দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা বিভিন্ন ৰাজনৈতিক, ধাৰ্মিক আৰু অৰ্থনৈতিক কাৰণত পাশ্চাত্য মিডিয়া আৰু শেহতীয়া ভাবে ভাৰতীয় মিডিয়াৰ ৰোষত পৰিছে #জিহাদ। যিকোনো বেয়া কাম বা অপৰাধৰ লগত আনকি শেহতীয়া ভাবে মিডিয়াই কৰোনাৰ দৰে মহামাৰীৰ লগতো ইছলামৰ এই পবিত্ৰ শব্দটোক বিকৃত ৰূপত উপস্থাপন কৰি বৰ্তমানলৈকে ইয়াক এনে এক পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছে য’ত আজি এজন সাধাৰণ মুছলিমেও বিনা দ্বিধাই চোৰ, ডকাইত আনকি ভয়ংকৰ সন্ত্ৰাসবাদী এজনকো অভিহিত কৰিব পাৰে #জিহাদী বুলি। সমাজৰ আটাইতকৈ গৰ্হিত কামক #জিহাদ আৰু তেনে কামত জড়িত অপৰাধী এজনক অভিহিত কৰা হয় #জিহাদী বুলি যি অতি দুৰ্ভাগ্যজনক ! 😪
ইছলামিক পৰিভাষাত জিহাদ অত্যন্ত পবিত্ৰ আৰু সন্মানিত শব্দ। নিজৰ আত্মশুদ্ধিৰ পৰা আৰম্ভ কৰি নিজে বসবাস কৰা সমাজখনৰ মংগলৰ বাবে কৰা প্ৰতিটো সৎ তথা নেক প্ৰচেষ্টা (Effort) আৰু সংগ্ৰামেই (Struggle) হ’ল জিহাদ আৰু এই প্ৰচেষ্টা আৰু সংগ্ৰামত আল্লাহৰ সন্তুষ্টিৰ বাবে অংশগ্ৰহণকাৰী সকলেই হ’ল জেহাদী।
কোৰআন আৰু আল্লাহৰ শেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনশৈলীৰ আধাৰত আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যেৰে জটিলতম এই পাৰ্থিৱ জীৱনত সৎভাবে জীয়াই থকাৰ সংগ্ৰামত লিপ্ত হোৱাৰ লগতে আমাৰ পৰিয়াল আৰু আশে-পাশে থকা মানুহক সৎ কামৰ আদেশ আৰু অসৎ কামৰ পৰা বিৰত ৰাখিবলৈ কৰা আমাৰ প্ৰতিটো প্ৰচেষ্টা বা সংগ্ৰাম একো একোটা জিহাদ। এই অৱস্থাৰ পৰা আৰু অলপ আগবাঢ়ি গৈ যদি আমি পৰিচিত/অপৰিচিত কোনো অ-মুছলমানক এক নিদিষ্ট সীমাৰ ভিতৰত থাকি শান্তিপূৰ্ণভাবে তেওঁলোকক আল্লাহৰ পিনে আহব্বান কৰি তেওঁলোকৰ মাজত দ্বীন ইছলামৰ বাণী প্ৰচাৰ কৰো সেয়াও জিহাদ।
নিজৰ নফচ যাক আমি ৰিপু বুলি কওঁ সেই ৰিপুৰ বিৰুদ্ধে সংগ্ৰাম কৰা এক জিহাদ। পাৰ্থিৱ জীবনৰ কামনা-বাসনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰাটো জিহাদ। এক ৰিপোৰ্ট মতে বৰ্তমান #লক_ডাউন চলি থকা সময়ত ভাৰতকে ধৰি গোটেই বিশ্বতে ইন্টাৰনেটত পৰ্ণ মুভি /অশ্লীল চিনেমা উপভোগ কৰাৰ প্ৰৱনতা বৃদ্ধি পাইছে। আমাৰ হাতত আহি পৰা পৰ্যাপ্ত সময়ৰ অপ-ব্যৱহাৰ কৰি অনবৰতে হাতত থকা স্মাৰ্ট ফোনটোৰ সহায়ত এচামে ইন্টাৰনেটযোগে অতি সহজতে অশ্লীল ছবি/চিনেমা উপভোগ কৰাৰ বিপৰীতে যদি কোনোবাই একমাত্ৰ আল্লাহৰ ভয়ত নিজকে সেই অশ্লীলতাৰ পৰা বিৰত ৰাখিব পাৰে তেনেহ’লে সেয়া হ’ব নিজ নফচৰ বা ৰিপূৰ বিৰুদ্ধে কৰা তেওঁৰ জিহাদ।
