মদ ও গাহৰি খোৱাৰ অপকাৰিতা

মদ ও গাহৰি খোৱাৰ অপকাৰিতা
মহান আল্লাহে পবিত্ৰ কোৰাণত দিয়া নিৰ্দেশ অনুযায়ী মদ আৰু গাহৰিৰ মাংস মানুহৰ বাবে নিষিদ্ধ কৰিছে । পবিত্ৰ কোৰাণৰ চুৰা ‘বাকাৰা’ৰ ২১৯ নং আয়াত্, চুৰা ‘আন্-নিচা’ৰ ৪৩ নং আয়াত্, চুৰা ‘আল্-মায়িদা’ৰ ৯০-৯১ নং আয়াতত মদ নিষিদ্ধ বিষয়ে নিৰ্দেশ দিছে । মদে মানুহৰ মগজুত থকা “Inhibitory Centre” নিষ্ক্ৰিয় কৰি পেলায়, গতিকে মদ্যপান কৰাৰ পিছত মানুহ স্বাভাবিক অৱস্থাত থাকিব নোৱাৰে । ঊদাহৰণ স্বৰূপে মানুহে ৰাজহুৱা স্থানত মল-মূত্ৰ ত্যাগ নকৰাৰ কাৰণ হ’ল, মগজুৰ “Inhibitory Centre” য়ে মানুহক তেনে কাম কৰাত বাধা দিয়ে, কিন্তু মদ্যপান কৰাৰ পিছত মানুহে তেনে কাম কৰা দেখা যায় । ইয়াৰোপৰি ধৰ্ষণ আদি সামাজিক অপৰাধৰ মূল কাৰণ – ‘মদ্যপান’ । আমেৰিকাৰ ন্যায় বিভাগৰ National Crime Victimisation Survey Bureau of Justice ৰ পৰিসংখ্যা অনুযায়ী ১৯৯৬ চনত দৈনিক গড়ে ২৭১৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ অধিকাংশ অপৰাধীয়ে মদ্যপান কৰিছিল । বিজ্ঞানী সকলেও পৰীক্ষাৰ দ্বাৰা নিশ্চিত হৈছে যে মানুহৰ বহুতো বেমাৰৰ মূল কাৰণ হ’ল – মদ্যপান । মদ খোৱাৰ ফলত হোৱা কিছুমান অসুখ এনে ধৰণৰ –
১) লিভাৰ চিৰ’চিচ,
২) ডিঙি, খাদ্যনলী, যকৃত্, আৰু মলদ্বাৰৰ কেন্সাৰ,
৩) কাৰ্ডিঅ’মায়পেথি, হাইপাৰটেনচন্, কৰনাৰী আৰ্থেৰ’শ্লেৰোচিচ, হাৰ্ট এটেক্,
৪) ষ্ট্ৰোক, এপ্’প্লেক্সি, বিভিন্ন ধৰণৰ পেৰেলাইচিচ,
৫) গেচট্ৰাইটিছ, পেংক্ৰিয়েটাইটিছ, হেপাটাইটিছ্,
৬) পেৰিফেৰেল নিউৰ্’পেথি, কৰ্টিকেল এট্ৰ’ফি, চেৰিবেলাৰ এট্ৰফি,
৭) ফলিক এচিড হ্ৰাস,
৮) থ্ৰম্বচাইট’পেনিয়া,
৯) চেষ্ট ইনফেকচন, নিউমোনিয়া, যক্ষ্মা আদি বহুতো মাৰাত্মক বেমাৰৰ কাৰণ হ’ল মদ্যপান ।
সেয়ে কোৰাণত মদ্যপান নিষিদ্ধ কৰা হৈছে, যেহেতু কোৰান হ’ল শৃংখলিত মানব জীবনৰ সংবিধান ।
মদৰ দৰেই গাহৰি মাংসও মানুহৰ বাবে নিষিদ্ধ । এই বিষয়ে পবিত্ৰ কোৰাণৰ চুৰা ‘বাকাৰা’ৰ ১৭৩ নং আয়াত্, চুৰা’আল্-মায়িদা’ৰ ৩ নং আয়াত্, চুৰা ‘আল্-আনম’ৰ ১৪৫ নং আয়াত আৰু চুৰা ‘আন-নাহল’ৰ ১১৫ নং আয়াতত আল্লাহে নিৰ্দেশ দিছে । গাহৰিয়ে প্ৰায় ৪৫০ বিধ বেমাৰ কঢ়িয়ায় আৰু ইয়াৰ বেচিভাগ বেমাৰ মানুহৰ দেহত প্ৰবেশ কৰে গাহৰি মাংস খোৱাৰ জৰিয়তে । সেয়ে বিভিন্ন ডাক্তৰ, বিজ্ঞানী আদিয়ে গাহৰি মাংস ভক্ষণ কৰা বিষয়ে মানুহক সতৰ্ক কৰি দিছে । গাহৰি মাংস ভক্ষণৰ বিপদৰ বিষয়ে ডা. গ্লেন শ্বেফাৰ্ড নামৰ বিজ্ঞানী এজনে ১৯৫২চনৰ ৩১ মে তাৰিখৰ “ৱাচিংটন পোষ্ট্” নামৰ কাকতত এনেদৰে লিখিছে –
“One in six people in USA and Canada have germs in their muscles – trichinosis 8 from eating pork infected with trichina worms. Many people who are infected shows no symptoms. Most of those, who do have, recover slowly. Some die; some are reduced to permanent invalids. All were careless pork caters”. He continued “No one is immune from the disease and there is no cure. Neither antibiotics nor drugs or vaccines affect these tiny deadly worms. Preventing infection is the real answer.” After reading the statement of Dr. Shepherd, one can realize that there is no real guarantee of safety when eating pork that one would not be affected by trichina worm. That is why modern doctors advise three prohibitions during illness: no liquor, no pork and no smoking.
কোৰাণৰ নিৰ্দেশ মানি শ্বৰীয়ত আইনৰ শাসন চলা ‘চৌদি আৰব্’ত মদ আৰু গাহৰিৰ মাংস নিষিদ্ধ । আটাইতকৈ আচৰিত হব লগা কথাটো হ’ল – চৌদি আৰবত মদ আৰু গাহৰিৰ মাংস নিষিদ্ধ হোৱা বাবে এই দেশৰ ওপৰেৰে যোৱা কোনো বিমানত মদ আৰু গাহৰিৰ মাংস যাত্ৰীক যোগান ধৰা নহয়, আৰু এই দেশৰ ওপৰেৰে যোৱা সকলো দেশৰ বিমান সংস্থাই এয়া মানি চলি আহিছে ।

Leave a comment