতিয়া সিহতৰ দুটা উৎসৱৰ দিন আছিল। তেখেত (ছা.) কৈছিল, ‘এই দুটা দিনৰ তাৎপর্য কি?’ সিহতে কৈছিল, ‘জাহিলিয়াতৰ যুগত আমি এই দুটা দিনত উৎসৱ পালন কৰিছিলো।’ তেতিয়া ৰাছূলুল্লাহ (ছা.) কৈছিল, ‘আল্লাহ তোমালোকৰ কাৰণে ইয়াৰ পৰিবর্তে উত্তম কিছু দিছে: ইয়াওমুল আদহা আৰু ইয়াওমুল ফিতৰ ।’ ”
(ছূনান আবু দাউদ)
“প্রত্যেক জাতিৰ নিজস্ব ঈদ আছে, আৰু এইটো আমাৰ ঈদ।” [বুখাৰী: ৯৫২; মুছলিম: ৮৯২]
বিহু পালন কৰা এটা বিজাতীয় অনুসৰণ মাত্ৰ। ৰাছলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ﻣَﻦْ ﺗَﺸَﺒَّﻪَ ﺑِﻘَﻮْﻡٍ ﻓَﻬُﻮَ ﻣِﻨْﻬُﻢْ ‘যি ব্যক্তিয়ে আন সম্প্ৰদায়ৰ সাদৃশ্যতা অৱলম্বন কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত হ’ব’’। (আবু দাউদ হা/৪০৩১; ছহীহুল জামে‘ হা/৬১৪৯; মিশকাত হা/৪৩৪৭।) গতিকে প্রত্যেকজন মুছলিমৰ কর্তব্য হ’ল তেওঁ ৰাছলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পথ অনুসৰণ কৰা আৰু পৱিত্ৰ কোৰআন আৰু ছহীহ হাদীছ মানি চলা৷
বিহু হ’ল এটা উৎসৱ ৷ উপৰোক্ত হাদিছৰ পৰা স্পষ্ট বুজা গ’ল, মুছলিমৰ বাবে ঈদুল আজহা আৰু ঈদুল ফিতৰ বাদে অন্য যিকোনো উৎসৱ পালন কৰা হাৰাম ৷
তাৰোপৰি বিহুত অশ্লীলতা বিদ্যমান । নাচ গান আৰু বাদ্যযন্ত্ৰ ইছলামত হাৰাম ।