মাজহাব / মাজহাব পৰিচিতি:

#মাজহাব_পৰিচিতি:
__________________________

বর্তমান গোটেই বিশ্বত মুছলিমসকলৰ সংখ্যা দুশ পঞ্চাশ কোটিৰো অধিক। পৃথিৱীৰ প্রতি তিনিজন ব্যক্তিৰ ভিতৰত এজন মুছলিম। অমুছলিমসকলৰ ওচৰত আমি অর্থাৎ ইছলাম ধর্মাৱলম্বীসকল মুছলিম বুলি পৰিচিত হ’লেও মুছলিমসকল নিজৰ মাজতেই বিভিন্ন নামেৰে পৰিচিত। যেনে-

হানাফী, শ্বাফেয়ী, মালিকী, হাম্বলী প্রভৃতি। এই নামসমূহ আল্লাহ বা মুহাম্মাদ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে দিয়া নাম নহয়। আনকি যিসকলৰ নামত এই মাযহাব তৈয়াৰ কৰা হৈছে তেখেতসকলেও এই নামবোৰ দিয়া নাই। মুছলিমসকলৰ মাজত প্রচলিত চাৰিটা মাযহাব, দল বা ফিৰ্কা ইছলামৰ কোনো নিয়ম বা বিধান মানি তৈয়াৰ কৰা হোৱা নাই। কাৰণ ইছলাম ধর্মত কোনো দলবাজী বা ফিৰ্কাবন্দী নাই। মুছলিমসকলক বিভক্ত হোৱাৰ পৰা আৰু ধর্মত নানা মতৰ সৃষ্টি কৰাৰ পৰা কঠোৰভাৱে সাৱধান কৰা হৈছে। এই মাযহাবসমূহ ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম আৰু ছাহাবা (ৰাঃ)ৰ সময়ত সৃষ্টি হোৱা নাই। আনকি ঈমামসকলৰ সময়তো সৃষ্টি হোৱা নাই। চাৰি ইমামৰ মৃত্যুৰ বহু বছৰ পিছতহে তেখেতসকলৰ নামত মাযহাব তৈয়াৰ কৰা হৈছে।

কোৰআন হাদীছ আৰু চাৰি ইমামৰ দৃষ্টিত মাযহাব কি, মাযহাব মানিবই লাগিব নেকি, মাযহাব মানিলে কি গুনাহ হ’ব, সেই সম্পৰ্কে বিশদ আলোচনা কৰা হ’ব ইন শ্বা আল্লাহ!

মাযহাব সৃষ্টিত আল্লাহৰ কঠোৰ নিষেধাজ্ঞা:

মুছলিমাসকল যাতে বিভিন্ন দলত বিভক্ত নহয় তাৰ কাৰণে আল্লাহ পাকে আমাক কঠোৰভাৱে সাৱধান কৰি দিছে। যেনে- আল্লাহ তা‘আলাই কোআনৰ ছূৰা আন-‘আমৰ ১৫৯ নম্বৰ আয়াতত কৈছে-

“নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব”।

অলপ ৰৱ! ওপৰৰ আয়াতটো অনুগ্ৰহ কৰি বাৰে বাৰে পঢ়ক আৰু বুজাৰ চেষ্টা কৰক, চিন্তা কৰক। আল্লাহ তা‘আলাই প্ৰত্যক্ষভাৱে কৈছে যিসকলে দ্বীন বা ধর্মত অর্থাৎ ইছলামত নানা মতভেদ সৃষ্টি কৰিছে আৰু বিভক্ত হৈছে, সিহঁতৰ সৈতে আমাৰ নবী মহাম্মাদ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কোনো সম্পর্ক নাই। যাৰ সৈতে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কোনো সম্পর্ক নাই তেওঁ মুছলিম হয়নে? তেওঁ কেতিয়াবা জান্নাতৰ সুগন্ধি পাবনে? মুছলিমসকলৰ কৰ্তব্য ও দায়িত্ব কোৰআন-হাদীছ মানি চলা। এইটোৱেই আমাৰ একমাত্র পৰিচয়। আল্লাহে কৈছে-

‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’। (ছূৰা আল-মু’মিনুন ২৩/৫২)।