ঠিক সেইদৰে …
ৰাস্তাত কোনো অৰ্ধনগ্ন আধুনিক যুৱতীক দেখা পাই মুৰ নত কৰি কৰি পাৰ হৈ যাব পৰাটো জিহাদ, উচ্চপদস্ত চৰকাৰী বিষয়া হৈও হাৰামৰ (ঘোষ খোৱা) পৰা নিজকে বিৰত ৰাখিব পৰাটো জিহাদ। আপুনি সদায় অহা-যোৱা ৰাস্তাটোত কাৰোবাক ক্ষতি কৰিব পৰাকৈ পৰি থকা ভঙা কাচৰ টুকুৰা বা শিল এটুকুৰা আঁতৰাই দিয়াটোও জিহাদ। চলাচলৰ অনুপযোগী হৈ পৰা আপোনাৰ গাওঁখনৰ ৰাস্তাটোৰে মানুহৰ চলাচল সুচল কৰিবলৈ কান্ধত উঠাই দু-পাছি মাটি বা শিল ৰাস্তাটোত পেলাই দিয়াটো জিহাদ। আপোনাৰ/মোৰ জীৱনলৈ অহা আটাইতকৈ দুৰ্যোগময় মূহুৰ্ত খিনিত একমাত্ৰ আল্লাহৰ ওপৰত বিশ্বাস ও ভৰসা ৰাখি ধৈৰ্য্য সহকাৰে সেই দূৰ্যোগৰ মুখামুখি হ’ব পৰাটোও জিহাদ। পানীত পৰি ককবকাই নিজৰ জীৱন বছোৱাৰ বাবে কৰা সংগ্ৰামৰ নাম জিহাদ, গৰ্ভৰ সন্তান ভুমিষ্ঠ কৰাবলৈ এজনী গৰ্ভৱতী মাতৃয়ে অসহ্য যন্ত্ৰণাৰ মাজেৰে কৰা প্ৰচেষ্টাৰ নাম জিহাদ, ঘৰৰ কাষৰ দুখীয়া অনাহাৰে থকা দুৰ্ভগীয়া পৰিয়ালটোৰ লগত নিজৰ খাদ্যৰ আধা অংশ Share কৰিব পৰাটো জিহাদ। কোনো আক্ৰমণকাৰীৰ হাতৰ পৰা নিজৰ ভেটি-মাটি পৰিয়ালৰ আবৰু-ইজ্জত, মান-সন্মান ৰক্ষা কৰাৰ বাবে আক্ৰমণকাৰীৰ বিৰুদ্ধে দৃঢ় ভাবে থিয় দিয়াটো জিহাদ। অন্যায়কাৰীৰ অন্যায়ৰ কথা মনত পেলাই দি অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ নাম জিহাদ। নিজৰ স্ত্ৰী, সন্তান-সন্ততিৰ মুখত দুবেলা দুমুঠি আহাৰ যোগান ধৰাৰ বাবে আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ আন এটা নাম জিহাদ।
গতিকে মনত ৰাখিব মিডিয়াই অহৰহভাবে আমাক কোৱা ধৰণে কোনো অপৰাধ বা অন্যায় কামত লিপ্ত হোৱাটো জিহাদ নহয় বৰং অন্যায়ৰ বিৰুদ্ধে অপৰাধৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াটো জিহাদ। জিহাদ হৈছে ঈছলাম ধৰ্মত আল্লাহ প্ৰদন্ত এক সৰ্বশ্ৰেষ্ঠ নিয়ামত যাৰ ওপৰত আমোল কৰি ঈমানদাৰ মুছলিমসকলে আল্লাহক সন্তুষ্ট কৰি নিজৰ জীৱন ও আখিৰাত সফল কৰাৰ চেষ্টা কৰে।
✍️Sahidul Islam