মিডিয়াৰ পাল্লাত পৰি নিজ ঈমান , আমোল আৰু আখিৰাত বৰবাদ নকৰিব।

ফেচবুকত একাংশ মুছলমানে প্ৰায়ে দিয়া “সকলো মুছলমান জিহাদী নহয়” জাতীয় পোষ্ট এটাত পোষ্টদাতাক প্ৰশ্ন কৰিছিলোঁ – জিহাদ আৰু জিহাদী মানে কি ? উত্তৰ আহিছিল – সন্ত্ৰাস আৰু সন্ত্ৰাসবাদী। মিডিয়াই কি অবস্থা কৰি পেলাইছে চাওঁক #জিহাদ আৰু #জিহাদী মানে #সন্ত্ৰাস আৰু #সন্ত্ৰাসবাদী বুলি কবলৈ আৰাম্ভ কৰিছে আজিৰ মুছলমানে !!!

দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা বিভিন্ন ৰাজনৈতিক, ধাৰ্মিক আৰু অৰ্থনৈতিক কাৰনত পাশ্চাত‍্য মিডিয়াৰ ৰোষত পৰিছিল ‘জিহাদ’। বিশ্বৰ অধিকাংশ অ-মুছলমান মিডিয়াই ইছলামৰ এই পবিত্ৰ ইবাদতক বিকৃত ৰূপত উপস্থাপন কৰি কৰি বৰ্তমানলৈকে ইয়াক এনে এক পৰ্যায়লৈ লৈ আনিবলৈ সফল হৈছে যত মুছলমান এজনেও বিনা দ্বিধাই কৈ দিব পাৰে জিহাদ মানে সন্ত্ৰাসবাদ ….. ইয়াতকৈ দূৰ্ভাগ‍্যজনক কিবা থাকিব পাৰে জানো ???

জিহাদক বুজাবলৈ আটাইতকৈ নিকটতম অসমীয়া প্ৰতিশব্দ হব – #প্ৰচেষ্টা (Effort) #সংগ্ৰাম (Struggle) আৰু এই প্ৰচেষ্টা আৰু সংগ্ৰামত আল্লাহৰ সন্তুষ্টিৰ বাবে অংশগ্ৰহণকাৰী সকলে হল জেহাদী।

কোৰআন আৰু ছহীহ হাদিছৰ আধাৰত আল্লাহৰ সন্তুষ্টি লাভৰ নিয়তৰে নিজে বাস কৰা সমাজ খনৰ ভালৰ বাবে, নিজৰ আত্মশুদ্ধি বা জটিলতম এই পাৰ্থিব জীৱনত সৎভাবে জীয়াই থকাৰ সংগ্ৰামত লিপ্ত হোৱাৰ লগতে আমাৰ পৰিয়াল আৰু আশে-পাশে থকা মানুহক সৎ কামৰ আদেশ আৰু অসৎ কামৰ পৰা বিৰত ৰাখিবলৈ কৰা আমাৰ প্ৰতিটো প্ৰচেষ্টা বা সংগ্ৰাম একো একোটা জিহাদ। এই অবস্থাৰ পৰা আৰু অলপ আগবাঢ়ি গৈ যদি আমি পৰিচিত/অপৰিচিত কোনো অ-মুছলমানক এক নিদিষ্ট সীমাৰ ভিতৰত থাকি আল্লাহৰ পিনে আহব্বান কৰি দ্বীন ইছলামৰ দাৱাত দিওঁ সেয়াও জিহাদ।

নিজৰ নফচ বা ৰিপু আৰু শয়তানৰ ধোকাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ নামো জিহাদ। উদাহৰণস্বৰূপে –

ডিচেম্বৰ মাহৰ প্ৰচন্ড ঠান্ডাত যদি আমি একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ বাবে লেপৰ তলৰ পৰা উঠি আমাৰ মহল্লাৰ মছজিদটোলৈ ফজৰৰ নামাজ আদায় কৰিব যাব পাৰো আমাৰ এই প্ৰচেষ্টাৰ আন এক নাম হব জিহাদ আৰু এই প্ৰচেষ্টাত অংশগ্ৰহণকাৰী হিচাপে আমি জিহাদী ।