তেনেহ’লে নিশ্চয় বুজিব পাৰিছে যে ফৰয বা ওৱাজিব বুলি ভাৱি আমি যি মানি আহিছোঁ আল্লাহে তাক মানিবলৈ কিমান কঠোৰভাৱে নিষেধ কৰিছে! কিন্তু কেৱল এইখিনিয়েই নহয় আল্লাহে আৰু বহু আয়াতত এই সম্পৰ্কে মানুহক সাৱধানবাণী শুনাইছে। যেনে- ছূৰা আৰ-ৰূমৰ এটি আয়াত চাওঁক য’ত আল্লাহ পাকে কৈছে-

“তোমালোকে বিশুদ্ধ চিত্তে তেওঁৰেই অভিমুখী হোৱা আৰু কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা আৰু ছালাত কায়েম কৰা; আৰু মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা”।

“যিসকলে নিজৰ দ্বীনক বিভক্ত কৰিছে আৰু বিভিন্ন দলত পৰিণত হৈছে (সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা)। প্ৰত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈয়ে উৎফুল্লিত”। (ছূৰা আৰ-ৰূম ৩০/৩১-৩২)।

বর্তমান আমাৰ সমাজৰ অৱস্থাও সেই মুশ্বৰিকসকলৰ দৰেই। ইছলামক তেওঁলোকে (মাযহাবীসকলে) বিভিন্ন দলত বিভক্ত কৰিছে আৰু তেওঁলোকৰ নিজৰ ওচৰত যি আছে তাক লৈয়েই তেওঁলোক আনন্দিত। তেওঁলোকৰ সন্মুখত কোনো কথা উপস্থাপন কৰিলে তেওঁলোকে নকয় যে কোৰআন-হাদীছত আছে নে নাই। তেওঁলোকে কয় আমাৰ ইমামে কি কৈছে। এওঁলোকে কোৰআন হাদীছতকৈও ইমামৰ ফিকাহক অধিক গুৰুত্ব দিয়ে। অথচ ইছলামৰ ভিত্তি হৈছে কোৰআন-হাদীছ। তাৰ বাহিৰে অন্য একো নহয়। ওপৰৰ আযাতত আল্লাহ তা‘আলাই আমাক উপদেশ দিছে তোমালোকে মুশ্বৰিকসকলৰ অন্তর্ভুক্ত নহ’বা; তোমালোকে ইছলামত মাযহাবৰ সৃষ্টি নকৰিবা। অথচ আমি কোৰআনৰ নির্দেশক অগ্রাহ্য কৰি দ্বীনত দলৰ সৃষ্টি কৰিছোঁ আৰু নিজকে হানাফী, মালিকী বা শ্বাফেয়ী বুলি গর্ব অনুভৱ কৰিছোঁ। আল্লাহে কৈছে-

‘হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ’বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। (ছূৰা হুজুৰাত/০১)

আমাৰ প্রিয় মাযহাবী ভাইসকল! কোৰআনত এনেকুৱা স্পষ্ট নির্দেশ থকাৰ পিছতো আপোনালোকে মাযহাবত বিশ্বাসী হ’ব নেকি আৰু নিজকে মাযহাবী বুলি পৰিচয় দিব নেকি!!! যিসকলে নাজানে তেওঁলোকৰ কথা সুকীয়া। আল্লাহে কৈছে-

‘কোৱা, যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোক সমান নেকি? (ছূৰা আয-ঝুমাৰ ৩৯/০৯)।

সেয়ে আজিয়েই তওবা কৰি সঠিক পথলৈ উভতি আহক! আল্লাহে আমাৰ সকলোকে ইছলাম বুজাৰ তোফিক দিয়ক। আমীন!

ইমামসকলে মাযহাব সৃষ্টি কৰা নাছিল:

ভাৰতবর্ষৰ বিখ্যাত হাদীছশাস্ত্রবিদ ও হানাফীসকলৰ শিক্ষাগুৰু যাক হানাফীসকলে ভাৰতবর্ষৰ ‘ইমাম বুখাৰী’ বুলি কৈ থাকে সেই শ্বাহ অলিউল্লাহ মুহাদ্দিছ দেহলভী (ৰহঃ)য়ে কৈছে –

‘ই’লাম আন্না না-ছা-কা-নু ক্কাৰলাল মিআতিৰ ৰা-বিআতি গাইৰা মুজমিঈনা আলাত্‌-তাকলীদিল খা-লিছ লিমায় হাবিন্‌ ওৱা-হিদিন্‌ বি-আইনিহী’

অর্থাৎ তোমালোকে জানি লোৱা যে, ৪০০ হিজৰীৰ আগলৈ মানুহে কোনো এটি বিশেষ মাযহাবৰ ওপৰত প্ৰতিস্থিত নাছিল’ (হুজ্জাতুল্লাহিল বালেগাহ; ১৫২ পৃষ্ঠা)।

