মাযহাব মনা জৰুৰী বা ফৰজ নহয়

মাযহাব মনা জৰুৰী বা ফৰজ নহয়, কাৰণ – ১) ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম) য়ে চাৰি মজহবৰ কোনো মজহব মনা নাছিল, বৰং তেতিয়া মজহবৰ সৃষ্টি নাছিল । ২) মজহব মনা জৰুৰী বা ফৰজ বুলি কোৰান বা হদীচৰ কতো উল্লেখ নাই । ৩) চাৰি ইমামৰ জীৱিত কালত তেখেত সকলে নিজ নিজ মজহব মতে চলিছিল বুলি কোনো চহীহ তথ্য কোনেও দেখুৱাব নোৱাৰে । ৪) চাৰি ইমামে নিজৰ নামত মজহব প্ৰচাৰ কৰা সম্বন্ধে কোনো তথ্য নাই । ৫) কোৰান বা হদীচৰ কতো পৰবৰ্তী সময়ত মজহব মানি চলিবলৈ কোনো নিৰ্দেশ দিয়া নাই । ৬) মজহব মনা মানে মুচলিম উম্মা ভাগ ভাগ হয় আৰু এয়া আল্লাহ ৰাব্বুল আলামিনৰ পছন্দনীয় নহয় । ৭) মজহবৰ সৃষ্টি চাৰি ইমামৰ পৰবৰ্তী সময়ত । ৮) চাৰি মজহব প্ৰচাৰ কৰা সন্দৰ্ভত ইমাম সকলে নিজে লিখা বিশ্বাসযোগ্য কোনো কিতাপ দেখা নাযায় । ৯) চাৰি ইমামৰ নামত ই এক ভুৱা প্ৰচাৰ । গতিকে মজহবৰ পৰা আতৰি থাকি কোৰান ও চহীহ হদীচ মনা জৰুৰী ।

Leave a comment