মাজাৰৰ নামত ভণ্ডামি নে শ্বয়তানী চলি আছে ?

মাজাৰৰ নামত ভণ্ডামি নে শ্বয়তানী চলি আছে ?
           
            বৰ্তমান অসমৰ বা ভাৰতৰ মাজাৰবিলাকত যিবোৰ কৰ্মকাণ্ড চলি আছে ,সেইবোৰ আচলতে ইছলামসন্মত, পৱিত্ৰ কুৰআন-হাদীছ সন্মত হয়নে ? এই বিষয় লৈ ইতিমধ্যে আমাৰ লগতে অসমৰ ভালেমান লোকে অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, গণ অধিকাৰ আদি দৈনিক কাকতৰ লগতে অন্যান্য বহু আলোচনীত লিখা-মেলা কৰিছে । মাজাৰ, উৰুছৰ নামত চলি অহা প্ৰায়বোৰ কথা-কৰ্ম ইছলামবিৰোধী বুলি ইছলামী পণ্ডিতসকলে সদায়েই দৃঢ়তাৰে মত প্ৰকাশ কৰি আহিছে । এই মুফতী,মুহাদ্দীছ ,মুফাচ্চীৰসকলে পৱিত্ৰ কুৰআন আৰু চহীহ হাদীছৰ দলীলসহ কৈ আহিছে যে ইছলামত তথাকথিত মাজাৰ বা মাজাৰত চলি অহা উৰুছৰ কোনো স্থান নাই ,মাজাৰত একপ্ৰকাৰ পূজা-পাতালহে চলি আছে ,একাংশৰ বাবে মাজাৰ ব্যৱসায়িক কেন্দ্ৰ হৈ পৰিছে ,মাজাৰ-উৰুছৰ নামত একপ্ৰকাৰ চলি আছে চূড়ান্ত ভণ্ডামি, শ্বয়তানী……।
       আমি ব্যক্তিগতভাৱে আজমীৰস্থিত মইনুদ্দিন চিস্তীৰ মাজাৰ, দিল্লীৰ নিজামুদ্দিনৰ মাজাৰ, হাজোৰ পোৱামক্কা,শিৱসাগৰস্থিত আজানপীৰৰ দৰগাহ আদিলৈ গৈছোঁ । তাত যিবিলাক ইছলামবিৰোধী অপকৰ্ম চলি আছে, তাক কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰি । হয়,মাজাৰবিলাকলৈ দৈনিক হাজাৰ হাজাৰ (লাখ লাখ) লোকৰ আগমন ঘটে । সেই বুলিয়েই মাজাৰ,দৰগাহৰ অপকৰ্ম বিলাক বৈধ,ইছলামসন্মত হৈ নাযায় । ইছলামৰ প্ৰাণকেন্দ্ৰ চৌদি আৰবকে আদি কৰি বিশ্বৰ প্ৰায়বোৰ মুছলিম দেশত মাজাৰ বা দৰগাহৰ নামত ভণ্ডামি,শ্বয়তানী নাই । উপমহাদেশতহে ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক । দ্বীনদৰদী,ইছলামদৰদী লোকসকল মাজাৰৰ নামত, উৰুছৰ নামত চলি থকা ভণ্ডামি, শ্বয়তানী ৰোধ,বন্ধ কৰিবলৈ আগবাঢ়ি অহা উচিত,পদক্ষেপ গ্রহণ কৰা উচিত । এই কাম সমষ্টিগতভাৱে কৰিব পাৰিলে কিছু পৰিমাণে বা বহু পৰিমাণে সাফল্য অর্জন কৰিব পৰা যাব বুলি মোৰ বিশ্বাস ।

Leave a comment