ইছলামত তেনে কোনো মানা নাই
ইছলামত অনুমতি আছে চিকিৎসা কৰাবলৈ
ইছলামত অনুমতি আছে বিজ্ঞান অধ্যয়ন কৰিবলৈ
** বিজ্ঞান অধ্যয়ন কৰিবলৈ
কোৰআণে উৎসাহ বা Inspire কৰেনে ?
= ) এই সম্পৰ্কে জানিবলৈ প্ৰথমতে
oxford Dictionary ত বিজ্ঞানৰ
সংজ্ঞা কেনেকৈ দিয়া আছে এই
সম্পৰ্কে জানি লওঁ আহক —–
তাত কোৱা হৈছে বিজ্ঞান হল —
” ভৌতিক আৰু প্ৰকৃতিক জগতৰ গঠন আৰু
আচৰণৰ বিষয়ে বুদ্ধিগত আৰু কাৰ্য্যকৰ
সক্ৰিয়তাৰ দ্বাৰা পৰ্যবেক্ষণ ,
গবেষণা আৰু অধ্যয়ন কৰা “
আমি যদি পবিত্ৰ কোৰআণ অধ্যয়ন
কৰোঁ তেন্তে এনে বহুতো আয়াত
দেখিবলৈ পাওঁ যিবোৰ আয়াতে
প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ
উৎসাহ বা Inspire কৰে আৰু প্ৰকৃতিৰ
নিয়মে নু কেনেকৈ কাম কৰে এই
বিষয়ে জনাৰ নামেই হল বিজ্ঞান
গতিকে এইটো স্পষ্ট কোৰআণে
বিজ্ঞান অধ্যয়ন কৰিবলৈ উৎসাহ বা
inspire কৰে এই বিষয়ে তলত
কেইটামান আয়াত দিয়া হল
” নিসন্দেহে মহাকাশমণ্ডল আৰু
পৃথিৱীৰ সৃষ্টিৰ মাজত , আৰু ৰাতি আৰু
দিনৰ বিৰ্বতনত আৰু জাহাজত যি
সাগৰৰ মাজত চলাচল কৰে যাৰ দ্বাৰা
মানুহৰ মুনাফা হয় , আৰু আল্লাহে
আকাশৰ পৰা বৃষ্টিৰ যি কিছু পঠাই
তাত , তাৰ পাছত তাৰ দ্বাৰা মাটিক
তাৰ মৰণৰ পাছত সজীৱ কৰে আৰু
তাতে বিয়পাই দিয়ে হৰেক ৰকমৰ
জীৱ জন্তু আৰু আকাশ আৰু পৃথিৱীৰ
মাজত নিয়ন্ত্ৰত বতাহ আৰু মেঘৰ গতি
বেগত বিশেষ নিদৰ্শন ৰৈছে বিচাৰ
বুদ্ধি প্ৰয়োগ কৰোতা লোকৰ
নিমিত্তে ” ( কোৰআন 2: 164 )
” নিসন্দেহে মহাকাশমণ্ডল আৰু
পৃথিৱীৰ সৃষ্টিত আৰু ৰাতি আৰু দিনৰ
আৰ্বতনত বিশেষ নিদৰ্শন ৰৈছে
জ্ঞান বান লোকসকলৰ নিমিত্তে
” ( কোৰআন 3: 190 )
” প্ৰকৃততে যি সকলে বিশ্বাস কৰে
তেওঁ লোকৰ কাৰণে স্বৰ্গ সমূহত আৰু
মৰ্ত্ত্যত বহু চিহ্ন নিহিত হৈ আছে
( কোৰআন 45:3 )
” আৰু এটা দৃঢ়বিশ্বাস সম্পন্ন জাতিৰ
কাৰণে তোমালোকৰ নিজৰ স্ৰজনত
আৰু আল্লাহে গোটেই পৃথিৱীত
বিয়পাই থোৱা জীৱ- জন্তুৰ স্ৰজনত বহু
চিহ্ন নিহিত হৈ আছে ” ( কোৰআন :
45:4 )
” আৰু নিশা আৰু দিনৰ সাল – সলনিত
আৰু আল্লাহে আকাশৰ পৰা নমাই
পঠোৱা সংস্থাপনত যাৰ দ্বাৰা
সেইজনাই মৃত ভূমি মণ্ডলক সজীৱ কৰি
তোলে আৰু বায়ু মণ্ডলৰ সাল – সলনিত ,
নিহিত আছে চিহ্ন সমূহ এটা জাতিৰ
কাৰণে যি তেওঁলোকৰ বোধ শক্তি
ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত ” ( কোৰআন
45:5 )
এনেকুৱা আৰু বহুতো আয়াত আছে
তাৰে কেইটামান হল 45:13 ,30:22 ,
24:44 , 14:52 ,13:3 , 13:4 , 10:6 ,15:77
…….ect
আধুনিক বিজ্ঞানৰ দ্বাৰা সমর্থিত
কোৰআনৰ মাত্ৰ কেইটামান আয়াত
(শ্লোক) তলত উল্লেখ কৰা হ’ল —-
(১) কোৰআনৰ ছূৰা আম্বিয়াৰ ৩০ নং
আয়াতত # Big_Bang theory ৰ কথা
উল্লেখ আছে !
