☞☞ মাহে ৰমজানৰ বিশেষ সতৰ্কতা ☜☜
ইছলামীয় হিজৰীৰ বাৰটি চন্দ্ৰমাহৰ আটাইতকৈ বৰকতময় আৰু ফজিলত পূৰ্ণ মাহে ৰমজান ইন শ্বা আল্লাহ সমাগত । এই পবিত্ৰ মাহটোত মহান আল্লাহে আমাক ইমান নিয়ামত ভৰা বৰকত আৰু ফজিলত দান কৰিছে যে বিশুদ্ধ আন্তৰিকতা আৰু শুদ্ধ পদ্ধতিৰে আমি যদি আমাৰ কৰণীয় ইবাদত সমূহ আদায় কৰো, তেন্তে ইন শ্বা আল্লাহ পৰম দয়ালু আল্লাহে আমাৰ পূৰ্বৰ সকলো গুণাহ মাফ কৰি আমাক এক নিস্পাপ শিশুৰ দৰে কৰি তুলিব বুলি আমি আশা কৰিব পাৰো । কিন্তু এই আশা পূৰণৰ মূল স্বৰ্ত হব যে একান্ত বিশ্বাসেৰে আমি কৰা ইবাদতৰ তৰিকা সমূহ একমাত্র আল্লাহ আৰু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশনাৰ অনুকুল হব লাগিব ।
কিন্তু অতি দুখঃজনক বিষয় যে নিজ স্বাৰ্থলোভী সমাজৰ এক বিশেষ চক্ৰই আমাৰ অঞ্জতাৰ সুযোগ লৈ আমাৰ ইবাদত সমূহৰ বিশুদ্ধতাত আমি বুজি নোপোৱাকৈ নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰদূষিত কৰিছে ! আল্লাহ আৰু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্ধাৰণ কৰি দিয়া পথৰ পৰা আমাক আঁতৰাই মানৱ ৰচিত পথত আমাক পৰিচালিত কৰিছে ! বহু ক্ষেত্ৰত আমাৰ ইছলামীয় জ্ঞানৰ অভাৱৰ বাবেও আমি আদায় কৰা ইবাদত সমূহৰ বিশুদ্ধতাক আমি নিজেই নষ্ট কৰিছো । সেয়েহে নিম্ন উল্লেখিত এনে কিছু বিষয়ৰ প্ৰতি আমি সদায় সতৰ্কতা অৱলম্বন কৰা উচিত –
( ১) ৰমজান মাহ অহাৰ আগে আগে আমি প্ৰায় প্ৰত্যেক জামাতে উপযুক্ত হাফিজ বিচাৰি খতম তাৰাবীৰ বাবে হাজাৰ হাজাৰ টকাৰ বিনিময়ত পূৰ্ব চুক্তি সম্পন্ন কৰি হাফিজ মকৰল কৰাত উঠি পৰি লাগো । উল্লেখযোগ্য বিষয় যে এনেদৰে কোৰআন খতমৰ মাধ্যমেৰে ৰমজানৰ তাৰাবী চালাত আদায় কৰাৰ শ্বৰীয়তৰ কোনো নিৰ্দেশনা নাই বৰং ই এক মানৱ ৰচিত নিতী, সেয়েহে ইয়াক বৰ্জন কৰাটো উত্তম । যিহেতু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে :” কোনোবাই যদি কোনো আমল কৰে, যি আমলৰ নিৰ্দেশ আমি দিয়া নাই, তেনে আমল প্ৰত্যাখিত “( চহীহ মুচলীম )।
(২) ধীৰ সুস্হিৰে চালাত আদায় কৰাটো চালাত গৃহিত হোৱাৰ এক অন্যত্বম ৰুকুন বা স্তম্ভ , যাক তা’দীলে আৰকান বোলা হয় । এই ৰুকুন পৰিত্যাগ কৰিলে চালাত বাতিল হিচাবে বিবেচিত হব । জৈনক ব্যক্তি ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ উপস্থিতিত মছজিদত প্ৰৱেশ কৰি চালাত আদায় কৰা দেখি তিনিবাৰকৈ তেখেতক চালাত আদায় হোৱা নাই বুলি কৈ চালাত পুনৰাই আদায় কৰাৰ নিৰ্দেশ দিছিল । অৱশেষত ব্যক্তি গৰাকীয়ে ইয়াতকৈ আৰু ভালদৰে চালাত আদায় কৰিব নাজানোঁ বুলি কোৱাত ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে তেখেতক ধীৰ সুস্হিৰতা অৱলম্বন কৰাৰ নিৰ্দেশ দি কৈছিল অন্যথা চালাত বাতিল হব । সেয়েহে আমি আদায় কৰা খতম তাৰাবীৰ গতিবেগ ✈✈ আৰু এই হাদীছ তুলনা কৰি আপুনি নিজেই পৰিণতি বিবেচনা কৰক !