অর্থাৎ ৪০০ হিজৰীৰ আগত নিজকে হানাফী, শ্বাফেয়ী বা মালিকী বুলি পৰিচয় দিয়া নাছিল। আকৌ চাৰিশ হিজৰীৰ বহু আগতেই ইমামসকলে ইন্তেকাল কৰে। ইমামসকলৰ জন্ম ও মৃত্যুৰ সময়টো এবাৰ জনা যাওঁক, তেনেহ’লে বিষয়টো আৰু অধিক স্পষ্ট হৈ পৰিব।

ইমামৰ নাম – জন্ম – মৃত্যু:

আবু হানীফা (ৰহঃ) ৮০ হিজৰী ১৫০ হিজৰী।

ইমাম মালিক (ৰহঃ) ৯৩ হিজৰী ১৭৯ হিজৰী।

ইমাম শ্বাফেয়ী (ৰহঃ) ১৫০ হিজৰী ২০৪ হিজৰী।

আহমদ বিন হাম্বাল (ৰহঃ) ১৬৪ হিজৰী ২৪১ হিজৰী।

বিশিষ্ট হানাফী বিদ্বান শ্বাহ অলিউল্লাহ দেহেলভী (ৰহঃ)ৰ কথা যদি মানি লোৱা হয় যে ৪০০ হিজৰীৰ আগতে কোনো মাযহাব নাছিল আৰু ৪০০ হিজৰীৰ পিছত মানুহে মাযহাব সৃষ্টি কৰিছে, তাৰ মানে এইটো বুজায় যে আবু হানীফা (ৰহঃ)ৰ ইন্তেকালৰ ২৫০ বছৰ পিছত হানাফী মাযহাবৰ সৃষ্টি হৈছে। ইমাম মালিক (ৰহঃ)ৰ ইন্তেকালৰ ২২১ বছৰ পিছত মালেকী মাযহাবৰ সৃষ্টি হৈছে। ইমাম শ্বাফেয়ী (ৰহঃ)ৰ ইন্তেকালৰ ১৯৬ বছৰ পিছত শাফেয়ী মাযহাবৰ আৰু ইমাম আহমাদ বিন হাম্বল (ৰহঃ)ৰ ইন্তেকালৰ ১৫৯ বছৰ পিছত হাম্বলী মাযহাবৰ সৃষ্টি হৈছে।

অর্থাৎ ইমামসকলৰ জীৱিত অৱস্থাত মাযহাব সৃষ্টি হোৱা নাই। তেওঁলোকৰ মৃত্যুৰ বহু বছৰ পিছত মাযহাবৰ উদ্ভৱ হৈছে। পুনৰ এবাৰ চিন্তা কৰি চাওঁক! মাযহাব বা দল সৃষ্টি কৰিবলৈ কোৰআন আৰু হাদীছত কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। মহামান্য ইমামসকল আছিল কোৰআন-হাদীছৰ পুঙ্খানুপুঙ্খ অনুসাৰী আৰু ধর্মপ্রাণ মুছলিম। তেওঁলোকে কোৰআন হাদীছক বুঢ়া আঙুলি দেখুৱাই মাযহাব তৈয়াৰ কৰিব নেকি যাক কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে, এইটো কেতিয়াবা সম্ভৱ হ’ব পাৰেনে? যিসকলে কয় ইমামসকলে মাযহাব সৃষ্টি কৰিছে তেওঁলোক হয় মুর্খ নহয় বেইমান। তেওঁলোকে ইমামসকলৰ প্রতি অপবাদ দিয়ে।

কেনেকৈ মাযহাব সৃষ্টি হ’ল?

