অসমৰ পৰা আৰম্ভ কৰি ভাৰতভৰ্ষ তথা গোটেই বিশ্বৰ সংবাদ মাধ্যমে একতৰপীয়া সংবাদ পৰিবেশন কৰি গোটেই বিশ্বত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে নিৰ্দোষী মানুহক দোষী সজোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে । একমাত্র ধৰ্মীয় শত্ৰুতাৰ কাৰণে মুছলিম সকলক সকলো ঠাইতে নানা বাবে হাৰাশাস্তি কৰা হৈ আছে । আজি গোটেই বিশ্বত সকলোৰে টাৰ্গেট মাত্ৰ ইছলাম । ইছলামক কেনেকৈ বদনাম কৰা যায় তাকে ভাৱি বিভিন্ন ধৰণৰ অপচেষ্টা কৰা হৈ আছে । অথচ আজি বিশ্বত সকলোতকৈ বেছি সন্ত্ৰাসৰ বলি হোৱা সকলেই হৈছে মুছলিম সকল । বিশ্বৰ সন্ত্ৰাসী আক্ৰমণ বিলাক চালিজাৰি চালে ৯০% তকৈ বেছি অমুছলিম সংগঠন কৰা বুলি প্ৰমাণ পোৱা যায় ।
কিন্তু মিডিয়াই তাৰ বিপৰীতে বাতৰি পৰিবেশন কৰি মুছলিম সকলৰ লগতে ইছলামক বদনাম কৰা দেখা যায় ।
অসমত আকৌ সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছে । নিৰ্দোষী মানুহৰ হত্যা হৈছে । জিম্মেদাৰ কোন ??
মিডিয়াই কেৱল বিপৰীত দিশে বাতৰি পৰিবেশন কৰাই নহয় অসম আৰু ভাৰতত শান্তিৰে বসবাস কৰা মানুহৰ ঐক্য শান্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে যি আমাৰ দেশৰ কাৰণে অতি ভয়াবহ ।
যিকোনো ঠাইতে কোনো আক্ৰমণ বা হামলা হলেই বিনা প্ৰমাণত বা একো তথ্য নোহোৱাকৈ direct মুছলিমৰ ওপৰত সন্দেহ কৰা হয় কি আচৰিত ??
সন্দেহযুক্ত জেহাদী বুলি কোৱা টো একপ্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে আমাৰ দেশৰ মিডিয়াৰ । কিন্তু তাৰপিছত প্ৰকৃত সত্য পোহৰলৈ আহিলে ইহঁত চুপ হৈ থাকে বা অন্যফালে divert কৰে ।
জেহাদী জেহাদী বুলি চিঞৰি থকা সকলে জেহাদৰ অৰ্থ কি সেয়াও হয়তো নাজানে বা জেহাদ শব্দটো কত ব্যৱহাৰ হয় সেইটো ও নাজানে ! লজ্জাজনক !
অসম বা ভাৰতৰ ইতিহাস অলপ মেলি চালে গম পোৱা যায় আচল সন্ত্ৰাসবাদী কোন । গোটেই ভাৰতত মুঠ কিমান সন্ত্ৰাসবাদী সংগঠন আছে আৰু তাৰ পৰা মুছলিম কিমান আৰু হিন্দু , খৃষ্ঠীয়ান বৌদ্ধি বা আন ধৰ্মাৱলম্বী কিমান এবাৰ হিচাপ কৰি চালে সকলো স্পষ্ট হৈ পাৰে । কিন্তু মিডিয়াই কেতিয়াও সেইবোৰ প্ৰচাৰ নকৰে ।
ভাৰতৰ কিছুমান কুখ্যাত হিন্দু আৰু খৃষ্ঠীয়ান সন্ত্ৰাসবাদী সংগঠন ,….
