————————————–
ভয় নকৰিব! (কাকো আঘাত দিয়া আমাৰ উদ্দেশ্য নহয়)
মাদ্ৰাছাৰ বিৰুদ্ধে আমাৰ কব লগা একো নাই৷ কিন্তু সততে দেখা পোৱা মানৱ সম্পদ অপচয়ৰ দৃশ্যবোৰত বাৰুকৈয়ে আঘাত অনুভৱ কৰোঁ। সেয়ে মাদ্ৰাছাৰ (খাৰেজীয়াৰ) ছাত্ৰসকলৰ বিষয়ে অলপ হ’লেও কবলগীয়া থাকে৷ ই আমাৰ মানৱীয় দায়িত্ব৷
***** যোৱা মাহৰ কোনো এটা দিনত কামৰূপ আৰু নলবাৰী জিলাৰ নৈপৰীয়া এটা মুছলিম অঞ্চললৈ গৈছিলোঁ৷ তাত এখন খাৰেজীয়া মাদ্ৰাছা দেখিলোঁ —দেখিলোঁ প্ৰায় চল্লিশটামান সৰু ল’ৰাই হাতত কাঁহী-বাটী লৈ দৌৰা দৌৰি কৰিছে৷ সম্ভৱতঃ খাবৰ সময় হৈছিল৷ সিহঁতৰ চেহেৰা-পাতি, কাপোৰ-কাণি আৰু লেতেৰা পৰিৱেশে মোক বহু কথাই ভাৱিবলৈ বাধ্য কৰাইছিল৷
****** এই ছাত্ৰ (তালিবা) সকলৰ বয়স পাঁচৰ পৰা দহ বছৰৰ ভিতৰত হ’ব৷ তাত তেওঁলোকে আৰবীৰ আলিফ, বা, তা¸ চা আখৰৰ পৰা আৰম্ভ কৰি উৰ্দু, ফাৰ্চী কিতাপৰ পাঠ গ্ৰহণ কৰি আছে৷ তেওঁলোকক কোনো পাৰ্থিৱ বিষয় বা ভাষাৰ শিক্ষা দিয়া হোৱা নাই৷
****** তেওঁলোকে কোনো ধৰণৰ আধুনিক ভাষাৰ পাঠ গ্ৰহণ কৰিব নালাগে৷ দেশীয় মাধ্যমবোৰৰ লগত পৰিচিত হ’ব নালাগে৷ আৰু তেওঁলোকে পঢ়া কিতাপৰ ভাষ্য ঊৰ্দুৰ বাহিৰে অন্য কোনো ভাষালৈ ভাঙনি কৰিব নোৱাৰে৷
******তেওঁলোক বুনিয়াদী বা প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈছে৷ বঞ্চিত হৈছে সাধাৰণ জ্ঞানৰ পৰা, নিজৰ ভবিষ্যতৰ পৰা, যুগ-যোগ্যতাৰ পৰা, নিজক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ পৰা, সময়ৰ সতে মিলি জীয়াই থকাৰ পৰা, নিজৰ লগতে দহৰ আৰ্থ-সামাজিক বিকাশৰ পৰা আৰু সমসাময়িক জগতত জাতিটোক নেতৃত্ব দিব পৰা যোগ্যতাৰ পৰা৷
****** এই ছাত্ৰসকল আমাৰ ভৱিষ্যত —আমাৰ ধৰ্মৰ গুৰিয়াল—আমাৰ সমাজৰ মুৰব্বী—আমাৰ সামাজিক জীবনৰ পথ প্ৰদৰ্শক—আমাক অনুশাসন কৰা নেতা—আমাৰ যুগ যোগ্য ভৰষা—-আমাৰ ফতোৱা দাতা হুজুৰ৷
******এই তালিবাসকলৰ নব্বৈ শতাংশ আহে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ পৰা, নিৰক্ষৰ অভিভাৱকৰ পৰা, সাধাৰণ শিক্ষাৰ পৰা বঞ্চিত পৰিয়ালৰ পৰা, অত্যন্ত ধৰ্মান্ধ পৰিয়ালৰ পৰা, পিছ পৰা অঞ্চলৰ পৰা, আধুনিক শিক্ষাৰ সুবিধা নথকা অঞ্চলৰ পৰা আৰু মোল্লাজাতীয় পৰিয়ালৰ পৰা৷
******এওঁলোকৰ জীৱন-নিৰ্বাহৰ বিচিত্ৰ উৎসবোৰ চাওঁক—-
নতুন মছজিদৰ সন্ধান, মাদ্ৰাছাৰ চাকৰি, নতুন মাদ্ৰাছা নিৰ্মাণ, তাবিজ-কবচৰ ব্যৱসায়, কোৰআন খতম-দোৱাৰ নামত টকা লোৱা¸ ফতোৱাবাজী কৰি পোৱা ফিজ, মছজিদ-মাদ্ৰাছাৰ হকে ভিক্ষা, কমিচন, জাকাত-ফিৎৰা সংগ্ৰহ, দান-খয়ৰাত-চদকা বিচৰা, মৃতকৰ কাযা হোৱা ছালাতৰ কাফফাৰাৰ নামত ধন সংগ্ৰহ (ছালাতৰ কোনো কাফফাৰা নাই)¸ কোৰবানীৰ চামৰাৰ ধন সংগ্ৰহ, আন মছজিদ-মাদ্ৰাছাৰ হকে বক্তৃতা দি দান সংগ্ৰহ আৰু কমিচন লাভ কৰা, মুৰিদ বা ধৰ্মত শৰণ দি শিষ্যৰ পৰা দান দক্ষিণা আদায় কৰা, সংগৃহীত জাকাত-ফিৎৰাক নিজৰ দৰমহাত কটা (এই ধন ইতিম-মিচকীনৰ নামত কৰা হয় যদিও মুৰকত হুজুৰৰ পকেটত সোমায়) আদি এওঁলোকৰ জীবিকাৰ উৎস৷
****** আপোনালোকৰ সন্তানক মাদ্ৰাছাত পঢ়ুৱাব নে স্কুলত পঢ়ুৱাব তাক আপোনালোকেই সিদ্ধান্ত কৰিব৷ আমি কাকো কোনো ধৰণৰ উপদেশ-নিৰ্দেশ দিব নোৱাৰোঁ আৰু নিদিওঁ৷ কেৱল এই কথা কম যে পয়াঁলগা মুছলিম সমাজত নতুন কোনো ধোদৰ জন্ম নিদিব৷ ই আপোনাৰ/আমাৰ সকলোৰে কাৰণে একোটা বোজা৷
পাৰিলে যুগ যোগ্য একোজন মানুহৰ জন্ম হোৱাত সহায় কৰক —-যিজন হ’ব পাৰে প্ৰকৃত আলীম(পণ্ডিত) —যি সমাজত নিজেই সম্পুৰ্ণ —যি নিজৰ লগতে আন দহজনক স্বাৱলম্বী হোৱাত হাত উজান দিব পাৰে৷
——+——
December 29, 2016 at 6:17pm ·
Privacy: Public
Add Photos · More
Muktabul Hussain and Badar Uddin
Muktabul Hussain
অলপো কৃত্ৰিমতা নোহোৱাকৈ সম্পূৰ্ণ এক বাস্তৱ সত্য প্ৰতিচ্ছবি দাঙি ধৰা হৈছে! আজি আমাৰ মুছলিম সমাজত দ্বীন ইছলামক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাৰ এইবোৰেই হৈছে অন্যতম কাৰণ। এই মাদ্ৰাছাসমূহত কোনো প্ৰকৃত ইছলামিক মানৱ সম্পদৰ সৃষ্টি হোৱা নাই, হৈছে মাথোঁ পোষ্টত উল্লেখ কৰাৰ দৰে অসংখ্য কোৰআন আৰু ছহীহ হাদীছৰ জ্ঞানবিহীন দিকবিদিগ হেৰোৱা একো একোজন কেৱল পোচাকধাৰী তথাকথিত আলীম!!
প্ৰকৃততে এইয়া মানৱ অধিকাৰ ভঙ্গৰ চুড়ান্ত নিদৰ্শন!