মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান – অসম বিধান সভাত অৱশেষত বহু চৰ্চিত মাদ্ৰাছা সম্পৰ্কীয় দ্য আছাম ৰিপিলিং বিল ২০২০ আইনত পৰিণত হ’ল৷ এই আইনৰ জৰিয়তে ৬৮৩ খন মাদ্ৰাছা এক এপ্ৰিল,২০২১ ৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ হৈ পৰিল৷ চৰকাৰৰ যুক্তি হ’ল চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিয়া নহয় ,অৰ্থাৎ কোৰান -হাদিছৰ শিক্ষা হৈছে ধৰ্মীয় শিক্ষা৷
Part -১
আব্দুল জলিল
মুছলমান আগমনৰ পিছৰে পৰাই কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতেই যুগে যুগে চলি অহা মাদ্ৰাছাসমুহ হঠাৎ বন্ধ কৰি দিয়াত স্বাভাৱিকতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ মুছলমান ৰাজনীতিবিদ সকল চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে৷প্ৰয়োজনত ইয়াক আধুনিকীকৰণ হোৱাটো বিচাৰিছে৷ দুয়োপক্ষই ৰাজনৈতিক বিচাৰত যুক্তি তৰ্ক কৰি আছে আৰু কৰি থাকিব৷ যুগ যুগ ধৰি চলি অহা মাদ্ৰাছা শিক্ষাক লৈ এক বিস্তৃত চৰ্চাৰ প্ৰয়োজন আছে৷সেয়ে এই লিখনিৰ জৰিয়তে তাৰেই প্ৰয়াস কৰা হৈছে৷
মাদ্ৰাছাক নবীৰ ঘৰ বুলি কোৱা হয় অৰ্থাৎ মাদ্ৰাছাৰ পৰা নবীৰ আদৰ্শৰ মানৱ সম্পদ গঢ়ি তোলাই হৈছে মূখ্য উদ্দেশ্য। গতিকে মাদ্ৰাছাৰ পুৰ্বে নবী আৰু ছাহাবা সকলৰ আদৰ্শৰ পৰ্যালোচনা কৰা উচিত৷ পৃথিবীৰ ভিতৰত আটাইতকৈ উত্তম আদৰ্শৰ মানুহগৰাকী হৈছে আমাৰ দয়াৰ নবী আৰু ইয়াৰ পিছতে হল ছাহাবা সকল। তেখেত সকলৰ আদৰ্শ ত আছিল উত্তম ইমাম, সিয়াম পালনকাৰী,ছালত আদায়কাৰী ,দাতা, সমাজ সংস্কাৰক ,শাসক, বিঢাৰক, ব্যৱসায়ী, শ্ৰমিক, সৈনিক, সেনাপতি, আমানতদাৰ ,কূটনৈতিক, কৌশলী,গাণনিক ,শিক্ষক আনকি হাদিছত তেখেতৰ চিকিৎসাৰ পৰামৰ্শ বিধি ,কবিতা, সাংবাদিকতা (কাশেদ ) উল্লেখ পোৱা যায়।
আমাৰ দেশত মুছলমান আগমনৰ পিছৰ পৰাই বিভিন্ন পৰ্যায়ত মাদ্ৰাছা শিক্ষাৰ প্ৰচলন হয়৷এই শিক্ষাৰ বিভিন্ন পৰ্যায়ক চাৰিটা স্তৰত ভাগ কৰিব পাৰি – ১) মোগলৰ পুৰ্বকাল ২) মোগল কাল ৩) বৃটিছ কাল ৪) স্বাধীনোত্তৰ কাল৷
উক্ত স্তৰ সমুহত মাদ্ৰাছা শিক্ষাৰ ৰেহৰূপ তলত দিয়া ধৰনে আছিল৷
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান
মোগল পূৰ্ব কাল : মহম্মদ বিন কাছিম-৭১১ চনত ভাৰতত আগমন কৰে ।তেখেতে ,সিন্ধ ,দেবাল আৰু মনছুৰআত শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰে ।তেখেতৰ শাসন আমোলত (৭২৮-৭৩৮) আনুষ্ঠানিক মাদ্ৰাছা প্ৰতিষ্ঠা হোৱা নাছিল যদিও ইছলামিক পণ্ডিত সকলে ঠাই বিশেষে কোৰআনৰ তপছীৰ আৰু হাদিছৰ ওপৰত বক্তৃতা দিছিল । ইয়াৰ পিছত ১২ শতিকাত মহম্মদ ঘোৰিয়ে তুৰকী শাসন স্থাপন কৰে । ঘোৰিয়ে আজমীৰত ১১৯১ খ্ৰীঃ প্ৰথম আনুষ্ঠানিক মাদ্ৰাছা প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছত বিভিন্ন বংশৰ দিল্লীৰ চুলতান সকলে (১২০১-১৫২৮ ) শিক্ষাৰ ওপৰত অত্যন্ত গুৰুত্ব দিয়ে আৰু মছজিদ আৰু মাদ্ৰাছা প্ৰতিষ্ঠা কৰে। ইয়াৰে প্ৰথমটো মাদ্ৰাছা ছামছুদ্দিন ইলতুৎমিচে মাদ্ৰাছা -ই- মুইজ্জি প্ৰতিষ্ঠা কৰে ।
তোঘলগ বংশৰ শাসন আমোল (১২৯০-১৩০২)
মহম্মদ বিন তোঘলকে ১০০০ টা মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল বুলি ইতিহাসত বৰ্ণনা পোৱা যায়। ৰাজকাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে ব্যাপক হাৰত এই মাদ্ৰাছা সমূহ প্ৰতিষ্ঠা কৰা হৈছিল।
সেইসময়ত মাদ্ৰাছা সমুহত তলত উল্লেখ কৰা বিষয় সমুহৰ ওপৰত পাঠদান দিয়া হৈছিল——-
১৷ ফিকাহ ( ইছলামিক বিধি-বিধান)
২৷উছুল আল ফিকাহ (ইছলামিক বিধি-বিধানৰ মুলনীতি)
৩৷কাজি ( বিচাৰক )
উক্ত বিষয় সমুহৰ পাঠদানৰ বাবে তলত উল্লেখ কৰা
পুথিসমুহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছিল৷
১৷আল-হিদায়া ফি শাৰহ বিদায়াত আল মুবতাৎ ( লেখক: বুৰহান আল দ্বীন আলি বিন আাবি বকৰ আল মাৰ্গীনানী ,১১৯৬
২৷আল-কুদৰী ( লেখক: আহমদ বিন মুহাম্মদ আল-কুদৰী ,১০৩৬
৩৷ মাাজমা আল বাহাৰাইন,( লেখকঃ মুজাফফৰ আল দ্বীন আহমদ বিন আল ছাতি,১২৯৪
৪৷আল মত্তাফাক
উছুল আল ফিকাৰ পাঠ্যক্ৰমৰ পুথিসমুহ আছিল—–
১৷ আল হুছামা ( লেখকঃহুছাম আল দ্বীন মুহাম্মদ,১২৪৬
২৷ আল মানাৰ ,(আবুল বাৰাকত আল নাছাফী,১৩১০)
৩৷ উছুল বাজদায়ি ( আলি বিন আহমদ আলবাজদায়ী৷
মাদ্ৰাছা শিক্ষাৰ অতীত আৰু বৰ্তমান