“এই আকাশমণ্ডল আৰু পৃথিৱী
মিলিতভাৱে একগোত হৈ আছিল ।
পিছত আমি উভয়কে পৃথক কৰি দিলো
।”
এই #Big_Bang theory ৰ কথা
বিজ্ঞানে মাত্ৰ কেইবছৰমান
আগতহে জানিব পাৰিছিল । কিন্তু
কোৰআনত এই কথা ১৪০০ বছৰ আগতেই
কোৱা হৈছে ।
(২.) # Francis_Drak য়ে কেইবছৰমান
আগত প্ৰথমে প্ৰমাণ কৰি উলিয়াইছে যে
পৃথিৱীৰ আকৃতি ঘূৰণীয়া বা ostrich_egg সদৃশ ।
কিন্তু আচৰিত কথা কোৰআনত এই কথা
১৪০০ বছৰ আগতেই উল্লেখ আছে চুৰা
৭৯ আয়াত নং ৩০ ত ।
(৩) বিজ্ঞানে মাত্ৰ কেইবছৰমান
আগতে জানিব পাৰিছে যে – চন্দ্রৰ
নিজৰ কোনো পোহৰ নাই ।
✔ ছূৰা ফুৰক্বানৰ ৬১
নং আয়াতত কুৰআনত এইকথা কোৱা
হৈছে প্রায় ১৪০০ বছৰ আগতেই ।
(8) বিজ্ঞানে মাত্র দুইশ বছৰ আগতে
জানিব পাৰিছে যে-
চন্দ্র আৰু সূর্য কক্ষ পথত ওপঙি চলিছে
।
✔ ছূৰা আম্বিয়াৰ ৩৩ নং আয়াতত
কোৰআনত এইকথা ১৪০০ বছৰ আগতেই
কোৱা হৈছে ।
(৫) ছূৰা কিয়ামাহ’ৰ ৩ আৰু ৪ নং
আয়াতত ১৪০০ বছৰ আগতেই এই কথা
কোৱা হৈছে যে – মানুহৰ আঙুলীৰ
ছাপ দি মানুহক বেলেগ বেলেগ ভাৱে
চিনাক্ত কৰা সম্ভৱ !
✔ যিটো আজিৰ দিনত প্রমাণিত ।
(৬) পানি চক্রৰ কথা বিজ্ঞানে
জানিবলৈ বেছি বছৰ হোৱা নাই।
✔ ছূৰা যুমাৰৰ ২১ নং আৰু ছূৰা ৰোমৰ
২৪ আৰু ৪৮ নং আয়াতত কোৰআনে
এইকথা ক ১৪০০ বছৰ আগতেই কৈছে ।
(৭) বিজ্ঞানে সৌ সিদিনা জানিব
পাৰিছে লৱনযুক্ত পানী আৰু মিষ্টি
(মিঠা) পানী একেলগে মিশ্রিত নহয়।
✔ ছূৰা ফুৰকানৰ ৫৩ নং আয়াতত
কোৰআনে এইকথা প্রায় ১৪০০ বছৰ
আগতেই কৈছে ।
(৮) ইছলামে আমাক সোঁ দিশত ঘূৰি
টুপনি মাৰিবলৈ নিৰ্দেশ দিছে
✔ বিজ্ঞানে আজি কৈছে সোঁ দিশত
ঘূৰি টুপনি গলে হার্টৰ বেমাৰ হোৱাৰ
সম্ভবনা কম থাকে ।
(৯) সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি
২০০৯ চনত বিজ্ঞানে প্ৰমাণ কৰি
উলিয়ালে যে # পিপৰা (Ants) বোৰেও
নিজৰ মাজত ইজনে সিজনৰ লগত
বাৰ্তা লাভত মিলিত হয় । কিন্তু
কোৰআনৰ ২৭ নং ছূৰাৰ ১৭,১৮ নং
আয়াতত ১৪০০ বছৰ আগতেই এই কথা
উল্লেখ আছে । এয়া সচাকৈ আচৰিত
নহয়নে বাৰু !
এতিয়া আমাৰ
প্ৰশ্ন ! আমি উল্লেখ কৰা কোৰআনৰ
এই বৈজ্ঞানিক আয়াতসমুহৰ কথা
১৪০০ বছৰ আগতেই কোনে কোৰআনত
উল্লেখ কৰিলে ? যিটো সময়ত
পৃথিৱীত বিজ্ঞান, প্ৰযুক্তিবিদ্যা
আদিৰ কোনো অস্তিত্বই নাছিল ।
✍✍ Sadda Hussain