কোনো মুছলিমৰ বাবে বৈধ নহয় ইহুদি, খৃস্টান আৰু মুশ্বৰিকসকলৰ উৎসব পালন কৰা , যেনে নববর্ষ, ভালপোৱা দিবস,জন্মদিন আৰু অন্যান্য উৎসবসমূহ।
এজন মুছলিম হিচাপে আমাৰ উচিত কুৰআন আৰু চুন্নাহ অনুসৰন কৰা ।*
*কাফিৰসকলৰ অনুসৰণ কৰিলে কি হয়?*
*“যি ব্যক্তি কোনো সম্প্রদায়ৰ লগত সামঞ্জস্য/মিল ৰাখিলে সি সিহঁতৰ (দলৰ) অন্তর্ভুক্ত।”*
-[আবুদাউদ: (৩৫১৪)]
*“হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু”*-[ ছূৰা বাকাৰা : ২০৮]
*মুসলিমসকলৰ উৎসবৰ দিন কোনটো ?*
*“নবী চাল্লাল্লাহু আলাইহি ওওৱাছাল্লাম যেতিয়া মদিনাত আগমন কৰিছিল , তেতিয়া সিহঁতৰ দু’টি দিন আছিল, যত সিহঁতে খেলা-ধুলা কৰিছিল । তেওঁ ক’লে : এই দু’টি দিন কি? সিহঁতে ক’লে : আমি এই দিনত জাহিলি যুগত খেলা-ধুলা কৰিছিলো ।’ৰাছুলুল্লাহ (ছা:) ক’লে : নিশ্চয় আল্লাহ তাআলা তাৰ পৰিবর্তে তাতোকৈ উত্তম দু’টি দিন দিছে :ঈদুল ফিতৰ আৰু ঈদুল আদহা ।”*-[আবুদাউদ: (১১৩৪)
ইব্ন তাইমিয়াহ ৰাহিমাহুল্লাহ এ কৈছে ,
“এই হাদিছে প্রমাণ কৰে কাফিৰ সকলৰ উৎসব পালন কৰা হাৰাম ।
মহানবী (ছা:) কৈছে – *”অবশ্যই তোমালোকে পূর্ববর্তী পথভ্রষ্ট জাতিৰ হুবহু অনুসৰণ আৰম্ভ কৰিবা । সিহঁত যদি একহাত সন্মুখত যায় তোমালোক ও যাবা । এগজ পিছত গলেও তোমালোকেও সেইটো কৰিবা । আনকি সিহঁত যদি কোন সাপৰ গাততো প্রবেশ কৰি থাকে , তোমালোকেও সাপৰ গাতত প্রবেশ কৰিবা । চাহাবাসকলে আৰজ কৰিলে – ইহুদী-খৃষ্টানদৰ দৰে ? নবীজী (ছা:) ক’লে , সেয়া নহলে আৰু কাৰ দৰে ?’*(মুছলিম ৪৭/৭)
*নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।।*… (আন নূৰ – ১৯)
*নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ বিষয় কয় (আদেশ দিয়ে) যিটো তোমালোকে নাজানা ।*(২:১৬৯)