#উত্তৰ:
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।
প্ৰকৃত ইছলাম মানেই হৈছে ইছলামৰ সকলো হুকুম-আহকাম মানি চলা। ইয়াৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে- নামাজ। যিহেতু নামাজ হৈছে- ইছলাম ধর্মৰ মূলভিত্তি। কিয়ামতৰ দিনা বান্দাক সর্বপ্রথম নামাজ সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। নামাজ হৈছে- ঈমানদাৰ আৰু কাফিৰৰ মাজত পাৰ্থক্যকাৰী অঙ্গীকাৰ। এতেকে যি ব্যক্তিয়ে নামাজ পৰিত্যাগ কৰে সি যেন কুফৰি কৰিলে। গতিকে আপোনাৰ অপৰিহাৰ্য কৰ্তব্য হৈছে- যথাসময়ত নামাজ আদায় কৰা আৰু এই বিষয়ে কোনো ধৰণৰ অৱহেলা নকৰা।
ইয়াৰ পিছত চৰিয়তৰ আন আন বিধি-বিধান পালন কৰাও আপোনাৰ কৰ্তব্য। যেনে- হিজাব কৰা। যিসমূহ উপায় উপকৰণ গ্রহণ কৰিলে ইছলামী বিধি-বিধান পালন কৰা সহজ হয় তাৰ মাজত আছে- কোৰআন তিলাৱাত কৰা, নবী ছাল্লাল্লা-হু আলািইহি অছাল্লামৰ জীৱনী পঢ়া, পূণ্যৱান লোকসকলৰ জীৱনী আৰু সিহঁতৰ বিভিন্ন ঘটনাসমূহ পঢ়া আৰু আমি আপোনাক কিছুমান মুছলিম সৎ বান্ধৱী নির্বাচন কৰিবলৈ উপদেশ দিওঁ। সৎসঙ্গৰ মাধ্যমত আল্লাহৰ ইচ্ছাত আপুনি ইছলামৰ ওপৰত অবিচল থাকিব পাৰিব।
প্রিয় বাইদেউ, আপোনাৰ উচিত হ’ব- আত্মসমালোচনা কৰা। আল্লাহ তা‘আলাই কৈছে: “হে মুমিনসকল! তোমালোকে আল্লাহক ভয় কৰা। প্রত্যেক ব্যক্তিৰ উচিত, অহাকালিৰ বাবে সি কি প্রেৰণ কৰিলে, সেইটো চিন্তা কৰা। আল্লাহক ভয় কৰা। তোমালোকে যি কৰা, আল্লাহ সেই বিষয়ে অৱগত।”[ছুৰা হাছৰ, ৫৯:১৮]
এই আয়াতত দুবাৰ আল্লাহক ভয় কৰাৰ (তাকৱাৰ) নির্দেশ দিয়া হৈছে আৰু এই দুই নির্দেশৰ মাজত আত্মসমালোচনা কৰাৰ আদেশ দিয়া হৈছে। এতেকে ভাৱি চাওঁক, অহাকালিৰ বাবে আপুনি কি কি ভাল কাম কৰিছে আৰু কি কি বেয়া কাম পৰিহাৰ কৰিছে। এই আত্মসমালোচনা নিজকে পৰিৱৰ্তন কৰাৰ আটাইতকৈ ডাঙৰ উপায়। কিয়ামতৰ দিন বৰ কঠিন, অতি দীৰ্ঘ, চৰম ভীতিপ্রদ, সেইদিনা মূখমণ্ডল সেমেকা পৰি যাব। এতেকে ভাৱি চাওঁক আপুনি সেই দিনৰ বাবে কি কি নেক আমল প্রস্তুত কৰিছে । বেছি বেছি নেক আমল কৰক। নিয়্যতক একনিষ্ঠ কৰক। সকলো ধৰণৰ পাপকার্য এৰি দিয়ক। পাপ কাম হৈছে- সেইদিনৰ সবাতোকৈ বেয়া প্রস্তুতি। আপুনি আপোনাৰ আটাইতকৈ ভাল আমল লৈ আখিৰাতৰ উদ্দেশ্যে যাত্রা কৰাৰ চেষ্টা কৰক। আল্লাহৰ ওচৰত দুআ কৰিবলৈ নাপাহৰিব । যেন আল্লাহে আপোনাক সৰল পথৰ হিদায়ত দিয়ে আৰু ইয়াৰ ওপৰত আপোনাক অবিচল ৰাখে।
আমি আল্লাহৰ ওচৰত আমাৰ বাবে আৰু আপোনাৰ বাবে তাওফিক প্রাৰ্থনা কৰিছোঁ, হিদায়ত আৰু ভাল মৃত্যুৰ দুআ কৰিছোঁ। আমাৰ প্ৰিয় নবী মুহাম্মদ ছাল্লাল্লা-হু আলািইহি অছাল্লামৰ ওপৰত আল্লাহৰ ৰহমত বর্ষিত হওঁক।
( ✍… ৰফিকুল ইছলাম মাদানী)