১- অলপতে সন্তুষ্ট হৈ সদায় তেওঁৰ ওচৰত নম্ৰ হৈ থাকিবা।
২- মনোযোগ সহকাৰে তেওঁৰ সকলো কথা শ্রৱণ কৰিবা আৰু তেওঁৰ সকলো আদেশ যথা সম্ভৱ পালন কৰিবা।
৩- তেওঁৰ চকুত সদায় সুদর্শনা হৈ থাকিবা। তোমাৰ কোনো অঙ্গ ও কৰ্মই যেন তেওঁৰ চকুত অপ্রীতিকৰ নহয়।
৪- তেওঁৰ নাকৰ ওচৰতো যেন তুমি ঘৃণনীয় নোহোৱা। বৰং সদায় যেন তেওঁ তোমাৰ ওচৰৰ পৰা সৌৰভ-সুঘ্রাণ গ্রহণ কৰিব পাৰে। (তেওঁ যাতে কোনো প্রকাৰৰ দুর্গন্ধ নাপায়।)
৫- তেওঁৰ নিদ্রা ও আৰামৰ কথা সদায় খেয়াল ৰাখিবা। কাৰণ, নিদ্রা ভঙ্গৰ ফলত বিৰক্তি ও খঙৰ উৎপত্তি হয়।
৬- তেওঁৰ আহাৰৰ কথাও সর্বদা মনত ৰাখিবা। যথাসময়ত খোৱাবস্তু প্রস্তুত কৰি ৰাখিবা।
৭- তেওঁৰ ধন-সম্পদৰ হিফাযত কৰিবা, খেয়ানত নকৰিবা। অপচয় ও অপব্যয় নকৰিবা আৰু স্বামীক সেইটো কৰিবলৈ বাধ্য নকৰিবা।
৮- তেওঁৰ পৰিজনৰ যথার্থ সেৱা কৰিবা। সদায় সতর্কতাৰে সৈতে সকলোৰে লগত সদ্ব্যৱহাৰ কৰিবা।
৯- খবৰদাৰ! তেওঁৰ কোনো কথাৰ অবাধ্য নহ’বা। নহ’লে তোমাৰ প্ৰতি থকা তেওঁৰ হৃদয়ৰ ভালপোৱাৰ পৰা দূৰত থাকিবা।
১০- তেওঁৰ কোনো গোপন ৰহস্য আৰু ভেদ কাৰো ওচৰত প্রকাশ নকৰিবা, নহ’লে তুমি তেওঁৰ ওচৰত বিশ্বাসঘাতিনী হৈ যাবা।
সাৱধান! স্বামীয়ে যদি কোনো বিষয়ত চিন্তিত বা শোকাহত হৈ থাকে, তেন্তে তেওঁৰ সন্মুখত কোনো প্রকাৰৰ আনন্দ প্রকাশ নকৰিবা। আকৌ যদি আনন্দিত ও প্রফুল্ল থাকে, তেন্তে তেওঁৰ সন্মুখত তোমাৰ কোনো শোকৰ কথা প্রকাশ নকৰিবা। {ফিক্কহুচ ছুন্নাহ ২/২০৯}
আদর্শ মাতৃয়ে সদায় উত্তম আদর্শৰ উপদেশেই দিয়ে! মানিব পাৰিলে সৌভাগ্যৱান দম্পতিয়ে সুখী দাম্পত্য জীৱন লাভ কৰে।