______________________________
মডাৰ্ণ হানাফীসকলৰ ছালাত।
আমাৰ দেশত বেছিভাগ মানুহ হ’ল হানাফী। তেওঁলোকৰ ছালাতৰ নিয়ম হ’ল হানাফী মাজহাবৰ। হানাফী সেইসকলক কোৱা হয় যিসকল হানাফী ধৰ্মৰ অনুসাৰী। যদিও তেওঁলোকে কয় যে আমি ইমাম আবু হানিফা (ৰহ:)ৰ মত আৰু পথক অনুসৰণ কৰোঁ আৰু সেইকাৰণেই আমি হানাফী। প্ৰকৃততে তেওঁলোকৰ এই দাবী সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। কিয়নো আবু হানাফী (ৰহ:)ৰ মত হ’ল-
اذا صح الحديث فهو مذهبي
“যেতিয়াই কোনো হাদীছ ছহীহ বুলি সাব্যস্ত হয়¸ সেইটোৱেই মোৰ মাজহাব।”
ইমাম আবু হানিফা (ৰহ:)ৰ উক্ত মত অনুযায়ী ছালাতত বুকুৰ ওপৰত হাত বন্ধা, প্ৰত্যেক ছালাতত ইমাম আৰু মুক্তাদীয়ে ছূৰা ফাতিহা পাঠ কৰা, বিযোৰ ৰাকাতত দ্বিতীয় ছিজদাৰ পিছত খন্তেক বহি তাৰ পিছত উঠা ইত্যাদি হৈছে আবু হানিফা (ৰহ:)ৰ মত আৰু পথ। কিয়নো এই সম্পৰ্কীয় হাদীছবিলাক ছহীহ বুলি সাব্যস্ত হৈছে। পক্ষান্তৰে ইয়াৰ বিপৰীত মত আবু হানিফাৰ মত বা মাজহাব নহয়।
অথচ বৰ্তমান সময়ৰ হানাফী দাবীদাৰসকলে ইয়াৰ বিপৰীত আমল কৰে। তেওঁলোকে এনে আমল কৰি থাকে যে¸ ইমাম আবু হানিফা (ৰহ:)য়েও এই আমলবিলাক জনা নাছিল। যেনে- ছালাতৰ নিয়ত পঢ়া, আওৱাল ৱাক্তত ছালাত আদায় নকৰা¸ ছালাতৰ শেষত সন্মিলিত মোনাজাত কৰা ইত্যাদি।
তেওঁলোকে এইবোৰ নিয়ম আবু হানিফা (?) বিভিন্ন মৌ-লোভী, মল-লা, কথিত পীৰ, বুজুৰ্গ, ছুফী, দৰবেশ্ব ইত্যাদিৰ পৰা লৈছে।
মুছলিমসকলৰ ছালাত সেইটো যাক জীব্ৰাঈল (আঃ)য়ে দুদিন কাবা গৃহত থাকি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক শিক্ষা দি গৈছিল। মুমিনসকলে ছূৰা আৰাফৰ ৩ নং আয়াত অনুযায়ী মহান আল্লাহৰ পৰা যি নাযিল হৈছে অৰ্থাৎ ক্বুৰআন আৰু ছুন্নাহ অনুযায়ী ছালাত আদায় কৰে। যিটো বৰ্তমান সময়ৰ হানাফীসকলৰ ছালাতৰ লগত আকাশ-পাতাল পাৰ্থক্য। আল্লাহে কৈছে-
٣:٧
اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاءَ ۗ قَلِيلًا مَا تَذَكَّرُونَ
৭:৩
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
মুছলিমসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক একমাত্র আদৰ্শ হিচাপে তেওঁৰ নিচিনাকৈ ছালাত আদায় কৰাৰ চেষ্টা কৰে। কিয়নো আল্লাহে ছূৰা আলে ইমৰানৰ ৩১ নং আয়াতত কৈছে-
٣١:٣
قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
৩:৩১
কোৱা! ‘তোমালোকে যদি আল্লাহক ভাল পোৱা, তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।
গতিকে মুছলিমসকলে আল্লাহৰ ভালপোৱাৰ কাৰণে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণত ছালাত আদায় কৰি থাকে। যাতে আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে আৰু জান্নাতুল ফিৰদৌচ দান কৰে। মুছলিমসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেই আদেশ পালন কৰে-
… ﺻﻠﻮﺍ ﻛﻤﺎ ﺭﺃﻳﺘﻤﻮﻧﻲ ﺃﺻﻠﻲ .
“তোমালোকে তেনেকৈ ছালাত আদায় কৰা¸ যেনেকৈ মোক ছালাত আদায় কৰোঁতে দেখিছা” (ছহীহ বুখাৰী- ৬৩১)
কিয়নো ইয়াৰ ব্যতিক্ৰম কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ আমলসমূহ ধ্বংস কৰিব নিবিচাৰে। যেনেকৈ আল্লাহে কৈছে-
٣٣:٤٧
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَلَا تُبْطِلُوا أَعْمَالَكُمْ
৪৭:৩৩
“হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।”
মই বৰ্তমানৰ হানাফীসকলৰ ছালাতৰ সৈতে মুছলিমসকলৰ ছালাতৰ পাৰ্থক্য পৰ্ব আকাৰত তুলি ধৰিম, ইন শ্বা আল্লাহ। যিসকলে ঈমান গ্ৰহণ কৰিও নজনাকৈ সেই মুশ্বৰিকসকলৰ পিনে গতি কৰি আছে; তেওঁলোকে যাতে সতৰ্ক হৈ কোৰআন আৰু ছহীহ হাদীছৰ ওপৰত আমল কৰি মুছলিম হিচাপে মৃত্যুবৰণ কৰিব পাৰে। কাৰণ আল্লাহে কৈছে-
١٠٢:٣
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ حَقَّ تُقَاتِهِ وَلَا تَمُوتُنَّ إِلَّا وَأَنْتُمْ مُسْلِمُونَ
৩:১০২
“হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা।”
চেয়াৰ কৰক – সত্যৰ পিনে আহ্বান কৰক।
✍✍ আফজল হুছেইন