ফাৰ্চীত এটি প্রবাদ আছে ‘মান তোৰা হাজী গো ইয়াম তু মোৰা হাজী বোগো’ অর্থাৎ এজন লোকে আন এজনক কৈছে, ভাই! যদিও তুমি হাজী নোহোৱা তথাপি মই তোমাক হাজী চাহেব বুলি কৈছোঁ আৰু যদিও মই হাজী নহওঁ তুমি মোক হাজী চাহেব বুলি মাতিবা। এনেদৰে এজনে আনজনক হাজী চাহেব বুলি মাতাৰ ফলত আমি দুয়োজনেই হাজী চাহেব হৈ যাম। এনেদৰেই আবু হানীফা (ৰহঃ)ৰ অনুসাৰীসকলৰ অথবা তেখেতৰ ফতোৱা মানাসকলক অন্যসকলে হানাফী, একেদৰেই ইমাম মালিকৰ ফতোৱা মানাসকলক মালিকী বুলি মাতামাতিৰ ফলত মাযহাবৰ সৃষ্টি হৈছে। আজি যিয়ে এক বিৰাট আকাৰ ধাৰণ কৰিছে। আবু হানীফা (ৰহঃ) বা তেখেতৰ শিষ্যসকলে কেতিয়াও কোৱা নাই যে আমাৰ ফতোৱা যিসকলে মানিবা তেওঁলোকে নিজৰ পৰিচয় হানাফী বুলি দিবা। অথবা ইমাম মালিক বা শ্বাফেয়ীও কৈ যোৱা নাই যে আমাৰ অনুসাৰীসকলে নিজকে মালিকী বা শ্বাফেয়ী বুলি পৰিচয় দিবা। ইমামসকল তো বাদেই আনকি ইমামসকলৰ ছাত্ৰসকল বা তেওঁলোকৰ ছাত্ৰৰ ছাত্ৰসকলেও মাযহাব সৃষ্টি কৰিবলৈ কোৱা নাই। যিহেতু আমাৰ মহামতি ইমামসকলে মাযহাব সৃষ্টি কৰা নাই আৰু কৰিবলৈও কোৱা নাই, তেনেহ’লে তেখেতসকলৰ নামত মাযহাব সৃষ্টি কৰাৰ অধিকাৰ কোনে দিলে?

হাদীছ বিৰোধী বক্তব্যৰ ক্ষেত্ৰত ইমামসকলৰ ৰায়:

মাযহাবীসকলৰ মাজত কিছুমান লোকক দেখা যায় যিসকলে ইমামসকলৰ তাক্কলীদ কৰে অর্থাৎ অন্ধ অনুসৰণ কৰে, তেওঁলোকে ইমামসকলৰ বক্তব্যক আছমানী অহীৰ দৰে মানে। কোৰআন-হাদীছ বিৰোধী কোনো ৰায় হ’লেও তাকেই আমল কৰে। সেয়ে সেইসকল লোকৰ কাৰণে হাদীছ অনুসৰণৰ ক্ষেত্ৰত ইমামসকলৰ মতামত আৰু তেখেতসকলৰ হাদীছ বিৰোধী বক্তব্য প্রত্যাখ্যান কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কেইটিমান উক্তি দিয়া হ’ল। ইন শ্বা আল্লাহ! মাযহাবী ভাইসকলে ইয়াৰ পৰা বহুত উপকৃত হ’ব।

আবু হানীফা (ৰহঃ)

১) যেতিয়া হাদীছ ছহীহ হ’ব, তেতিয়া সেইটোৱেই মোৰ মাযহাব অর্থাৎ হাদীছ ছহীহ হ’লে সেইটোৱেই আমাৰ মাযহাব। (ইবনুল আবেদীন ১/৬৩; ৰাছমুল মুফতী ১/৪; ঈক্কামুল মুফতী ৬২ পৃষ্ঠা)

২) কাৰোঁ কাৰণে মোৰ কথা মানি লোৱা বৈধ নহয়; যেতিয়ালৈকে সি নাজানে যে, মই সেইটো ক’ৰ পৰা গ্রহণ কৰিছোঁ। (হাশ্বিয়া ইবনুল আবেদীন ২/২৯৩ ৰাছমুল মুফতী ২৯, ৩২ পৃষ্ঠা, শ্বা’ৰানীৰ মীথান ১/৫৫; ইলামুল মুওৱাক্কিঈন ২/৩০৯)

৩) যি ব্যক্তিয়ে মোৰ দলিল নাজানে, তাৰ কাৰণে মোৰ উক্তিৰ দ্বাৰা ফতোৱা দিয়া হাৰাম। (আন-নাফিউল কাবীৰ ১৩৫ পৃষ্ঠা)

৪) মই তো মানুহ। আজি এটা কথা কওঁ, আকৌ কাইলৈ সেইটো প্রত্যাহাৰ কৰি লওঁ। – (ঐ)

৫) যদি মই এনেকুৱা কথা কওঁ যিটো আল্লাহৰ কিতাব আৰু ৰাছূলুল্লহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছৰ পৰিপন্থী, তেনেহ’লে মোৰ কথা বর্জন কৰা। (দেৱালত দলিয়াই দিয়া)। (ঈক্কাবুল হিমাম ৫০ পৃষ্ঠা)

