মাজহাবীসকলৰ ওচৰত কিছুমান প্ৰশ্ন?
_____________________________
(১) মাজহাব কাক বোলে?
(২) মাজহাবৰ শাব্দিক অৰ্থ কি?
(৩) প্ৰচলিত চাৰি মাজহাব মানাটো ফৰজ নেকি?
(৪) যদি ফৰজ হয়, তেন্তে এই ফৰজটি কোনে উদ্ভাৱন কৰিলে?
(৫) এইটো সকলোৰে কাৰণে ফৰজ নেকি?
(৬) নে কিছুমানৰ কাৰণে ফৰজ?
(৭) যিসকলে চাৰি মাজহাব নামানে তেওঁলোক মুছলিম নহয় নেকি?
(৮) হানাফি, শ্বাফেয়ী, মালিকী আৰু হাম্বলী এই চাৰি মাজহাব কেতিয়া সৃষ্টি হৈছে?
(৯) কোনে সৃষ্টি কৰিছে?
(১০) কিয় সৃষ্টি কৰিছে?
(১১) এইটো কৰা আৰু মানাৰ কাৰণে আল্লাহ ও ৰাছূলৰ নিৰ্দেশ আছে নেকি?
(১২) যিসকলৰ নামত মাজহাব সৃষ্টি কৰা হৈছে তেওঁলোকে মাজহাব সৃষ্টি কৰিবলৈ কৈছে নেকি?
(১৩)ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবীসকলৰ মাজহাব কি আছিল?
(১৪) সেইটো এতিয়াও প্ৰচলিত আছেনে? নে বন্ধ হৈ গৈছে?
(১৫) যদি বন্ধ হৈছে, কোনে বন্ধ কৰিলে?
(১৬) কিয় বন্ধ কৰিলে?
(১৭) বন্ধ কৰাৰ অধিকাৰ কোনে দিলে?
(১৮) আৰু যদি বন্ধ হোৱা নাই, তেনেহ’লে আনৰ নামত মাজহাব সৃষ্টি কৰাৰ প্ৰয়োজন কি?
(১৯) চাৰি মাজহাব মানা যদি ফৰজ হয়, যিসকলে চাৰি মাজহাব নামানে অথবা চাৰি মাজহাব সৃষ্টিৰ আগতে যিসকলে মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হব?
(২০) নাউযুবিল্লাহ! তেওঁলোক জাহান্নামী হব নেকি?
(২১) ইমাম চাৰিজনে কোন মাজহাব মানিছিল?
(২২) তেওঁলোকৰ পিতা-মাতা, ওস্তাদমণ্ডলী আৰু পূৰ্বপুৰুষসকলে কাৰ মাজহাব মানি চলিছিল?
(২৩) সেই মাজহাব এতিয়া মানা নাযায় নেকি?
(২৪) ঈমানদাৰী আৰু কুৰআন-হাদীছৰ বিদ্যাত চাৰি ইমাম শ্ৰেষ্ঠ আছিল নে চাৰি খলিফা?
(২৫) যদি চাৰি খলিফা শ্ৰেষ্ঠ আছিল, তেনেহ’লে তেওঁলোকৰ নামত কিয় মাজহাব সৃষ্টি নহ’ল?
(২৬) তেওঁলোক ইমাম চাৰিজনতকৈ কম যোগ্য আছিল নেকি?
(২৭) নবীৰ নামত কলিমা পঢ়িব, ইমামসকলৰ নামত মাজহাব মানিব আৰু পীৰ-ফকিৰসকলৰ তৰীকামতে চলিব এই নিৰ্দেশ কুৰআন-হাদীছৰ ক’ত আছে?
(২৮) আল্লাহৰ নবীৰ মাজহাব বা তৰীকা নাই নেকি?
(২৯) সেই মাজহাব বা তৰীকা যথেষ্ট নহয় নেকি?
(৩০) নবীৰ প্ৰতি ইছলাম পৰিপূৰ্ণ হোৱা নাছিল নেকি?
(৩১) ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম কামিল নবী নহয় নেকি?
(৩২) ইছলাম মুকাম্মাল ধৰ্ম নহয় নেকি?
