সিদ্ধান্ত আপোনাৰ হাততেই অৰ্পণ কৰিলোঁ ।
প্ৰথমতে,
ঈমাম শ্বাফী(ৰহ.)-ৰ মতে মহিলাসকলৰ গাত স্পৰ্শ কৰিলে অজু ভঙ্গ হয়¸
কিন্তু ঈমাম হানাফী(ৰহ.)-ৰ মতে অজু ভঙ্গ নহয়। এতিয়া আপুনি কোনটো মানিব?
আপুনি দুয়োটাকে সঠিক বুলি কবনে? দুয়োটাই যদি সঠিক হয় তেন্তে আপুনি অকল এটা কি যুক্তিত মানিব?
এই পর্যায়ত আপুনি ছহীহ হাদীছ বিচাৰিব লাগিব।
আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এবাৰ তেওৰঁ এগৰাকী স্ত্রীক চুম্বন দি নামাজলৈ গল । তেতিয়া উৰওৱা ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে,নিশ্চয় সেই স্ত্রী আপোনাৰ বাহিৰে আন কোনো নহয়।
তেতিয়া আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাঁহিলে। বুজা যায় এৱেঁই সেই স্ত্রী (আবু দাউদ…1 নং খণ্ড179 নম্বৰ হাদীছ)।
আন এটা ঠাইত আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত, তাই ক’লে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে চালাত আদায় কৰিছিল। তেতিয়া মই আছিলোঁ কিবলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মাজত। ছিজদাত যোৱাৰ সময়ত তেওঁ মোৰ ভৰিত ধৰি আঁতৰাই দিলে, মই ভৰি আঁতৰোৱাত তেওঁ ছিজদা দিলে। (বুখাৰী…1 নং খণ্ড…519 নম্বৰ হাদীছ) উক্ত হাদীছসমূহৰ পৰা বুজা যায় স্ত্রীসকলৰ গাত স্পর্শ কৰিলে অজু ভঙ্গ নহয়।
এই ক্ষেত্রত ইমাম আবু হানিফা (ৰহ.)-ৰ মতটি ছহীহ।
দ্বিতীয়তে
ঈমাম আবু হানিফা (ৰহ.)-ৰ মতে চালাতত আমিন মনে মনে কব লাগিব। কিন্তু ঈমাম শ্বাফি(ৰহ.)-ৰ মতে আমিন জোৰে কব লাগিব।
এইক্ষেত্ৰত আপুনি/আমি চাব লাগিব ছহীহ হাদীছে কি কয়?
বুখাৰী হাদীছ গ্রন্থৰ 1 নং খণ্ড 780,781,782 নাম্বাৰ হাদীছ। ইয়াৰ বাহিৰেও মুছলিম হাদীছ গ্রন্থৰ 1 নং খণ্ড 811-816 পর্যন্ত মুঠ 6 টি হাদীছত আমিন জোৰে কোৱাৰ কাৰণে কোৱা হৈছে।
এই ক্ষেত্রত ঈমাম শ্বাফি(ৰহ.)-ৰ মতটি গ্রহণযোগ্য।
আমি কোনো ঈমামৰ বিৰুদ্ধে নাযাওঁ। তেওঁলোকক আমি ভালপাওঁ¸ শ্রদ্ধা কৰোঁ। নি:সন্দেহে তেওঁলোক যথেষ্ট জ্ঞানী আছিল। তাৰোপৰি যদি ইছলামিক পণ্ডিতসকলে কুৰআন হাদীছ ব্যাখ্যা কৰি কোনো ফতোৱা দিয়ে আৰু সেই ফতোৱা সঠিক হ’লে তেওঁ 2 টা পুৰষ্কাৰ পাব আৰু ভূল হলেও 1 টা পুৰষ্কাৰ পাব। সঠিক ফতোৱা দিয়াৰ কাৰণে তেওঁলোকে অক্লান্ত পৰিশ্রম কৰিছে। কিন্তু তেওঁলোকৰ সময়ত সকলো হাদীছ সংগৃহীত নোহোৱাৰ কাৰণে বহুতৰ মতৰ মাজতেই মতভেদ দেখা দিয়ে। সেইকাৰণে কওঁ সকলোৰে মতসমূহক সঠিক বুলিব নোৱাৰি। তেওঁলোকৰ যিবোৰ কথা কুৰআন আৰু ছহীহ হাদীছৰ সৈতে মিলি যাব সেইবোৰ মানিব লাগিব, বাকীবোৰ পৰিত্যায্য হব। কাৰণ সকলো ঈমামেই তেওঁলোকৰ কিতাপত কৈছে, আমাৰ যিবোৰ কথা ছহীহ হাদীছৰ সৈতে নিমিলিব সি পৰিত্যায্য।
আল্লাহ তা’আলাই আমাক পাৰস্পাৰিক হিংসা, দ্বন্দ,তর্ক, বিতর্কৰ পৰা হিফাজত কৰি কুৰআন আৰু ছহীহ হাদীছ মানি চলাৰ তৌফিক দান কৰক।
আমীন।