পৰৱৰ্তী সময়ত দিল্লী কেন্দ্ৰীক মুছলমান শাসক সকল দুৰ্বল হৈ পৰে ।ইয়াৰ বিপৰীতে দাক্ষিণ্যতত শাসন প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ভিতৰত অন্যতম হৈছে বাহামানি বংশৰ শাসন। ১৩৪৭ খ্ৰীঃ প্ৰতিষ্ঠা কৰি এই বংশ পৰৱৰ্তী দুশ বছৰলৈ শাসন কৰিছিল। সেই বংশৰে মহম্মদ শাহ ১৩৭৮ খ্ৰীঃ প্ৰথম মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল। এই বংশৰ শাসন আমোলত মহম্মদ শাহ বাহমানিৰ প্ৰধান মন্ত্ৰী খোৱজা মাহমুদ গাওনৰ নিৰ্দেশত আটাইতকৈ বিখ্যাত মাদ্ৰাছা প্ৰতিষ্ঠা হৈছিল বিদাৰত ১৪৭২ খ্ৰীঃ । ধৰ্মতত্ব ,দাৰ্শনিক আৰু বৈজ্ঞানিক সৃষ্টিৰ বাবে সমগ্ৰ দেশতে সুনাম অৰ্জন কৰিছিল এই মাদ্ৰাছা খনে।
বঙ্গ দেশত ইছলামী শিক্ষাৰ আনুষ্ঠানিকতা দিল্লীৰ চুলতানী কালতে আৰম্ভ হৈছিল । কিন্তু ইয়াৰ ভেটি স্থাপন কৰিছিল চুফী সকল। তেওঁলোকে ইফাল সিফাল ভ্ৰমণ কৰিছিল।যত তেওঁলোক গৈছিল, তাত একোটা কেন্দ্ৰ গঢ়ি তুলিছিল আৰু মানুহক ধৰ্মীয় শিক্ষা প্ৰদান কৰিছিল,যাক খানকাহ বুলি কোৱা হৈছিল। পৰৱৰ্তী এই খানকাহ সমুহত নিয়মীয়াকৈ প্ৰাথমিক শিক্ষা প্ৰদান কৰা হৈছিল আৰু মক্তৱ নামেৰে নামাকৰণ কৰা হৈছিল।
১১৯৭ খ্ৰীঃ বখতিয়াৰ খিলজীয়ে বঙ্গ (অসমৰ অংশ বিশেষ সামৰি) দেশত শাসন ব্যৱস্থা প্ৰতিষ্টা কৰিছিল। তেওঁৰ শাসনকালত বহু সংখ্যক মাদ্ৰাছা প্ৰতিষ্ঠা কৰিছিল লগতে মক্তৱ শিক্ষাও প্ৰসাৰ কৰিছিল।সেই সময়ত মাদ্ৰাছা সমুহত বিজ্ঞান শিক্ষা সহ ৰাজকায্য পৰিচালনাৰ বাবে দক্ষ মানৱ সম্পদ সৃষ্টি কৰিৱ পৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰিও মছজিদ কেন্দ্ৰীক মক্তবো প্ৰতিষ্টিত হৈছিল। যিটো প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হৈছিল।
(মোগল কাল-(১৫২৬-১৳৫৭) এই সময়ত দুইধৰণৰ শিক্ষা আছিল।টোল অৰ্থাৎ গুৰু গৃহ
, মক্তৱ আৰু মাদ্ৰাছা ।
মোগল যুগত মাদ্ৰাছাৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছিল। দেশৰ চুকে কোণে প্ৰতিষ্টা হৈছিল মাদ্ৰাছা। প্ৰশাসনিক কামত সহায় কৰিব পৰা মানৱ সম্পদ সৃষ্টিৰ মূখ্য উদ্বেশ্য আছিল যদিও অন্য আৰু দুটা কাৰকেও কাম কৰিছিল – ৰাজনৈতিক স্থিৰতা আনিবলৈ ক্ষমতাৰ কেন্দ্ৰীকৰণৰ বাবে আমোলা সৃষ্টি কৰা আৰু আলিম সকলোক ধৰ্মীয় ব্যক্তিত্ব হিচাপে জনপ্ৰিয়তা বৃদ্ধি কৰা । সামগ্ৰীক ভাবে মাদ্ৰাছা তথা শিক্ষিত সকলক মোগল সম্ৰাট সকল লগতে সাধাৰণ জনগণেও যথেষ্ট সন্মান কৰিছিল।
