“মাদ্ৰাছা” _ ইতিহাসে ৰিঙিয়াই

✿✿ “মাদ্ৰাছা” _ ইতিহাসে ৰিঙিয়াই ✿✿

মহাগ্ৰন্থ আল-কোৰআনৰ প্ৰথম নিৰ্দেশনা হৈছে -” ইকৰা” , অৰ্থাৎ পঢ়া , জ্ঞান অম্বেষণ কৰা । এই নিৰ্দেশৰ ওপৰতেই আল্লাহে প্ৰতিগৰাকী নৰ-নাৰীৰ বাবে জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক কৰিছে । মহানবী(চঃ) কৈছে -” জ্ঞান হৈছে শত্ৰু মহলৰ ঢাল স্বৰূপ আৰু মিত্ৰ মহলৰ অলংকাৰ “।

শিক্ষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মুহাম্মদ (চঃ) য়ে ইতিহাসৰ প্ৰথম খনি ইছলামীয় শিক্ষানুষ্ঠানৰ নিজেই গঢ় দিছিল চাফা পৰ্বতৰ কাষত , যাৰ নাম দিছিল ” দাৰুল-আৰকাম “। স্বয়ং মুহাম্মদ (চঃ) য়ে শিক্ষা প্ৰদান কৰা উক্ত মাদ্ৰাছাৰ ছাত্ৰ আছিল আবু বক্কৰ (ৰাঃ), ওমৰ(ৰাঃ) আদিৰ দৰে বৰ্ণিল চাহাবা সকল । মচজীদে নববীৰ কাষত গঢ় দিয়া মাদ্ৰাছাৰ নাম ৰাখিছিল -” মাদ্ৰাছাতুচ্-চুফ্ফা”। এনে অনুস্থান সমূহত বিস্তাৰিত শিক্ষাৰ লগত আৰবী, হিব্ৰু, ফাৰ্চী, ৰোমান আদি ভাষাৰ শিক্ষা দিয়াৰ বাবে বদৰৰ যুদ্ধ বন্দী সকলৰ সৈতে প্ৰতি দহগৰাকী মুচলীমক শিক্ষাদানৰ বিনিময়ত এজনকৈ বন্দী মুকলি কৰি দিয়াৰ চুক্তিও কৰিছিল ।

সময়ৰ গতিত এনেদৰে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান সমূহে বৰ্তমান বহুতো উচ্চ শিখৰত উপনীত হবলৈ সক্ষম হৈছে । ইয়াৰ এক জলন্ত উদাহৰণ হৈছে ৯৭০-৯৭২ খৃঃত প্ৰতিষ্ঠিত হোৱা ইজিপ্তৰ বিশ্বপ্ৰসিদ্ধ ” আল-আজহাৰ বিশ্ববিদ্যালয়”, যি বৰ্তমান বিশ্বৰ সবাতোকৈ প্ৰাচীন শিক্ষানুষ্ঠান । আদি অৱস্থাতেই এই শিক্ষানুষ্ঠান খনিত কোৰআন ও শ্বৰীয়তৰ বিধান সমূহৰ ওপৰিও ব্যাকৰণ , ন্যায় শাস্ত্ৰ , তৰ্ক শাস্ত্ৰ , অলংকাৰ শাস্ত্ৰ , বক্তিতা , চন্দ্ৰগ্ৰহণ আদিৰ শিক্ষা প্ৰদান কৰা হৈছিল ।

ইতিহাসৰ পাত লুতিয়ালে দেখা যায় যে- ভাৰতবৰ্ষত মোগল সকলৰ ৰাজত্বতেই শৃংখলাবদ্ধ শিক্ষাৰ আৰম্ভণি হৈছিল মক্তৱ মাদ্ৰাছাৰ আত্মপ্ৰকাশৰ জৰিয়তে । কিন্তু বৃটিছৰ শাসন কালত নবাব চিৰাজ-উদ দৌলাক পৰাস্ত কৰি মুচলীম সকলক পঙ্গু কৰাৰ মানসেৰে লৰ্ড হেষ্টিংছে ১৭৮০ চনত কলিকতাৰ কলিঙ্গত ” ক্যালকাটা আলীয়া মাদ্ৰাছা ” প্ৰতিষ্ঠা কৰি ডঃ স্প্ৰেঙ্গাৰক অধ্যক্ষৰ দায়িত্ব দিয়ে । ভাৰতবৰ্ষত ইছলামীয় শিক্ষাব্যৱস্থা অধুগামী হোৱাৰ এয়েই আৰম্ভণি !