(৩৩) ইছলাম পৰিপূৰ্ণ আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম কামিল নবী হ’লে আনৰ মত ও পথ মানাৰ অৱকাশ ক’ত?
(৩৪) যিসকলে পৰিপূৰ্ণ ইছলাম আৰু কামিল নবীক অসম্পূৰ্ণ বুলি প্ৰমাণ কৰি আন কাৰোবাৰ দ্বাৰা তাক পূৰ্ণ কৰাৰ সপোন দেখিছে, তেওঁলোকে কুৰআন-হাদীছৰ বিৰোধিতা কৰা নাইনে?
(৩৫) যি দলটি মুক্তি পাব বুলি ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুস্পষ্টকৈ ঘোষণা কৰিছে- সেই নাজাতপ্ৰাপ্ত দল চাৰি মাজহাবৰ কোনটো?
(৩৬) জান্নাতৰ পথ বা চিৰাতুল মুস্তাকীম বুজাবৰ কাৰণে আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এডাল সৰল ৰেখা অঙ্কন কৰি ক’লে- এইটো সৰল পথ। তোমালোকে ইয়াৰ অনুসৰণ কৰা। তাৰ পিছত সেই সৰল ৰেখডালৰ সোঁফালে আৰু বাওঁফালে কেইডালমান ৰেখা আঁকি ক’লে- এই পথবোৰৰ প্ৰত্যেকটোতে এজনকৈ শ্বয়তান আছে। সিহঁতে নিজ নিজ পথৰ ফালে মাতিছে। তোমালোকে সেই পথবোৰৰ অনুসৰণ নকৰিবা। যদি কৰা, তেনেহ’লে সিহঁতে তোমালোকক সৰল পথৰ পৰা বিভ্ৰান্ত কৰি পেলাব।(মিশকাত)। এই হাদীছ অনুযায়ী ৰাছূলৰ পথ চিৰাতুল মুস্তাকীমৰ বাহিৰে অন্য পথবোৰ শ্বয়তানৰ পথ নহয় নেকি?
(৩৭) কলিমা পঢ়া হয় নবীৰ নামত, কবৰত ৰখা হয় নবীৰ তৰীকাত, কবৰত প্ৰশ্ন কৰা হব নবীৰ কথা, হাশ্বৰৰ ময়দানতো নবীয়ে শ্বাফায়াত কৰিব। সেই মহানবীৰ তৰীকা বাদ দি আন কাৰোবাৰ তৰীকা মানিলে নাজাত পোৱা যাবনে?
(৩৮) ভাৰত উপমহাদেশত মাজাৰ আৰু পীৰৰ অন্ত নাই, যিমান পীৰ সিমান তৰীকা। পীৰ চাহেবসকলে আজিকালি কিবলা বনাই লৈছে। মানুহ মানুহৰ কিবলা হব পাৰে নেকি?
(৩৯) তেওঁলোকে তেওঁলোকৰ আস্তানাসমূহক দায়ৰা শ্বৰীফ, খানকা শ্বৰীফ, মাজাৰ শ্বৰীফ, উৰছ শ্বৰীফ প্ৰভৃতি নাম দি মুছলিমসকলৰ তীৰ্থস্থান মক্কা ও মদীনাক অৱমাননা কৰা নাইনে?
(৪০) এইবোৰ দ্বীন আৰু শ্বৰীয়তৰ নামত ভণ্ডামি নহয় নেকি?
