বৈজ্ঞানীক ভাৱে প্ৰমাণ কৰা যায়,আল্লাহ মানৱ জাতিৰ সৃষ্টি কৰ্ত্তা?

বৈজ্ঞানীক ভাৱে প্ৰমাণ কৰা যায়,আল্লাহ মানৱ জাতিৰ সৃষ্টি কৰ্ত্তা?

কিছুমানৰ দাবী সৃষ্টি কৰ্ত্তা নাই,
আমি মানৱ জাতি প্ৰাকৃতিক নিয়মত সৃষ্টি হৈছো।চাও আহক এই ক্ষেত্ৰত বিজ্ঞান আৰু ইছলাম ধৰ্ম কি কয়——

কোৰআন ছুৰা ত্বুৰ ৩৫ নং আয়াত ত প্ৰশ্ন কৰিছে:- 
তোমালকে কি স্ৰষ্টা ব্যতিত সৃষ্টি হৈছা….?
ইয়াত স্ৰষ্টা শব্দটো বুজাবলৈ যি আৰবী শব্দ ব্যৱহাৰ হৈছে সেই শব্দটো হল “খালিক” এই খালিক শব্দটো উৎপত্তি হৈছে আৰবী শব্দ “খালাকা‘ৰ পৰা।এই খালাকা শব্দৰ চাৰি (৪) টা অৰ্থ আছে। 

◆এটা অৰ্থ হল:-একেবাৰে শূন্যৰ পৰা কোনো কিছু সৃষ্টি কৰা, অতীতত যাৰ কোনো দৃষ্টান্ত নাই। এইটো কেৱল মাত্ৰ আল্লাহৰ পক্ষেহে কৰা সম্ভৱ।

◆ খালাকা শব্দৰ দ্বিতীয় অৰ্থ হল: পৃথিৱীত আছে এনেকুৱা বস্তুৰ পৰা নতুন কিছু সৃষ্টি কৰা।

◆ তৃতীয় অৰ্থ হল :-পৰিকল্পনাঃ।

◆ আৰু চতুৰ্থ অৰ্থটো হল:-সহজ কৰি দিয়া।

কোৰআন প্ৰশ্ন কৰিছে ছুৰা ত্বুৰ ৩৫ নং আয়াতত:- 
তোমালকে কি স্ৰষ্টা ব্যতিত সৃষ্টি হৈছা? অতি স্বাভাৱিক ইয়াত যিটো উত্তৰ হব নহয়, মানুহ কোনো স্ৰষ্টা ব্যতিত সৃষ্টি হোৱা নাই,

কোৰআন ইয়াৰ পিছত আৰু প্ৰশ্ন কৰিছে:- তোমালোকে কি নিজেই নিজৰ সৃষ্টি কৰ্ত্তা?
আমি ভলদৰে জানো মানুহ কেতিয়াও মানুহক সৃষ্টিকৰিব নোৱাৰে।যদি কৰিব পাৰিলেহৈ তেন্তে কোনোবাৰ আত্মীয়ৰ মৃত্যু হোৱাৰ লগে লগে জীৱিত কৰি তুলিলহৈ।আচলতে মানুহ জীৱ জন্তু সৃষ্টি কৰিব নোৱাৰে।জীৱ জন্তুতো দূৰৰ কথা এটা মাছি’কো সৃষ্টি কৰিব নোৱাৰে।ইয়াৰ বাহিৰেও শৰীৰৰ অংগপ্ৰতংগ সৃষ্টি কৰিৱ নোৱাৰে।
ইয়াৰ পিছত কোৰআন আকৌ ছুৰা আম্বিয়া’ৰ  ৫৮ নং আয়াতত প্ৰশ্ন কৰিছে:– তোমালোকে কি অনুধাৱন কৰিছোঁ, তোমালোকৰ বীৰ্য সম্পৰ্কে,তোমালোকে কি বীৰ্য সৃষ্টি কৰা নে, মই সৃষ্টি কৰোঁ।
এইটোয়ে স্বাভাৱিক যে কোৰআন ইয়াত যিবোৰ প্ৰশ্ন কৰিছে সেই সকলো বোৰৰ উত্তৰ হব নহয়, আমি কোনো বস্তুয়ে সৃষ্টি কৰিব নোৱাৰো।

卐 কিছুমানে কয় এইটো হঠাৎকৈ হৈ গৈছে। আমি হঠাৎ প্ৰাকৃতিক ভাৱে সৃষ্টি হৈছো। প্ৰকৃতি! প্ৰকৃতি! প্ৰাকৃতিক বস্তু! আমি হঠাৎকৈ সৃষ্টি হৈছো।

আহক আমি বৈজ্ঞানিক ভাৱে দেখো হঠাৎকৈ সৃষ্টি হোৱা সম্ভৱনে? কোনো এজন সৃষ্টি কৰ্ত্তা আছে।

আমি জানো প্ৰত্যেক জীৱ কোষ’ৰ সকলোতকৈ অতি গুৰুত্বপূৰ্ণ উপাদান হল প্ৰটিন’ৰ অণু ।যিকোনো জীৱকোষ’ৰ এটা গুৰুত্বপূৰ্ণ উপাদান হল প্ৰটিন’ৰঅণু এই প্ৰটিন অনুৰ ভিতৰত পাচঁ(৫) টা উপাদান থাকে, যেনে(১) কাৰ্বণ, 