১৫ শতিকাত মীৰ ফাতেউল্লাহ ছিৰাজীয়ে মাদ্ৰাছা পাঠ্যক্ৰমত নৈতিক শিক্ষা, অংক , জ্যো্তিবিদ্যা , কৃষিবিদ্যা, চিকিৎসা বিদ্যা, যুক্তিবিদ্যা ,প্ৰশাসনিক বিদ্যাৰ উপৰিও সংস্কৃত ব্যাকাৰণো সন্নিৱিষ্ট কৰাৰ কথাও ইতিহাসত পোৱা যায় ৷ প্ৰচলিত মাদ্ৰাছাৰ উপৰিও সম্ৰাট চাহজাহানে ১৬৫০ খ্ৰীঃ দিল্লীত ইমপেৰল কলেজ প্ৰতিষ্টা কৰিছিল। ঔৰংগজেৱ লক্ষ্ণৌত ফাৰাংগী মহল নামৰ অন্য এক শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিছিল। উক্ত স্থানতে ওঠৰ শতিকাত মোল্লা নিজাম উদ্দিন সাহলৱীয়ে এক নতুন পাঠ্যক্ৰম প্ৰস্ত্তুত কৰি দাৰচে-ই-নিজামী নামকৰণেৰে শিক্ষাদান আৰম্ভ কৰিছিল।
এই পাঠ্যক্ৰমৰ মৌলিক ভাগ সমুহ আছিল —-
১৷ আৰবী ভাষা যেনেঃ সৰ্ফ(অঙ্গসংস্থাপনবিদ্যা), নাৱা (ব্যাকাৰণ),বালাগাহ ( বাগ্মিতা ), এই সমুহ বিষয়ৰ ভিতৰত আৰবী ব্যকাৰণৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল৷
এই বিষয় সমুহক সমুহীয়াকৈ লিছানায়াত বুলি কোৱা হৈছিল৷
২৷ দ্বিতীয় বিষয় আছিল ইবাদৎ অৰ্থাৎ প্ৰাৰ্থনা পদ্ধতি আৰু মামলাত(আচাৰ-ব্যৱহাৰ), আল কুৰআন,তপচীৰ ,আৰু ফিকাহ যাক সমুহীয়া ভাৱে দ্বীনিয়াত বুলি কোৱা হয়৷
৩৷ লিছানিয়াত আৰু দ্বীনিয়াতৰ পৰিপুৰক শিক্ষা যেনেঃ অংক শাস্ত্ৰ,স্বাস্থ্য,যুক্তি বিদ্যা,দৰ্শন ,ফাৰ্চী ভাষা আৰু সাহিত্য৷ এই সকলো মিলি মাকুলাত বুলি কোৱা হৈছিল৷
এই খিনিতে উল্লেখ কৰিব বিচাৰিছো যে ঔৰংগজেৱৰ নিৰ্দেশত মোল্লা নিজাম উদ্দিনৰ পিতৃ কুতুৱ উদ্দিনৰ নেতৃত্বত ফতোৱা ই আলমগীৰ নামৰ বিখ্যাত ফতোৱা পুথি এখন সংকলিত হৈছিল৷
মোগল শাসন কালত মাদ্ৰাছা সমুহত সাময়িক জ্ঞান,প্ৰযুক্তিবিদ্যা ইউৰোপৰ ভাষাও শিক্ষা দিয়া হৈছিল। শাহ ওৱালিউল্লাহ দেহলৱীয়ে প্ৰতিষ্টা কৰিছিল মাদ্ৰাছা -ই- ৰাহিমীয়া ৷ইয়াত যুক্তিবিদ্যা সহ ’মনকুলাত’ পৰম্পৰাৰে জ্ঞান-বিজ্ঞানৰ শিক্ষা প্ৰদান কৰিছিল ।তেখেতৰ তৰ্ক বিদ্যা ,ফেকা শাস্ত্ৰ ,হাদিছ ,টিব ( প্ৰাচ্য চিকিৎসা ) এলজেব্ৰা ,অংক শাস্ত্ৰৰ ওপৰত পাণ্ডিত্য আছিল। এই শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষা লাভ কৰা ছাত্ৰ সকলেই ধৰ্মীয় প্ৰতিষ্ঠান সহ প্ৰশাসনিক কামতো সেৱা আগবঢ়াইছিল৷
মাদ্ৰাছাৰ পাঠ্যক্ৰমত কলা শিক্ষা, গণিত, বিজ্ঞান, ভূগোল, ইতিহাস, সমাজ বিদ্যা সহ পবিত্ৰ আল কুৰআন ,হাদিছ,ফেকা শাস্ত্ৰ সামৰি লৈ পাঠদান দিয়া হৈছিল। সেই সময়ত এই মাদ্ৰাছা সমুহতেই হিন্দু-মুছলমান উভয়েই শিক্ষা গ্ৰহন কৰিছিল। মাদ্ৰাছা সমুহ পৰিচালনাৰ বাবে হেজাৰ হেজাৰ বিঘা কৰমুক্ত ভূমি আবণ্টন দিয়া হৈছিল। সেই ভুমিৰ পৰা উৎপাদিত ফচলৰ পৰা মাদ্ৰাছা পৰিচালনাৰ ব্যয় ভাৰ বহন কৰা হৈছিল।