(৪১) মুছলিমসকলৰ আল্লাহ এক, নবী এক, কুৰআন এক, কিবলা এক আৰু এটাই তেওঁলোকৰ ধৰ্ম-কৰ্ম, ৰীতি-নীতি। গতিকে তেওঁলোকৰ মুক্তি আৰু কল্যাণৰ পথ হৈছে মাত্ৰ এটাই। সেয়া হ’ল ইছলাম, চিৰাতে মুস্তাকীম বা তৰীকায়ে মুহাম্মাদী।
মাজহাবৰ অৰ্থ চলাৰ পথ। এইটোৱেই সঠিক অৰ্থ। কিন্তু মাজহাবীসকলৰ মতে মাজহাবৰ অৰ্থ মত ও পথ। এই অৰ্থত পৃথিৱীত যিমান মত ও পথ আছে সকলোবোৰ মাজহাব। তেওঁলোকে কয়, ইমাম আবু হানিফাৰ মত ও পথ হানাফি মাজহাব। ইমাম মালিকৰ মত ও পথ মালাকী মাজহাব। ইমাম শ্বাফেয়ীৰ মত ও পথ শ্বাফেয়ী মাজহাব আৰু ইমাম আহমদ বিন হাম্বলৰ মত ও পথ হাম্বলী মাজহাব। তেনেহ’লে নবী মুহাম্মাদুৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মত ও পথ মুহাম্মাদী মাজহাব নহয় নেকি? আকৌ সকলো মত ও পথতকৈ নবী মুহাম্মাদুৰ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মত ও পথ যে, অতি উত্তম ও উৎকৃষ্ট মত ও পথ, এই কথা কোনো মুছলিমক কোৱাৰ প্ৰয়োজন নাই। সেয়েহে সকলো মত ও পথ পৰিহাৰ ও পৰিবৰ্জন কৰি পথ-নিৰ্দেশক মহানবীৰ মহাপবিত্ৰ মত ও পথতেই আমি চলিব লাগিব। আন কাৰো মত আৰু পথত চলাৰ কাৰণে নিৰ্দেশ নাই। যিসকল ইমামৰ নামত তেওঁলোকৰ ভক্তসকলে মাজহাব তৈয়াৰ কৰিছে, সেইসকল ইমামৰ জন্মৰ আগত মাজহাব নাছিল। তেওঁলোকৰ জামানাত মাজহাব হোৱা নাই।
মাজহাব হৈছে তেওঁলোকৰ মৃত্যুৰ বহু বছৰ পিছত।
(১) ইমাম আবু হানিফা (ৰহ.)ৰ জন্ম ৮০ হিজৰীত। তেওঁ ইন্তেকাল কৰিছে ১৫০ হিজৰীত।
(২) ইমাম মালিক (ৰহ.)ৰ জন্ম ৯০ হিজৰীত আৰু তেওঁৰ মৃত্যু ১৭৯ হিজৰীত।
(৩) ইমাম শ্বাফেয়ী (ৰহ.)ৰ জন্ম ১৫০ হিজৰীত আৰু তেওঁৰ মৃত্যু ২০৪ হিজৰীত। ইমাম আহমাদ বিন হাম্বল (ৰহ.)ৰ জন্ম ১৬৪ হিজৰীত আৰু মৃত্যু ২৪১ হিজৰীত।
যিটো বছৰত ইমাম আবু হানিফা (ৰহ.)ৰ মৃত্যু হৈছিল, সেই বছৰত ইমাম শ্বাফেয়ী (ৰহ.)ৰ জন্ম হৈছিল। এই দুগৰাকী ইমামৰ মাজত কোনো দেখা সাক্ষাৎ নাই। মাজহাব হৈছে ৪০০ হিজৰীৰ পিছত। ইমাম আবু হানিফা (ৰহ.)ৰ মৃত্যুৰ ২৫০ বছৰৰো অধিক কাল পিছত। এই মাজহাব মুছলিমসকলৰ কাৰণে ফৰজ কেনেকৈ হয় সুধী সমাজক বুজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। চাৰি ইমামৰ জন্মৰ পূৰ্বেও ইছলাম আছিল, মুছলিম আছিল। তেতিয়া তেওঁলোকক কাৰোঁ মত ও পথৰ দৰকাৰ হোৱা নাই, এতিয়াও দৰকাৰ নাই। তেতিয়াও মুছলিমসকলৰ ওচৰত কুৰআন-হাদীছ আছিল, এতিয়াও আছে। গতিকে কুৰআন আৰু হাদীছেই যথেষ্ট। কাৰোঁ ব্যক্তিগত পথত চলাৰ নিৰ্দেশ নাই। কোনেও ভুলৰ উৰ্দ্ধত নহয়। গতিকে নিৰ্ভুল কুৰআন-হাদীছেই মুছলিমসকলে মানি চলিব লাগিব। চাৰি মাজহাবৰ কোনো এটিও মানি চলাৰ কাৰণে আল্লাহ ও ৰাছূলুল্লাহ চাল্লাহু আলাইহি ৱাছাল্লামৰৰ নিৰ্দেশ নাই।