১) আলফা ( ULFA) :- অসমত বিভিন্ন সময়ত বিভিন্ন বাবে আক্ৰমণ কৰি নিৰীহ মানুহক হত্যা কৰা কুখ্যাত সংগঠন । পৃথিৱীৰ আটাইতকৈ বেছি বোমা বিস্ফোৰণ সংগঠিত কৰাৰ ৰেকৰ্ড আলফাৰ নামত আছে ।
২) এন ডি এফ বি (NDFB) ৩) বি এল টি ( BLT)
৪) নক্সালবাদী ( Naxal )
৫) এল টি টি ( LTT )
আৰু বহুত আছে । এইবিলাক নি:সন্দেহ হিন্দু আৰু খৃষ্ঠীয়ান সন্ত্ৰাসবাদী সংগঠন । আৰু এইবিলাক সংগঠনে সকলো সময়তে আক্ৰমণ চলাই আছে আৰু নিৰীহ লোক আৰু দেশৰ সেনাক হত্যা কৰি আছে । কিন্তু দুৰ্ভাগ্যজনক বাবে মিডিয়াত এইবিলাকৰ প্ৰচাৰ অতি কম আৰু এইবোৰক কোনো ধৰ্মৰ লগত কেতিয়াও জড়িত কৰা নহয় ।
দুৰ্ভাগ্যজনক ভাৱে ভাৰতৰ বৰ্তমান শাসক দল বিজেপি ৰ মূল পৰিচালক “RSS ” ভাৰতবৰ্ষৰ আটাইতকৈ ভয়াবহ সন্ত্ৰাসবাদী সংগঠনৰ ভিতৰত এটা বুলি ক’লেও ভুল নহব । ইতিমধ্যে দুবাৰকৈ নিষিদ্ধ ঘোষিত হোৱা এই সংগঠনটো বিভিন্ন সন্ত্ৰাসী কাৰ্যকলাপৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে । যেনে মালিগাওঁ ব্লাষ্ট , আজমীৰ ব্লাষ্ট , হায়দৰাবাদৰ মক্কা মছজিদত ব্লাষ্ট আদি ।
ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীক নৃশংস বাবে হত্যা কৰা এই হিন্দু সংগঠনটোক এতিয়াও সন্ত্ৰাসবাদী সংগঠন বুলি কব নোৱাৰি নে ??
ইছলামে কেতিয়াও সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু সেই হিচাপে পৃথিৱীৰ সকলো মুছলিম দেশে সদায় সন্ত্ৰাসবাদক নিন্দা কৰি আহিছে , সেইটো আলকায়দা হওঁক বা আই এছ আই এছ হওঁক । যদিও আই এছ আই এছ মুছলিম সংগঠন নহয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ( আমেৰিকা আৰু ইজৰাইল সৃষ্টি ) ।
কিন্তু তাৰ বিপৰীতে আমি বিভিন্ন সময়ত অমুছলিম সন্ত্ৰাসবাদী সংগঠন বিলাকক বিভিন্ন জনে সমৰ্থন কৰা দেখা যায় । আৰু মিডিয়াৰ নীৰৱ ভূমিকা ও উল্লেখনীয় ।
সকলো মুছলমান সন্ত্ৰাসবাদী নহয় কিন্তু সকলো সন্ত্ৰাসবাদী মুছলমান হয় বুলি কোৱা কথাষাৰ জগণ্য মিছা আৰু অতি নিন্দনীয় ।
সকলো সন্ত্ৰাসবাদী অমানুহ , আৰু সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই । কিয়নো পৃথিৱীৰ কোনো ধৰ্ম বা ধৰ্ম শাস্ত্ৰই কেতিয়াও সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে আৰু কোনো ধৰ্মই কেতিয়াও সন্ত্ৰাসবাদক সমৰ্থন ও নকৰে । গতিকে সন্ত্ৰাসবাদক ধৰ্মৰ লগত জড়িত কৰাটো মুঠেই ঠিক নহয় ।
অৱশেষত মিডিয়ালৈ মোৰ অনুৰোধ আপোনালোকে সাধাৰণ মানুহৰ মাজত শান্তি সমৃদ্ধিৰ সৃষ্টি কৰিব নোৱাৰিলে কমপক্ষে শত্ৰুতাৰ সৃষ্টি নকৰিব । আজি আপোনালোকৰ অপপ্ৰচাৰৰ কাৰণে সাধাৰণ মানুহৰ মাজত শংকাৰ সৃষ্টি হৈছে । গতিকে বৰ্তমান সময়ত মিডিয়াই হৈছে আচল সন্ত্ৰাসী ।
✍✍.. আফজল হুছেইন