মই মাজাৰলৈ নাযাঁও কিয়?

মই মাজাৰলৈ নাযাঁও কিয়?

 মাজাৰ বা দৰগাহ হৈছে চিমেন্ট, ইটা আৰু পাথৰ দি তৈয়াৰ কৰা ধৰ্মগুৰু বা চুফি-ধৰ্মসন্ত সকলৰ সমাধিক্ষেত্র।. কিছু মাজাৰত চাদৰ দিয়াৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰা হয় (অথচ মৃত ব্যক্তিয়ে ভাল বেয়া একো কৰাৰ ক্ষমতাই নাৰাখে)।. আহঁক এতিয়া আমি মাজাৰ দৰ্শন কৰা বিষয়ে ইছলামে কি কয় তাৰ ওপৰত বিশ্লেষণ কৰো আৰু শেষত আপোনালোকেই সিধান্ত ল’ব মাজাৰ যোৱাটো চয়তানৰ কৰ্ম নে ভাল কৰ্ম।. হজৰত মুহাম্মদ (ছঃ) কৈছে যে “যিসকল মানুহে তেঁওলোকৰ মাজৰ কোনোবা পূণ্যবান মানুহৰ মৃত্যুৰ পাছত তেঁওৰ সমাধিস্থলক উপসনাৰ ঠাই হিচাপে ব্যৱহাৰ কৰে আৰু তাৰ ছবি নিৰ্মান কৰে আল্লাহৰ দৄষ্টিত তেঁওলোক সকলোতকৈ নিকৄষ্ট।” [ছহীহ অল বুখাৰী, খণ্ড 2, হাদীছ নং 425, Book of Funerals Chapter 69] উপৰোক্ত হাদীচ বাণীটিয়ে মাজাৰ যোৱা ইছলামত অকল নিষেধ কৰাই নহয় বৰঞ্চ মাজাৰক পূজাৰ স্থল বনোৱা ব্যক্তিসকল আল্লাহৰ ওচৰত নিকৃষ্ট বুলি প্ৰমান কৰে।. এই নিৰ্ভৰযোগ্য প্ৰমাণটিৰ বাহিৰেও হজৰত মুহাম্মদ (ছঃ) ৰ অলেখ গুৰুত্বপূৰ্ণ বিবৃতি পোৱা যায় য’ত অকল মাজাৰ সংস্কৄতিৰ বিৰোধিতা কৰাৰ উপৰিও পকী কবৰৰ বিৰোধীতা কৰা দেখা যায়।. হজৰত মুহাম্মদ (ছঃ) য়ে দোআ কৰিছিল “হে আল্লাহ, মোৰ মৃত্যুৰ পাছত মোৰ সমাধি স্থলক পূজাস্থলিৰ প্ৰতিমাত ৰূপান্তৰ নকৰিবা।. আল্লাহ সেই সকলৰ ওপৰত ক্রুদ্ধ হৈ পৰে যিসকলে নবীসকলৰ সমাধিক পূজাস্থললৈ ৰূপান্তৰ কৰে” [ছহীহ অল বুখাৰী, হাদীছ সংখ্যা 3765] হজৰত মুহাম্মদ (ছঃ) য়ে কৈছে যে “কবৰ পকী কৰা বা কবৰক বহা স্থানলৈ পৰিণত কৰা আৰু তাৰ ওপৰত ঘৰ নিৰ্মাণ কৰা হাৰাম “[ছহীহ মুছলিম 2:2116-8]. “কবৰস্থান আৰু শৌচাগাৰৰ বাহিৰে পৃথিৱীৰ সকলো ঠাই হৈছে মছজিদ (অৰ্থাৎ ছিজদাহৰ বাবে উপযোগী)।” [তিৰমিদি, আবু দাউদ 1:492]. “ইহুদী আৰু খ্ৰিষ্টিয়ান সকলে তেঁওলোকৰ নবী সকলৰ সমাধিস্থলক পূজাথলীলৈ পৰিণত কৰাৰ বাবে আল্লাহৰ অভিশাপ তেঁওলোকৰ ওপৰত আছে।” এইদৰে হজৰত মুহাম্মদ (ছঃ) য়ে মুছলমান সকলক ইহুদী আৰু খ্ৰিষ্টিয়ান সকলে কৰা ভূলৰ সাৱধানবাণী শুনাইছিল।. [ছহীহ বুখাৰী খণ্ড 1: নং 427, নামাজৰ কিতাপ অধ্যায়:55]. “সেইসকল লোকৰ পৰা দূৰত থাকিবা যিসকলে তোমাক নবী আৰু মানুহৰ সমাধিস্থলক পূজাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ আগুৱাই লৈ যায়।. আৰু কেতিয়াও সমাধিস্থলক মছজিদ হিচাপে গ্ৰহণ নকৰিবা তোমাক নিষেধ কৰা হৈছে।. [ছহীহ মুছলিম 1:1083]. কোৰআনৰ পৰা কিছু আয়াত দাঙি ধৰা হ’ল,. “আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো পৃষ্ঠপোষক আৰু সহায়ক নাই”। (কোৰআন ৯:১১৬) আৰু আমি সহায় বিচাৰি আছো মৃত ব্যক্তি, কবৰ, মাজাৰ, পীৰৰ ওচৰত।. আল্লাহে কয়, “হে মানৱ! তোমালোকৰ বাবে এটা উপমা দিয়া হ’ল- মনোযোগ দি শুনা… আল্লাহক বাদ দি তোমালোকে যিবোৰক উপাস্যৰূপে মাতিবলৈ লৈছা সিহঁত আটায়ে লগ লাগি কেতিয়াও মাখি এটাও সৃষ্টি কৰিব নোৱাৰে।. বৰং মাখিটোৱে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তাকো সিহঁতে তাৰ পৰা এৰুৱাইও আনিব নোৱাৰে।. প্রার্থনাকাৰীয়ো দুর্বল আৰু যাক প্রার্থনা কৰা হয় সিয়ো দুর্বল।. এই মানুহ বিলাকে আল্লাহৰ মর্যদা যেনেদৰে বুজিব লাগে তেনেদৰে নুবুজিলে।