পৰৱৰ্তী সময়ত প্ৰকৃত ইছলামীক চেতনাৰ আলোকত ১৮৬৭ চনত উত্তৰ প্ৰদেশৰ দেওবন্দত প্ৰতিষ্ঠা কৰা হৈছিল -“দাৰুল উলুম দেওবন্দ ” নামেৰে আন এখনি ইছলামীয় শিক্ষানুষ্ঠান । আদি অৱস্থাত এই শিক্ষানুষ্ঠান খনিৰ শিক্ষা পদ্ধতিৰ মূল আধাৰ আছিল -” আল-উলুম আকলীয়া ” ও “আল-উলুম নকলীয়া” ! উল্লেখিত প্ৰথম পদ্ধতিৰ মাধ্যমত পাৰ্থিৱ জীৱনৰ বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ শিক্ষা দিয়া হৈছিল আৰু দ্বিতীয় পদ্ধতিৰ দ্বাৰা কোৰআন ও হাদীছৰ হুবহু নকল , অৰ্থাৎ বিশুদ্ধ শ্বৰীয়তৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল । কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন ৰহস্য জনক কাৰণত উক্ত শিক্ষা নিতীৰ সলনি ঘটাই কেৱল কেৱল পৰকালৰ শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় , যাৰ ধাৰাবাহিকতা আজিও বিদ্যমান !

বৰ্তমানৰ এই শিক্ষা পদ্ধতিৰ ওপৰত অধ্যাপক আব্দুল কাইয়ুম আল আমান , সচিব , ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদ , অসম ৰ দ্বাৰা লিখিত ” মাদ্ৰাছা শিক্ষা , ইয়াৰ সম্প্ৰসাৰণৰ সমস্যা আৰু ভবিষ্যত কাৰ্য্যপন্থা” পুথিত উল্লেখ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যই সাম্প্ৰতিক সময়ত বিশেষ তাৎপৰ্য্য বহন কৰিছে । তেখেতে উল্লেখ কৰিছে যে -” ইছলামৰ সোণালী যুগত বাস্তৱতা বিহীন ধৰ্ম্মশিক্ষাৰ প্ৰচলন নাছিল , মানুহৰ মানৱিক চেতনাবোধৰ বাবে ধৰ্ম্ম শিক্ষাৰ লগতে বিভিন্ন বৈষয়িক শিক্ষা যেনেকৈ সামৰিক , ৰাজনীতি , সমাজনীতি ,অৰ্থনীতি ইত্যাদি বিভিন্ন বিষয়ৰ শিক্ষা দিছিল । কিন্তু পৰৱৰ্তী সময়ত এনে গুৰুত্বপূৰ্ণ বিষয়বোৰ শিথিল কৰি কেৱল পৰকালৰ আধ্যাত্মিক শিক্ষাকেই সাঙুৰি প্ৰস্তুত কৰা পাঠ্যক্ৰমে মুচলীম সমাজলৈ বিপৰ্য্যয় নমাই আনিল । সেয়েহে একবিংশ শতিকাৰ লগত সামঞ্জস্য ৰাখি ইছলামৰ মূল বিষয় সমূহৰ প্ৰাধান্য খৰ্ব নকৰি আধুনিক ৰূপত মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰম পুনৰ বিন্যাস কৰাৰ সময় সমাগত “।

সেয়েহে আমিও প্ৰত্যেক গৰাকী সচেতন ব্যক্তিয়েই প্ৰচলিত কৰ্ম্মবিমুখ মাদ্ৰাছা পাঠ্যক্ৰমৰ সংস্কাৰ বিচাৰোঁ । বিশুদ্ধ কোৰআন হাদীছৰ শিক্ষাৰ লগতে আধুনিক কৰ্ম্মমুখী ইছলামীয় শিক্ষাইহে আমাৰ মাজত প্ৰকৃত ইছলামীয় মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হব । অন্যথা ১২-১৪ বছৰ মাদ্ৰাছা শিক্ষাৰ অন্ত পেলাই ৩/৪ হেজাৰ টকীয়া ইমামতিৰ চাকৰি এটাৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ কাহানিও পৰিৱৰ্তন নহব ! তাবীজৰ ব্যৱসায় , বিভিন্ন খতম আদিৰ জৰিয়তে এনে লোক সকলে নিজৰ জীৱিকা অৰ্জন কৰিবলৈ পৰিস্থিতিয়েও আজি তেওঁলোকক বাধ্য কৰাৰ কথা অনস্বীকাৰ্য্য ! সেয়েহে সকলোৱে এই গুৰুত্বপূৰ্ণ বিষয়টিত মনোনিৱেশ কৰি উপযুক্ত কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা নকৰিলে বৰ্তমানে দেখা দিয়া এই ক’লা ডাৱৰে অদূৰ ভৱিষ্যতে এজাক প্ৰৱল ধুমুহা বৰষুণৰ ৰূপ লৈ মুচলীম জাতিটোক আৰু অধিক ক্ষতি কৰাৰ সম্ভাৱনা আছে !

আল্লাহে আমাক সকলোকে সৎ চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ তৌফিক দিয়ক ! আমীন ।

✍✍✍… মোক্তাবুল হুছেইন 

Leave a comment