(৩) পবিত্ৰ কোৰআনত স্বয়ং ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে মুঠ ১৫ টা আয়াতত চিজদাহ দিছিল । আমি প্ৰত্যেকেই এই আয়াত সমূহ তিলাৱত কৰোতা আৰু শ্ৰবন কৰোতাই চিজদাহ দিয়াটো ৱাজিব । কিন্তু ৰহস্য জনক কাৰণত মাজহাবৰ দোহাই দি আমাৰ খতম তাৰাবী সমূহত ইয়াৰে এটা চিজদাহ ( চুৰা হজ্জৰ ২নং চিজদাহ ) ত্যাগ কৰি মুঠ ১৪ টি চিজদাহ আদায় কৰা হয় । সেয়েহে তিলতিলকৈ আমাক সকলোকে এই এটা চিজদাহ ত্যাগ কৰি ৱাজিব তৰকৰ গুণাহত লিপ্ত কৰাইছে !
(৪) ৰমজানত সকলোৱে আদায় দিব লগা এক গুৰুত্বপূৰ্ণ চাদকা হৈছে ফিতৰা । কিন্তু সমাজত বহল প্ৰচাৰিত আৰু আমি সকলোৱে আদায় দি অহা ১৬৩৩ গ্ৰাম ঘেঁহু বা তাৰ মূল্য , এই ত্বথ্য সঠিক নহয় ও ই এক মানৱ ৰচিত বিধান ! চহীহ হাদীছৰ ত্বথ্য অনুসৰি ঈদৰ ৩-৪ দিন আগত তিনিলিটাৰ আয়তনৰ কোনো পাত্ৰত আমি ব্যৱহাৰ কৰা খাদ্য সামগ্ৰীয়ে এটা ফিতৰাৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰে । এই ক্ষেত্ৰত উক্ত পৰিমাণৰ খাদ্য সামগ্ৰীৰ মূল্য দিয়াৰ বিষয়ে কোনো হাদীছতেই উল্লেখ নাই, এইয়া নিজ স্বাৰ্থ পূৰণৰ বাবে সৃষ্টি কৰা নিয়ম ! যিহেতু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবা সকলে উক্ত পৰিমাণৰ খেজুৰ, ঘেঁহু, বাৰ্লি আদি খাদ্য সামগ্ৰী আদায় কৰিছিল , সেয়েহে আমিও খাদ্য সামগ্ৰীৰে ফিতৰা আদায় দিয়া উচিত ।
(৫) একমাত্ৰ ২৭ ৰমজানৰ ৰাতি শ্ববে কদৰ তালাচ নকৰি ৰমজানৰ শেষৰ দহ দিনৰ বিশেষকৈ বেজোৰ নিশা কেইটিত উজাগৰে থাকি শ্ববে কদৰৰ নিয়তত ইবাদতত লিপ্ত হলে ইন শ্বা আল্লাহ সেই বিশেষ ৰাতিৰ ফজিলত লাভৰ সম্ভাৱনা বৃদ্ধি পায় ।
আল্লাহে আমাক সকলোকে মাহে ৰমজানৰ গুৰুত্ব বুজি সঠিক পদ্ধতিৰে ইবাদত কৰাৰ তৌফিক দান কৰক । । । আমীন । । । ।

— Muktabul Hussain
শ্রীমন্ত শংকৰদেৱৰ ক্ষেত্ৰতো প্ৰায় একে৷ কোৰাণৰ "লা ইলাহা ইল্লালা" আৰু কীৰ্তনৰ "এক দেৱ, এক সেৱ, একতে বিনে নাই কেৱ"ৰ অৰ্থ হুবহু একে৷
মন্তব্য আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ।