ভূমিকম্প কিয় হয়? ইছলামিক দৃষ্টিত জানিব বিচাৰো ?
🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻
কোৰআন আৰু হাদিছৰ পোহৰত ব্যাখ্যাঃ
(১) ছূৰা আশ্বুৰাৰ আয়াত ৩০-ত আল্লাহে কৈছে , ‘তোমালোকৰ যি বিপদাপদ ঘটে তাতো তোমালোকৰ কর্মৰ ফল। মই তোমালোকৰ অনেক অপৰাধ
ক্ষমা কৰি থাকো ।
(২) ছূৰা ৰূম ৪১
আয়াতত আল্লাহে কৈছে , ‘মানুহৰ
কৃতকর্মৰ কাৰণে জল-স্থলত বিপর্যয় আহে যাৰ ফলত সিহঁতক কোনো কোনো কর্মৰ শাস্তি আস্বাদন কৰোৱা হয় যেন সিহঁত সৎপথত ওভতি আহে ।
(৩) আল্লাহৰ বিনা অনুমতিত কোনো বিপদ আপতিত নহয় ( ছূৰা তাগাবুনঃ ১১)।
এইবাৰ হাদিছৰ ওপৰত দৃষ্টি দি চাওঁ :
চহিহ বুখাৰী ৰ পৰা জনা যায়,
ৰাছুল ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে , সৰু বা ডাঙৰ যিমান দুর্ভোগ বান্দাৰ ওপৰত আপতিত হয় সকলোবোৰ অৱশ্যে নিজ কর্ম দোষৰ কাৰণে হয় আৰু অধিকাংশক আল্লাহে ক্ষমা কৰি দিয়ে ।
ওপৰৰ উপস্থাপনৰ পৰা দেখা গল মানুহৰ কর্মৰ দোষত অর্থাৎ সীমা লংঘনৰ কাৰণে জল-স্থলত বিপদাপদ(বতাহ ঘূর্নিবতাহ, বানপানী ভূমিকম্প ) আদি আপতিত হয়। যদিও বিপদাপদ আল্লাহৰ বিনা অনুমতিত সংঘটিত নহয় । হাদিছত উল্লেখ আছে যে পিতৃ-মাতৃয়ে সন্তানক যিমান ভালপায় আল্লাহে তাৰ
বান্দাক তাতোকৈ বেছি
ভালপায় । গতিকে কেতিয়াবা কেতিয়াবা
মানুহৰ কর্ম দোষৰ কাৰণে বিপদাপদ
সংঘটিত হোৱা সঙ্গত হলেও আল্লাহে তাৰ দয়াৰ খাতিৰত বান্দাক ক্ষমা কৰি দি বিপদ সংঘটিত নকৰে । গতিকে ক্ষমাৰ অযোগ্য হলে বিপদ সংঘটিত কৰি দিয়া হয় । এইটো সার্বভৌম ক্ষমতাৰ অধিকাৰী আল্লাহৰ এখতিয়াৰ । আমালোকৰ জনা
উচিত যে এ প্রকৃতিৰ এজন স্রষ্টা আছে তেওঁ সেইবিলাক নিয়ন্ত্রণ কৰে । আকাশ মন্ডল আৰু ভূ-মণ্ডলত যি আছে সকলো তেওঁৰ আজ্ঞাবহ। যেতিয়াই তেওঁ
কিবা কৰাৰ ইচ্ছা কৰে তেতিয়া তেওঁ কেৱল কয় , ‘হৈ যোৱা ’ তেতিয়া লগে লগে সেইটো হৈ যায় ( ছূৰা ইয়াছিন : ৮২)। আল্লাহে ছূৰা বাকাৰা আয়াত ১৬৪ত কৈছে ,
‘আকাশ আৰু পৃথিবী সৃষ্টিত, তাৰ
নির্দেশে বায়ুৰ দিক পৰিবৰ্তন আৰু তাৰ কর্তৃক নিয়ন্ত্রিত মেঘমালাত জ্ঞানবান জাতিৰ কাৰণে নিদর্শন আছে অর্থাৎ শিক্ষা আছে । গতিকে ছিডৰ চুনামি-কেটাৰিনা – আল্লাহৰ নির্দেশতে ই সংঘটিত হৈছে । গতিকে সেইবিলাক বান্দাৰ সীমা লংঘনকৰা কর্মৰ কাৰণে
সংঘটিত হৈছে । উল্লেখ্য, যে আল্লাহে
সীমা লংঘনকাৰীক পছন্দ নকৰে । ছূৰা ৰাদ আয়াত ১১ত আল্লাহে কৈছে , ‘‘মই কোনো সম্প্রদায়ৰ অবস্থা পৰিবৰ্তন কৰি নিদিওঁ যেতিয়ালৈকে সিহঁতে নিজে নিজেৰ অবস্থা পৰিবৰ্তন নকৰে ।
ভুমিকম্পৰ কাৰণঃ
⬇
ৰাছূলূল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ এই উম্মতক তিনিধৰণৰ পাপৰ কাৰণে তিনি ধৰণৰ শাস্তি বা গজব দিয়া হ’ব।
শাস্তি তিনিটা হলঃ
১. ভূমিকম্প।
২. শিলৰ বৰষুণ বা আকাশৰ পৰা শিল নিক্ষেপ কৰা হ’ব।
৩. চেহেৰা বিকৃত কৰি বান্দৰ আৰু গাহৰীলৈ পৰিণত কৰা হ’ব।
এজন ছাহাবীয়ে সুঁধিলেঃ হে আল্লাহৰ ৰাছূল! কেতিয়া এনেকোৱা হ’ব? ৰাছূল ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কলেঃ
১.যেতিয়া মানুহ ব্যাপক হাৰত মদ্যপানত লিপ্ত থাকিব।
২. যেতিয়া মানুহ গায়িকা, বাদ্যযন্ত্র আৰু গান বাজনাত লিপ্ত থাকিব।
৩. যেতিয়া ছোৱালীসকলে উলঙ্গ হৈ নাচিব।
(হাদিছ- তিৰমিযীঃ ৪১১৯)