ভিক্ষাৰীক ভিক্ষা দিয়াৰ পিছত কেতিয়াও নকব যে, “আমাৰ বাবে দু‘আ কৰিবা

ভিক্ষাৰীক ভিক্ষা দিয়াৰ পিছত কেতিয়াও নকব যে, “আমাৰ বাবে দু‘আ কৰিবা”।
__________________________

আল্লাহে কৈছে,

 وَيُطْعِمُونَ الطَّعَامَ عَلَى حُبِّهِ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا
 إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ اللَّهِ لَا نُرِيدُ مِنْكُمْ جَزَاءً وَلَا شُكُورًا

“সিহঁতে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।”

“সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও নিবিচাৰোঁ।” (দাহাৰ/আল ইনছান: ৮-৯)

ইমাম ইবনে তাইমিয়া (ৰহঃ)য়ে কৈছে, যি ব্যক্তিয়ে ভিক্ষাৰীক সাহায্য কৰাৰ পিছত তেওঁৰ ওচৰত দু‘আ বা কৃতজ্ঞতা বিচাৰিব সেই ব্যক্তিয়ে এই আয়াতৰ অন্তর্ভুক্ত নহ’ব। সেইটো এই কাৰণে যে, দু‘আ আটাইতকৈ ডাঙৰ প্রতিদান তথা উচ্চ পর্যায়ৰ কৃতজ্ঞতা। দানকাৰীয়ে যেতিয়া এইবোৰ বিচাৰিব, তেতিয়া সি যেন তাৰ দানৰ বিনিময় বিচাৰিলে। (মাজমূ ফতোয়া- ইবনে তাইমিয়া ১১/১১১ পৃ)

Leave a comment