ইয়াত ব্যকাৰন,সাহিত্য,তৰ্কশাস্ত্ৰ বিজ্ঞান,ইছলামিক বিধি নিয়ম, কোৰআনৰ ব্যাখ্যা,(তফছীৰ) হাদিছ, ধৰ্মীয় দৰ্শন,আধ্যাত্মিকতা আদি বিষয় সন্নিৱিষ্ট কৰা হৈছিল।
বৃটিছ শাসন কালৰ মাদ্ৰাছা শিক্ষা : (১৭৫৭-১৯৪৭) পলাশী যুদ্ধৰ পিছত ১৭৬৫ খীঃত বৃটিছ সকল সামগ্ৰিক ভাৱে ভাৰতবৰ্ষত ৰাজক্ষমতা দখল কৰে৷ ১৭০৭ খীঃত ঔৰংগজেৱৰ মৃত্যুৰ পিছত মোগল সম্ৰাজ্যৰ দূৰ্বল হবলৈ ধৰে৷ সেই সময়ত কিছু বছৰ দেশৰ শিক্ষা ব্যৱস্থা অপৰিৱৰ্তনীয় হৈ থাকে৷ কিন্তু ১৭৭৩ খীঃত বৃটিছ চৰকাৰে চাৰ্টাৰ আইন কাৰ্যকৰী কৰে৷
এই আইন মতে ৰাজকাৰ্য আৰু ব্যৱসায় বাণিজ্য পৰিচালনাৰ বাবে মুছলমান শাসন আমোলৰ শিক্ষা পদ্ধতি খাৰিজ কৰি বৃটিছ সকলে নিজা পদ্বতিৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে ৷ এই শিক্ষা ব্যৱস্থা বিশেষকৈ খ্ৰীষ্টান মিচনেৰী সকলৰ দ্বাৰা পৰিচালিত হৈছিল৷ স্মৰ্তব্য যে চাৰ্টাৰ আইনৰ পূ্ৰ্বেই মিচনেৰী সকলে ১৭০২ খ্ৰীঃ ত কলকাতাত প্ৰথম স্কুল প্ৰতিষ্টা কৰিছিল৷ পলাচী যুদ্ধৰ পিছত আনুষ্ঠানিক ভাৱে যেতিয়া ৰাজনৈতিক ক্ষমতাত অধিষ্টিত হ’ল তেতিয়া ৰবাৰ্ট ক্লাইবে মাদ্ৰাজৰ পৰা মিচনেৰী কৰ্মক্ৰ্তা সকলোক স্কুল প্ৰতিষ্টা কৰিবলৈ কলকাতালৈ আমন্ত্ৰন কৰিছিল আৰু সেইমতে স্কুলো প্ৰতিষ্টা কৰিছিল৷ পৰৱৰ্তী সময়ত বৃটিছ চৰকাৰৰ শিক্ষা নীতি তথা শিক্ষাৰ মাধ্যম মিচনেৰী সকলৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিচালিত হৈছিল৷
আনহাতে বঙ্গৰ গভৰ্নৰ জেনৰেল ওৱাৰিংচ হেষ্টিংচৰ নিৰ্দেশত কলকাতাত ১৭৮০ চনত আলিয়া মাদ্ৰাছা প্ৰতিষ্টা কৰিছিল৷ এই মাদ্ৰাছাত ১৭৯০ চনলৈ দাৰচ ই নিজামী পাঠ্যক্ৰমত পাঠদান চলিছিল৷
ইয়াৰ মাজতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮১৩ চনত চাৰ্টাৰ আইন নৱীকৰণ কৰিছিল৷
এই আইনৰ ফলত দেশৰ শিক্ষা ব্যৱস্থাৰ আমুল পৰিবৰ্তন ঘটাইছিল৷ এই আইনৰ ফলত ভাৰতীয়া শিক্ষা পদ্ধতিত ইংৰাজী মাধ্যম প্ৰচলন কৰিছিল৷ সেইমতে কলকাতা আলিয়া মাদ্ৰাছাত ১৮২৪ চনত ইংৰাজী ভাষাৰ প্ৰচলন কৰা হৈছিল আৰু ১৮৫১ চনলৈ অব্যাহত আছিল৷