মুছলিমসকলৰ বিপদকাল আৰু কৰণীয়

#ম্যানমাৰত জ্বলাই দিয়া হৈছে মুছলিম ৰোহিঙ্গাসকলৰ বসতি😭😭
#মুছলিমসকলৰ_বিপদকাল_আৰু_কৰণীয়:

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ভবিষ্যৎ বাণী এতিয়া সত্যত পৰিণত হৈছে, তেওঁ কৈছে,

يُوشِكُ الْأُمَمُ أَنْ تَدَاعَى عَلَيْكُمْ كَمَا تَدَاعَى الْأَكَلَةُ إِلَى قَصْعَتِهَا، فَقَالَ قَائِلٌ: وَمِنْ قِلَّةٍ نَحْنُ يَوْمَئِذٍ؟ قَالَ: بَلْ أَنْتُمْ يَوْمَئِذٍ كَثِيرٌ، وَلَكِنَّكُمْ غُثَاءٌ كَغُثَاءِ السَّيْلِ، وَلَيَنْزَعَنَّ اللَّهُ مِنْ صُدُورِ عَدُوِّكُمُ الْمَهَابَةَ مِنْكُمْ، وَلَيَقْذِفَنَّ اللَّهُ فِي قُلُوبِكُمُ الْوَهْنَ، فَقَالَ قَائِلٌ: يَا رَسُولَ اللَّهِ، وَمَا الْوَهْنُ؟ قَالَ: حُبُّ الدُّنْيَا، وَكَرَاهِيَةُ الْمَوْتِ

অচিৰেই বিজাতিসকলে তোমালোকৰ বিৰুদ্ধে তেনেদৰেই একত্রিত হ’ব; যেনেদৰে খাদ্য গ্রহণকাৰীসকলে খাদ্যৰ পাত্রৰ চাৰিওফালে একত্রিত হয়। এজন ব্যক্তিয়ে প্ৰশ্ন কৰিলে, সেইদিনা আমি সংখ্যাত কম থকা কাৰণে এনেকুৱা হ’ব নেকি? তেওঁ ক’লে, ‘বৰং তোমালোক সেইদিনা সংখ্যাত অধিক হ’বা; কিন্তু তোমালোক হ’বা সোঁতৰ আৱর্জনাৰ দৰে। আনহাতে নিশ্চয় আল্লাহ তা‘আলাই তোমালোকৰ শত্রু-হৃদয়ৰ পৰা তোমালোকৰ ভয় কাঢ়ি নিব আৰু তোমালোকৰ অন্তৰত ‘অহান’ ঢালি দিব।’ এজন প্রশ্নকাৰীয়ে প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছুল, ‘অহান’ কি? তেওঁ ক’লে, ‘দুনিয়াৰ ভালপোৱা আৰু মৃত্যুৰ ভয়’। (ছুনান আবূ দাউদ: ৪২৯৭; মুছনাদে আহমাদ ২২৩৯৭)

▓█►আমাৰ কৰণীয়:►►

১) সকলোৱে মুমিন হৈ যাব লাগিব!

☔আল্লাহে কৈছে,

“তোমালোক দুৰ্বল নহ’বা আৰু চিন্তিতও নহ’বা; তোমালোকেই বিজয়ী যদি তোমালোকে মুমিন হোৱা।” (ছুৰা আলে-ইমৰান: ১৩৯)

☔আল্লাহে ওৱাদা কৰিছে,

“…এইদৰে মুমিনসকলক উদ্ধাৰ কৰা আমাৰ দায়িত্ব।” (ছুৰা ইউনুছ: ১০৩)!

অর্থাৎ আল্লাহ মুমিনসকলৰ অভিভাৱক!

২) #ঐক্যবদ্ধ_থাকিব_লাগিব। 👫 👭
“মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।” (ছুৰা আল হুজুৰাত : ১০)

👭 👬 মুছলিম ঐক্যবদ্ধ হোৱা সম্পৰ্কে কুৰআনৰ আয়াতসমূহ চাওঁক!!!
ছুৰা আৰ-ৰূম: 32,,  ছুৰা আন আম: 159, ছুৰা আল-মুমিনুন:52, 53, 54, ছুৰা আলে-ইমৰান: 64, 103।

অসমীয়া অনুবাদ : জুবাইৰ ৰহমান 

Leave a comment