আচলতে আল্লাহ মহা শক্তিমান, মর্যদাশালী। (কোৰআন ২২:৭৩-৭৪). আল্লাহে আৰু কয়, “আল্লাহক এৰি সেইবোৰক আহ্বান নকৰিবা যি বোৰে তোমাৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। এইটোৱেই হ’ল চৰম পথভ্ৰষ্টতা” (কোৰআন ২২:১২). “সেই মানুহজনতকৈ অধিক বিভ্রান্ত আন কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবর্তে এনে কিছুমান সত্তাক প্রার্থনা কৰে যিবিলাকক কিয়ামতলৈকে প্রার্থনা কৰি থাকিলেও সিহঁতে সঁহাৰি জনাব নোৱাৰে? আনকি মানুহবিলাকে যে সিহঁতক প্রার্থনা কৰি আছে সেয়াও সিহঁতে গমকেই নাপায়।যেতিয়া সকলো মানুহক সমবেত কৰা হ’ব তেতিয়া (উপাস্যবিলাক) সিহঁতৰ উপাসক বিলাক শত্রু হৈ পৰিব আৰু সিহঁতক যে উপসনা কৰা হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰিব।” (কোৰআনঃ ৪৬:৫-৬). “তুমি কেতিয়াও মৃতবিলাকক কথা শুনাব নোৱাৰা আৰু (বধিৰ বিলাককো) তোমাৰ আহ্বাণ শুনাব নোৱাৰা যেতিয়া সিহঁতে পিছ দি গুছি যায়।” (কোৰআনঃ ২৭:৮০).” জীৱিত আৰু মৃতও একে নহয়। আল্লাহে যাক ইচ্ছা কৰে তাকে শ্রৱণ কৰায়; কিন্তু (হে নবী ছঃ) তুমি সমাধিস্থ মানুহবিলাকক শুনাব নোৱাৰা।” (কোআনঃ ৩৫:২২).” জানি থোৱা, বিশুদ্ধ আন্তৰিক উপাসনা কেৱল আল্লাহৰহে প্রাপ্য।. যিবিলাকক তেওঁৰ পৰিবর্তে আনক পৃষ্টপোষক কৰি লৈছে সিহঁতে (নিজৰ এনে কার্যৰ কাৰণ দর্শাই) কয়- আমি এওঁলোকৰ উপসনা এইবাবে কৰো যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব।” (কোৰআনঃ৩৯:৩).” সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰক উপসনা কৰে যিবোৰে সিহঁতৰ অপকাৰো কৰিব নোৱাৰে, উপকাৰো কৰিব নোৱাৰে।. সিহঁতে কয়- ‘এওঁলোক আল্লাহৰ ওচৰত আমাৰ মধ্যস্ততাকাৰী। (হে মুহাম্মদ ছাঃ) সিহঁতক কোৱা- ‘তোমালোকে আল্লাহক আকাশমন্ডলআৰু পৃথিৱীৰ এনে কোনো সংবাদ দিবা নেকি যিবিষয়ে তেওঁ নাজানে? তেওঁ অতি মহান,পৱিত্র। সিহঁতে যিবোৰৰ লগত তেওঁক অংশী কৰিছে তাতকৈ তেওঁ বহু উর্দ্ধত।” (কোৰআনঃ ১০:১৮).” আল্লাহক বাদ দি তোমালোকে যিবিলাকক মাতা, সেইবিলাকো তোমালোকৰ দৰে আল্লাহৰ দাসহে। (কোৰআনঃ ৭:১৯৪). মহান আল্লাহক এৰি আনৰ ইবাদত কৰা তথা পীৰ-ফকীৰ, কবৰ, মাজাৰৰ ওচৰৰ পৰা কিবা বিচৰা, মান্নাত মাগা মহাপাপ অৰ্থাত্ শ্বিৰ্ক।. শ্বির্ক সম্পর্কে আল্লাহে কয়, “আল্লাহে তেওঁৰ লগত আনক অংশী কৰাৰ (শ্বীর্ক) গুণাহ (পাপ) ক্ষমা নকৰে। ইয়াৰ বাহিৰে আন যিকোনো গুণাহ যাক ইচ্ছা ক্ষমা কৰি দিয়ে। (কোৰআন ৪:৪৮); (৪:১১৬). এইখিনিতে মন কৰিবলগীয়া এই যে বহুতো মুছলিমে মাজাৰত মান্নাত বা ছিজদাহ কৰাটো বিৰোধীতা কৰে যদিও #মাজাৰত জিয়াৰত কৰাটো ভূল নহয় ভাবে। কিন্তু মোৰ মতে সেয়াও ঠিক নহয়। উদাহৰণ স্বৰুপে আল্লাহে আমাক মদ্যপান কৰিব নিষেধ কৰিছে, কিন্তু আমি বন্ধুৰ মদৰ পাৰ্টিত একেলগে (মদ নাখায়) বহি থকাটো কেতিয়াও উচিত নহয়।এজন মুছলিম হিচাপেআমাৰ দায়িত্ব হৈছে মদ খাবলৈ মনা কৰা, ঠিক একেদৰে এজন প্ৰকৃত মুছলিম হিচাপে আমাৰ দায়িত্ব মাজাৰ যোৱাত বাধা প্ৰদান কৰা।

#Copy#

Leave a comment