ইমাম মালিক (ৰহঃ)

১) মই তো এজন মানুহ মাত্র। মোৰ কথা ভুল হ’ব পাৰে আকৌ সঠিকো হ’ব পাৰে। গতিকে তোমালোকে মোৰ মতক বিবেচনা কৰি চোৱা। ইয়াৰ পিছত যিটো কিতাব আৰু ছুন্নাহৰ অনুকুল পোৱা তাক গ্রহণ কৰা। আকৌ যিটো কিতাব আৰু ছুন্নাহৰ প্রতিকুল তাক বর্জন কৰা। (জানেউ বায়ানিল ইলম ২/৩২, উছুলুল আহকাম ৬/১৪৯)

২) ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পিছত এনেকুৱা কোনো ব্যক্তি নাই যাৰ কথা ও কাম সমালোচনাৰ উর্ধত। একমাত্র ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামেই সমালোচনাৰ উর্ধত। (ইবনু আবদিল হাদী, ১ম খণ্ড, ২২৭ পৃষ্ঠা, আল ফতোৱা – আছছাবকী, ১ম খণ্ড ১৪৮ পৃষ্ঠা, উছুলুল আহকাম ইবনু হাযম, ষষ্ঠ খণ্ড ১৪৫ – ১৭৯ পৃষ্ঠা)।

৩) ইবনু ওহাবে কৈছে, মই ইমাম মালিক (ৰহঃ)ক অজুৰ মাজত দুই ভৰিৰ আঙুলি খিলাল কৰাৰ বিষয়ে এটা প্রশ্ন কৰা শুনিছোঁ। তেখেতে কৈছে- মানুহৰ কাৰণে ইয়াৰ প্রয়োজন নাই। ইবনু ওহাবে ক’লে, মই মানুহ কমি যোৱাত তেখেতক অকলে পাই ক‘লো ‘সেইটো তো আমাৰ কাৰণে ছুন্নাহ। ইমাম মালিকে ক’লে, সেইটো কি? মই ক’লো, আমি লাইছ বিন ছাদ, ইবনু লুহাইয়্যা, আমৰ বিন হাৰিছ, ইয়াযিদ বিন আমৰ আল-মা আফেৰী, আবু আব্দুৰ ৰহমান আল হাবালী আৰু আল মোস্তাওৰাদ বিন ছাদ্দাদ আল কোৰাশ্বী এই সুত্র পৰম্পৰাৰ পৰা জানিব পাৰিছোঁ যে, ছাদ্দাদ আল কোৰাশ্বীয়ে কৈছে, মই ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কনিষ্ঠ আঙুলিৰ দ্বাৰা দুই ভৰিৰ আঙুলি খিলাল কৰোঁতে দেখিছোঁ। ইমাম মালিকে ক’লে, এইটো তো সুন্দৰ হাদীছ। মই ইয়াৰ আগতে কেতিয়াও এই হাদীছটি শুনা নাই। তাৰ পিছত যেতিয়াই তেখেতক এই বিষয়ে প্রশ্ন কৰা হৈছে, তেতিয়াই তেওঁক ভৰিৰ আঙুলি খিলাল কৰাৰ আদেশ দিয়া মই শুনিছোঁ। (মোকাদ্দামা আল জাৰাহ ওৱাত তা দীল- ইবনু হাতিমঃ ৩১- ৩২ পৃষ্ঠা)

ইমাম শাফেয়ী (ৰহঃ)

১) হাদীছ ছহীহ হ’লে সেইটোৱেই মোৰ মাযহাব। (মাজমু ১/৬৩; শ্বা’ৰানী ১/৫৭)

২) মই যি কথাই নকওঁ কিয় অথবা যি নীতিয়েই প্রণয়ন নকৰোঁ কিয়, সেইটো যদি আল্লাহৰ ৰাছূল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰৰ পৰা বর্ণিত (হাদীছৰ) খিলাফ হয়, তেনেহ’লে সেই কথাই মান্য, যিটো ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে; আৰু সেইটোৱেই মোৰ কথা। (তাৰীখু দিমাস্ক; ইলামুল মুওৱাক্কিঈন ২/৩৬৬,৩৬৪)

