মুচলমানসকলে বিশ্বাস কৰা ইছা (আ:) যিশু খ্ৰীষ্টৰ বিষয়ে চমুকৈ এটি লিখনি আগবঢ়ালো|

⏺ মুচলমানসকলে বিশ্বাস কৰা ইছা (আ:) যিশু খ্ৰীষ্টৰ বিষয়ে  চমুকৈ এটি লিখনি আগবঢ়ালো|

ইছা (আ:) যিশুৰ বিষয়ে জানিবলৈ কোৰাণৰ অধ্যায় ৩ আৰু আয়াত  নং ৪৫ ৰে আৰম্ভ কৰো আহক-

“হে মৰিয়ম, বাস্তৱতে আল্লাহে  তোমাক এটি বাণীৰ  সম্বন্ধে শুভসংবাদ দান কৰিছে; তেঁওৰ নাম হব ইছা ,মৰিয়মৰ পুত্ৰ ;তেঁও হব ইহলোক আৰু পৰলোকত সন্মানিত আৰু আল্লাহৰ নিকটৱৰ্তী প্ৰাপ্তসকলৰ এগৰাকী |

“ইয়াৰ উপৰিও কোৰাণৰ অধ্যায় ৪ আৰু আয়াত নং ১৭১ত কোৱা হৈছে যে” ইছা আল্লাহৰ প্ৰেৰিত দূত আৰু মৰিয়মৰ পুত্ৰৰ বাহিৰে আন কোনো নহয় “।

এতিয়া বাইবেলত ইছা (আ:) বিষয়ে কি কোৱা আছে জানো আহক –
“ঈশ্বৰে পৃথিৱীক ইমান ভাল পাই যে তেঁওৰ জন্মহোৱা একমাত্ৰ পুত্ৰক দান কৰিলে”(জ’ন অধ্য়ায় ৩,শ্লোক-১৬)|[“For God so loved the world, that he gave his only begotten Son(Jesus)” Bible, John chapter 3 verse 16. ].জন্ম দিয়া (begotten) মানে কি??ই জানো সঙ্গম কৰাৰ পাছত পুত্ৰ সন্তান জন্ম দিয়া নুবুজায়??আৰু বাইবেলৰ এই উক্তিষাৰ যদি সত্য বুলি মানি লোৱা যায় তেন্তে ইয়াৰ অৰ্থ হব যে আল্লাহে মৰিয়মৰ লগত সঙ্গম (SEX) কৰি যিশুক জন্ম দিছে| (নাউজুবিল্লাহ)

আৰু আল্লাহে এই মিথ্যা আৰু ভয়ংকৰ অভিযোগৰ বিষয়ে পবিত্ৰ কোৰআন
⏺(অধ্যায় ১৯;আয়াত  নং:৮৮-৯২)
 ত কৈছে”আৰু সিহতে (খ্ৰীষ্টিয়ান সকলে)কয়,পৰম কৰুণাময় আল্লাহে পুত্ৰ সন্তান জন্ম দিছে , তোমালোকে যি জঘন্য কথা অৱতাৰণা কৰিছে ! হয়তো এতিয়াই আকাশমণ্ডলী বিদীৰ্ণ হব, পৃথিৱী খণ্ড – বিখণ্ড হব ৰয় পাহাৰ – পৰ্বত ভাঙি চূৰ্ণময় হব , তাৰ কাৰণ হল যে মানুহবিলাকে আল্লাহৰ সন্তান থকাৰ কথা দাবী কৰিছে  লাগে ।।।

“গতিকে আল্লাহে এই মিথ্যা অভিযোগটোক অকল খণ্ডন কৰাই নহয় বৰঞ্চ ই এটি জঘন্য অভিযোগ বুলি উল্লেখ কৰি যদি আকাশ-পাতালৰ বুজা শক্তি থাকিল হয় তেন্তে ফাটি গ’ল হয় বুলি কৈছে |তেনেহ’লে ভাবি চাওক ই কেনেকুৱা এটা গুৰুতৰ অভিযোগ আৰু আজি আমি খ্ৰীষ্টানসকলক বুজোৱাৰ সলনি  MARRY CHRISTMAS বুলী শুভেচ্চা জ্ঞাপন কৰি আমি মানি লৈছো যে আল্লাহে ইছা (আ:) যিশু খ্ৰীষ্টক জন্ম দিছিল কাৰণ ২৫ ডিচেম্বৰ যিশুৰ জন্মদিন বুলি খ্ৰীষ্টানসকলে পালন কৰে |

এতিয়া  যিশুৰ জন্মৰ বিষয়ে কোৰআনত কি কোৱা হৈছে —

আৰু মৰিয়মে ক’লে”হে মোৰ প্ৰভু,মোৰ কেনেকৈ সন্তান জন্ম হব পাৰে যিহেতু কোনো  পুৰুষে মোক স্পৰ্শ কৰা নাই??তেতিয়া পবিত্ৰদূতে ক’লে”তেঁৱেই আল্লাহ তেঁও যি ইচ্ছা তাকে সৄষ্টি কৰিব পাৰে “যেতিয়া তেঁও কোনো বিষয়ে সংকল্প কৰে ;তেঁও সেই সম্পৰ্কে মাথো কয় ’হ’ আৰু সেয়া হৈ যায় | আৰু আল্লাহে তেঁও ইছা আ : (যীশু খ্ৰীষ্ট)ক ধৰ্মগ্ৰন্থ আৰু জ্ঞান(ধৰ্মপ্ৰচাৰকৰ নিৰ্ভূল বাণী),তৌৰাত আৰু ইঞ্জিল(Gospel)ৰশিক্ষা দিব|
⏺'(অধ্য়ায় ৩ আৰু আয়ত নং ৪৮)

আৰু এয়াই  হৈছে আমাৰ ঈচা (আ:) অৰ্থাত যিশু খ্ৰীষ্ট|গতিকে কোনো এজন প্ৰকৃত মুছলিম হব নোৱাৰে যেতিয়ালৈকে তেঁওক এজন ঈশ্বৰৰ প্ৰেৰিত দূত বুলি মানি নলয়|আমি বিশ্বাস কৰো তেঁওক আল্লাহে পৄথিৱীলৈ প্ৰেৰণ কৰা দূতসকলৰ মাজত এজন;আমি বিশ্বাস কৰো তেঁও ঐশ্বৰিক শক্তিৰ দ্বাৰা জন্ম হৈছিল কোনো পিতৄ নোহোৱাকৈ যিটো আজিকালি বহু আধুনিক খ্ৰীষ্টানেও বিশ্বাস নকৰে;আমি বিশ্বাস কৰো তেঁও ঈশ্বৰৰ আদেশত মৃত মানুহক জন্ম দান কৰিছিল;আমি বিশ্বাস কৰো ঈশ্বৰৰ আদেশত তেঁও অন্ধ আৰু কুষ্ঠৰোগীক সুস্থ কৰি তুলিছিল|

▶ গতিকে চমুকৈ কবলৈ গলে ইচলাম হৈচে একমাত্ৰ অখ্ৰীষ্টিয়ান বিশ্বাস যিয়ে মুছলমানক যিশু খ্ৰীষ্টক বিশ্বাস কৰিব শিকায়|কিন্তু এইটো কোৱা অনুচিত(হাৰাম)যে আল্লাহে তেখেতক জন্ম দিছিল বা আল্লাহ তেখেতৰ পিতৄ হয় |

Leave a comment