আমাৰ হাতত ২৪ ঘন্টাই থকা Android mobile টোত Google Search কৰি যিকোনো মুহূৰ্তত যতে ততে আমি অশ্লীল ছবি/ছিনেমা চাব পাৰো কিন্তু তাৰপাছতো যদি একমাত্ৰ আল্লাহৰ ভয়ত আমি নিজকে সেই অশ্লীলতাৰ পৰা বিৰত ৰাখিব পাৰো তেনেহলে সেয়া হব আমি আমাৰ নফচৰ বিৰুদ্ধে কৰা জিহাদ।

ঠিক সেইদৰে …
ৰাস্তাত কোনো অৰ্ধনগ্ন আধুনিক যুবতীক দেখা পাই মুৰ নত কৰি তাইক ignore কৰি পাৰ হৈ যাব পৰাটো জিহাদ, উচ্চপদস্ত চৰকাৰী বিষয়া হৈওঁ হাৰাম (ঘোচ খোৱা) ৰ পৰা নিজকে বিৰত ৰাখিব পৰাটো জিহাদ।

আপোনাৰ/মোৰ জীৱনলৈ অহা আটাইতকৈ দুৰ্যোগময় মূহুৰ্ত খিনিত একমাত্ৰ আল্লাহৰ ওপৰত বিশ্বাস ও ভৰষা ৰাখি ধৈৰ্য্য সহকাৰে সেই দূৰ্যোগৰ মুখামুখি হব পৰাটোও জিহাদ।

পানীত পৰি ককবকাই নিজৰ জীৱন বছোৱাৰ বাবে কৰা সংগ্ৰামৰ নাম জিহাদ, গৰ্ভৰ সন্তান ভুমিষ্ট কৰাবলৈ এজনী গৰ্ভৱতী মাকে অসহ‍্য যন্ত্ৰণাৰ মাজেৰে কৰা প্ৰচেষ্টাৰ নাম জিহাদ । ঘৰৰ কাষৰ চলাচলৰ অনুপযোগী হৈ পৰা ৰাস্তাটোৰে মানুহৰ চলাচলৰ ব্যৱস্থা কৰিবলৈ কান্ধত উঠাই দু-পাচিঁ মাটি বা শিল ৰাস্তাটোত পেলাই দি ৰাস্তাটো মানুহ চলাচলৰ উপযোগী কৰি তোলা প্ৰচেষ্টাৰ নাম জিহাদ, ঘৰৰ কাষৰ দুখীয়া অনাহাৰে থকা দূৰ্ভগীয়া পৰিয়ালটোৰ লগত নিজৰ খাদ্যৰ আধা অংশ  Share কৰিব পৰাটো জিহাদ ।

কোনো আক্ৰমণকাৰীৰ হাতৰ পৰা নিজৰ ভেটি-মাটি পৰিয়ালৰ আবৰু-ইজ্জত ৰক্ষা কৰাৰ বাবে আক্ৰমণকাৰীৰ বিৰুদ্ধে দৃঢ় ভাবে থিয় দিয়াটো জিহাদ। অন্যায়কাৰীৰ অন্যায়ৰ কথা মনত পেলাই দি অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ নাম জিহাদ।

গতিকে মনত ৰাখিব মিডিয়াই অহৰহভাবে আমাক কোৱা ধৰনে সন্ত্ৰাসবাদৰ দৰে অন্যায় কামত লিপ্ত হোৱাটো জিহাদ নহয় বৰং সন্ত্ৰাসবাদৰ দৰে অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ নাম জিহাদ। জিহাদ হৈছে আল্লাহ প্ৰদন্ত এক সৰ্বশ্ৰেষ্ঠ নিয়ামত যাৰ ওপৰত আমোল কৰি ঈমানদাৰ মুছলমানে আল্লাহক সন্তুষ্ট কৰি নিজৰ আখিৰাত সফল কৰাৰ চেষ্টা কৰে।

মিডিয়াৰ পাল্লাত পৰি নিজ ঈমান , আমোল আৰু আখিৰাত বৰবাদ নকৰিব।

✍✍✍ Sahidul Islam

Leave a comment