৩) নিজ ছাত্র ইমাম আহমাদক সম্বোধন কৰি ক’লে- হাদীছ ও ৰিজাল সম্বন্ধে তোমালোকে মোতকৈ বেছি জানা। এতেকে হাদীছ ছহীহ হ’লে মোক জনাবা, সেইটো যিয়েই নহওঁক কিয়; কুকী, বাছৰী অথবা শ্বামী। সেইটো ছহীহ হ’লে সেইটোৱেই মই মোৰ মাযহাব (পন্থা) বনাই লম। (ইবনু আবী হাতীম ৯৪-৯৫ পৃষ্ঠা; হিলয়াহ ৯/১০৬)

৪) মোৰ পুস্তকত যদি আল্লাহৰ ৰাছূল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ছুন্নাহৰ খিলাফৰ কিবা কথা পোৱা, তেনেহ’লে আল্লাহৰ ৰাছূল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ কথাকেই মানি লোৱা আৰু মই যি কৈছোঁ তাক বর্জন কৰা। (নাওৱাবীৰ মা’জমু ১/৬৩; ইলামূল মুওৱাক্কিঈন ২/৩৬১)

৫) যি কথাই মই নকওঁ কিয়, সেইটো যদি ছহীহ ছুন্নাহৰ পৰিপন্থী হয়, তেনেহ’লে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছেই অধিক মান্য। গতিকে তোমালোকে মোৰ অন্ধানুকৰণ নকৰিবা। (হাদীছ ও ছুন্নাহৰ মুল্যমান ৫৪ পৃষ্ঠা)

৬) নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা যি হাদীছেই বর্ণিত হয়, সেইটোৱেই মোৰ কথা; যদিও সেইটো মোৰ ওচৰৰ পৰা নুশুনাকৈ থাকা। (ইবনু আবী হাতীম ৯৩-৯৪)

ইমাম আহমাদ (ৰহঃ)

১) তোমালোকে মোৰ অন্ধানুকৰণ নকৰিবা, মালিকৰো অন্ধানুকৰণ নকৰিবা। অন্ধানুকৰণ নকৰিবা শ্বাফেয়ীৰ আৰু না আওৱাৰী ও ষত্তৰীৰ, বৰং তোমালোকে তাৰ পৰা গ্রহণ কৰা য’ৰ পৰা তেওঁলোকে গ্রহণ কৰিছে। (ইলামুল মোৱাক্কিঈন ২/৩০২)

২) যি ব্যক্তিয়ে আল্লাহৰ ৰাছূল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ হাদীছ প্রত্যাখ্যান কৰে, সেই ব্যক্তি ধ্বংসোন্মুখ। (ইবনুল জাওযী ১৮২ পৃষ্ঠা)

৩) আওযাঈ; ইমাম মালিক ও ইমাম আবু হানীফাৰ ৰায় তেখেতসকলৰ নিজস্ব ৰায় বা ইজতিহাদ। মোৰ ওচৰত এই সকলোবোৰেই সমান। কিন্তু দলিল হ’ল আছাৰ অর্থাৎ ছাহাবী আৰু তাবেঈসকলৰ কথা। (ইবনু আবদিল বাৰ-আল-জামে, ২ খণ্ড, ১৪৯ পৃষ্ঠা)

ইমামসকলৰ এইবোৰ বক্তব্য জনাৰ পিছত আমি কব পাৰোঁ প্রকৃততে যিসকলে ইমামসকলক ভালপায়, শ্রদ্ধা কৰে, মান্য কৰে তেওঁলোকে ইমামসকলৰ কথা অনুযায়ী চলিব আৰু ছহীহ হাদীছকেই নিজৰ মাযহাব বনাব। তাক্কলীদ নকৰিব। প্ৰত্যক্ষভাৱে তাৰ পৰা গ্রহণ কৰিব য’ৰ পৰা ইমামসকলে কৰিছে অর্থাৎ প্ৰত্যক্ষভাৱে হাদীছ-কোৰআনৰ পৰা। ইমামসকলে কোনো বিষয়ে ভুল ফতোৱা (ছহীহ হাদীছ তেওঁলোকে নোপোৱাৰ কাৰণে) দিয়া থাকিলে তাক প্রত্যাখ্যান কৰা আৰু ছহীহ হাদীছৰ ওপৰত আমল কৰা। আল্লাহে আমাৰ সকলোকে ইছলাম বুজাৰ আৰু ছহীহ হাদীছৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমীন!

✍✍.. ( অসমীয়া অনুবাদ , জুবাইৰ ৰহমান )

Leave a comment