১) মানত :- শ্বৰীয়তৰ হুকুম বা বিধান অনুযায়ী মানত কোনো ফৰজ্, ৱাজিব্, চূন্নত বা মোস্তাহাব বিষয় নহয় আৰু ৰছুলুল্লাহ (ছঃ)য়ে মানত কৰিবলৈ নিষেধ কৰি গৈছে কাৰণ মানতে মানুহৰ ভাগ্যৰ কোনো পৰিবৰ্ত্তন সাধন কৰিব নোৱাৰে । আল্লাহক বাদ দি আন কাৰোবাৰ নামত মানত কৰা বৈধ নহয় আৰু ই শ্বিৰ্ক । দুনিয়াবী স্বাৰ্থ পূৰণ কৰিবৰ বাবে মানুহে বিভিন্ন কাৰণত যেনে – সন্তান লাভৰ আশাত, বিপদ মুক্তিৰ আশাত্, ব্যবসায়ত উন্নতিৰ আশাত, অসুখ্-বিসুখ দূৰ হোৱাৰ আশাত ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজন পূৰণ হোৱাৰ আশাত মানত কৰা দেখা যায় আৰু আল্লাহৰ কথা পাহৰি ফিৰিস্তা, নবী-ৰছুল্, জ্বীন্, অলি-আউলিয়া, পীৰ্, বুজুৰ্গ্, ফকিৰ্, দৰবেচ্, কবৰ্, মাঝাৰ্, খানকা আদিৰ নামত টকা-পয়ছাৰ পৰা আৰম্ভ কৰি পশু-পক্ষী, মিঠাই, চিন্নী, মমবাতি, আগৰবাতি, গোলাপ-জল ইত্যাদি মানত কৰি আগবঢ়ায় । মানতৰ মাধ্যমত সংশ্লিষ্ট ব্যক্তি, পীৰ, অলি-আউলিয়াক উচ্চ মৰ্য্যদাত আল্লাহৰ সমান্তৰালকৈ উপনীত কৰা হয় আৰু ই এক প্ৰকাৰ শ্বিৰ্ক, কাৰণ মানত পূৰা কৰাৰ সময়ত যদিও আল্লাহৰ নাম লোৱা হয় তথাপি মানতৰ দ্বাৰা সংশ্লিষ্ট ব্যক্তি বা মাঝাৰ, পীৰ্, অলি, দৰবেচ আদিকে সন্মান দেখুওৱা হয় । গায়ৰুল্লাহৰ নামত উৎসৰ্গিত জন্তু-জানোৱাৰ বা পশু –পক্ষী ভক্ষণ কৰাও হাৰাম ।
(২) দোৱা :- দোৱা শব্দৰ অৰ্থ হ’ল আহ্বান্, প্ৰাৰ্থনা । শ্বৰীয়তৰ পৰিভাষাত দোৱা হ’ল – কল্যাণ ও উপকাৰ লাভৰ উদ্দেশ্যে আৰু ক্ষতি তথা অপকাৰৰ পৰা বচাই ৰাখিবলৈ আল্লাহৰ ওচৰত সাহাৰ্য্য প্ৰাৰ্থনা কৰা । দুনিয়া আৰু আখিৰাতৰ কল্যাণৰ বাবে দোৱাৰ বিকল্প নাই । দোৱা কবুলৰ চৰ্ত্ত কেইটা হ’ল –
ক্) ইখলাচ: ই হ’ল আমল কবুল হোৱাৰ মূল চৰ্ত্ত । সকলো বাদ দি একমাত্ৰ আল্লাহৰ বাবে এক ধ্যানত ইবাদত কৰাকে ইখলাচ কোৱা হয় আৰু খাঁটি অন্তৰেৰে একমাত্ৰ আল্লাহৰ ওচৰত দোৱা কৰিব লাগিব ।
খ্) দোৱাকাৰী ব্যক্তিৰ সম্পদ হালাল হব লাগিব আৰু হালাল উপাৰ্জ্জনেৰে জীবন নিৰ্বাহ কৰিব লাগিব,
গ্) দোৱা কৰোতে ব্যক্তি জন বৈধ সীমা ৰেখাৰ ভিতৰত থাকিব লাগিব অৰ্থাৎ কোনো পাপ কাম সিদ্ধিৰ বাবে বা আত্মীয়ৰ লগত সম্পৰ্ক ছিন্নৰ বাবে বা সামান্য ভুলৰ বাবে কোনো লোক বা গোষ্ঠীৰ ধ্বংসৰ বাবে দোৱা কৰিব নালাগিব্ । দোৱা কবুলৰ অন্তৰায় সমূহ হ’ল –
• বিনা ইখলাচত দোৱা কৰা,
• হাৰাম ভক্ষণ কৰা
• আল্লাহৰ লগত শ্বিৰ্ক কৰা,
• চূন্নতৰ খিলাফ বা বিদাত কৰি দোৱা কৰা,
• মৃত বা কবৰস্থ ব্যক্তিৰ ওচীলা লৈ দোৱা কৰা,
• আদবৰ খিলাফ কৰি দোৱা কৰা ইত্যাদি ।
দোৱাৰ মাধ্যমতো শ্বিৰ্ক সংঘটিত হোৱাৰ আশংকা থাকে । যেহেতু দোৱাৰ জৰিয়তে আল্লাহৰ উলুহিয়্যাতৰ বৈশিষ্ট্যৰ মৰ্য্যদা প্ৰতিষ্ঠিত হয়, সেয়ে আল্লাহক বাদ দি বা আল্লাহৰ উপৰি আন কাৰোবাৰ মাধ্যমত আল্লাহক আহ্বান কৰিলে উলুহিয়্যাতৰ শ্বিৰ্ক সংঘটিত হয় । মানুহে যেতিয়া নবী, ৰছুল্, পীৰ্, অলি, চুফী, দৰবেচ্, বুজুৰ্গ আদি সত্তাৰ ওচৰত দোৱা কৰে বা তেওঁলোকক ওচীলা লৈ তেওঁলোকৰ মাধ্যমত আল্লাহৰ ওচৰত দোৱা কৰিলেই শ্বিৰ্ক সংঘটিত হয় । থিক তেনেকৈ মাঝাৰ বা কবৰক উদ্দেশ্য কৰি দোৱা কৰাও শ্বিৰ্ক ।

✍✍.. Ikramul Hussain