                 (২) নাইট্ৰজেন,

                 (৩) অক্সিজেন,

                  (৪) হাইড্ৰজেন,

                  (৫) ছালফাৰ,।ইয়াৰ বাহিৰেও এটা অণু তৈয়াৰ হবলৈ হাজাৰ হাজাৰ পৰমাণুৰ প্ৰয়োজন হয়।ইয়াত এটা অণুৰ পাচঁ (৫) টা উপাদান আছে, কাৰ্বণ, নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন, ছালফাৰ, আৰু হাজাৰ হাজাৰ পৰমাণু মিলি এটা প্ৰটিনৰ অনু গঠিত হয়।আৰু পৃথিৱীত আনুমানিক বিৰানব্বৈ (৯২) টাস্বাধীন উপাদান আছে। 

এতিয়া এই বিৰানব্বৈ (৯২) টা উপাদানৰ পৰা পাচঁ(৫) টা মিলি এটা অণু গঠন কৰিব,আৰু ইয়াৰ মাজত হাজাৰ হাজাৰ পৰমাণু আছে, এইবোৰ মিলি তৈয়াৰ হব এটা প্ৰটিনৰ অণু। এইটো সৃষ্টিৰ সম্ভাৱনা হিচাপ কৰিছে “ফ্ৰাংক ইল্যীয়ান“এই সম্ভাৱনাটো হল (১/১০)১৬০ 
এই (১/১০)১৬০ কিমান জানেনে ইয়াৰ মান হল .০০০০এই ভৱে ১৫৭টা শূন্যৰ শেষত ১আৰু অংকৰ থীয়ৰী আমাক কয় যদি (১/১০)৫০ হয়, তেন্তে ইয়াক শূন্যই বুলি কোৱা হয়।

ইয়াৰ পাছত ইয়াত কোৱা হৈছে মাত্ৰ এটা অণু’ৰ বিষয়ে।এটা প্ৰটিনৰ অণু তৈয়াৰ কৰোতে যি উপাদানবোৰ প্ৰয়োজন এই বিষয়ে হিচাপ কৰিছে আন এজনে “চাৰ্জ গ্যাই‘ যে সেই ক্ষেত্ৰত লাখ, কোটি গ্যেলাক্সীৰ প্ৰয়োজন হব মাত্ৰ এটা প্ৰটিনৰ অণু তৈয়াৰ কৰতেআৰু চাৰ্জ গ্যাই সেই ক্ষেত্ৰত প্ৰয়োজন হোৱা সময়ৰ হিচাপটোও কৰিছে, মাত্ৰ এটা প্ৰটিনৰ অণু তৈয়াৰ কৰতে সময় লাগিব (১০)২৬০ বছৰ। এই (১০)২৬০ বছৰ মানে কিমান বছৰ জানেনে? ইয়াৰ মান হল ১,০,০,০,এইভাৱে ২৬৩টা শূন্য, অৰ্থাৎ ১ৰ পিছত ২৬৩টা শূন্য,ইমান বছৰ লাগিব মাত্ৰ এটা প্ৰটিনৰ অণু তৈয়াৰ কৰতে। 
আপুনি জানেনে এটা কোষৰ ভিতৰত কেইটা প্ৰটিনৰ অণু আছে, আৰু ইয়াৰ বাহিৰেও এটা কোষৰ ভিতৰত অন্যান্য অণুও আছে।আৰু এজন মানৱ শৰীৰত কিমান কোষ থাকে?
যেতিয়া এজন শিশু জন্মগ্ৰহণ কৰে তেতিয়া শিশুৰ শৰীৰত ৬০০ কোটিৰো অধিক কোষ থাকে। চিকিৎসক সকলে কয় ৬০০ কোটি কোষ।

এটা প্ৰটিনৰ অনু তৈয়াৰ হোৱাৰ সম্ভাৱনা,(১/১০)১৬০ আৰু সময় লাগিব(১০)২৬০ বছৰ। তেনেহলে ৬০০কোটি কোষ এজন শিশুৰ বাবে।
চিন্তা কৰক কিমান মহিলা গৰ্ভপতি। একেলগে লাখ লাখ মহিলা গৰ্ভ আৰু সময় লাগে মাত্ৰ ৯ মাহহাঠাৎকৈ সৃষ্টি হোৱাৰ সম্ভাৱনা শূন্য, শূন্য, শূন্য, কোনো সম্ভাৱনাই নাই।

এই সৃষ্টি হঠাৎকৈ হব নোৱাৰে।অৱশ্যেই কোনো এজন সকলো কিছু সৃষ্টি কৰিছে। বিজ্ঞান আমাক কয় কোনো এজন অৱশ্যেই আছে অতিপ্ৰাকৃতি শক্তি।আচলতে বিজ্ঞান সৃষ্টি কৰ্ত্তা ঈশ্বৰক বাদ দিয়া নাই, কিন্তু ঈশ্বৰৰ কিছুমান ধাৰণাকহে বাদ দিছে।

বিজ্ঞান বিশ্বাস কৰে, কোনো ঈশ্বৰ নাই, এক সৃষ্টি কৰ্ত্তা বাহিৰে।
লাইলাহা ইল্লালাহ

Leave a comment