প্রশ্ন (৩৪/১৫৪) : মাতা – পিতাৰ মাজত সন্তানৰ ওচৰত অধিক সেৱা পোৱাৰ হকদাৰ কোন?

উত্তৰ: উভয়েই সমান হকদাৰ। আল্লাহই কয়, তোমলোকে মাতা-পিতাৰ প্রতি সদাচৰণ কৰা। তেওঁলোকৰ মাজত কোনোবা এজন অথবা উভয়েই যদি তোমাৰ ওচৰত বৃদ্ধ অৱস্থাত উপনীত হয়, তেতিয়াহ’লে তুমি তেওঁলোকৰ প্রতি উহ্ শব্দটো নকবা আৰু তেওঁলোকক ধমক নিদিবা। তেওঁলোকৰ প্রতি মমতা বশতঃ নম্রতাৰ পক্ষপাতিত্ব অৱনমিত কৰা আৰু কোৱা, হে আমাৰ প্রতিপালক! তুমি তেওঁলোকৰ প্রতি দয়া কৰা যেনেকৈ তেওঁলোকে আমাক সৰু
থাকোতে দয়া বশতঃ প্রতিপালন কৰিছিল’(ইছৰা ১৭/২৩-২৪)। কিন্তু পৰিয়ালৰ প্রধান হিচাবে পিতা অধিক আনুগত্য পোৱাৰ হকদাৰ (বুখাৰী, মুচলিম; মিচকাত হা/৩৬৮৫)। আৰু মাতা বিশেষ তিনিটা কষ্টৰ কাৰণে অগ্রাধিকাৰ পাব।
(১) কষ্টৰ সৈতে
গর্ভধাৰণ।
(২) সীমাহীন প্রসৱ বেদনা সহ্যকৰণ।
(৩) আৰু অবর্ণনীয় কষ্ট ভোগ কৰি সন্তান পালন।
এইবোৰত পিতাৰ কোনো অংশীদাৰিত্ব নাই। এইবাবে জনৈক ছাহাবী পিতা-মাতাৰ সেৱাৰ কথা সুধিলে ৰাছুল (ছাঃ) মাৰ কথা তিনবাৰ আৰু পিতাৰ কথা এবাৰ ক’লে (বুখাৰী, মুছলিম, মিচকাত হা/৪৯১১-১২)।

মাশিক আত-তাহৰিক, জানুৱাৰী(২০১৭)