বিশ্ব পৰ্য্যায়ৰ মুহাদ্দীচে দ্বীন সকলে স্বীকৃতি প্ৰদান কৰা দুখন অতিবিশুদ্ধ হাদীছ হৈছে চহীহ বুখাৰী ও চহীহ মুচলীম , যি দুখনক একত্ৰে চহীহাইন বোলা হয় ।

☞☞ প্ৰাসংগিকতা ☜☜

আমাৰ সকলোৰে জ্ঞাত যে – বিশ্ব পৰ্য্যায়ৰ মুহাদ্দীচে দ্বীন সকলে স্বীকৃতি প্ৰদান কৰা দুখন অতিবিশুদ্ধ হাদীছ হৈছে চহীহ বুখাৰী ও চহীহ মুচলীম , যি দুখনক একত্ৰে চহীহাইন বোলা হয় । পৃথিৱীৰ সকলো শ্ৰেণীৰ আলীম উলেমাই এই স্বীকৃতি বিনা দ্বিধাই গ্ৰহণ কৰিছে । কাৰ্য্যতঃ অতি বিশুদ্ধ বুলি কোৱাৰ অৰ্থ হৈছে ইয়াত উল্লেখ থকা হাদীছ সমূহৰ দৰেই নবী চল্লাল্লাহু আলাইহি অছাল্লামে আমল কৰাৰ ত্বথ্য সঁচা । কিন্তু ৰহস্যজনক বিষয় যে , আমাৰ প্ৰচলিত চালাতৰ পদ্ধতিৰ সৈতে উল্লেখিত হাদীছ কেইখনত উল্লেখ থকা নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে মিল নাই ! বিষয়টো এইবাবেই বিবেচনাৰ প্ৰয়োজন যে , নবী (চঃ) য়ে তাগিদেৰে কৈ গৈছে –

” صَلٌُوْا كَمَا رَأَيْتُمُوْنِىْ أُصَلٌَىْ “

( বুখাৰী হাঃ/৬৩১,৬০০৮,৭২৪৬ ; মিশকাত হাঃ/৬৮৩ )।
অৰ্থাৎ চালাত আদায় কৰা তেনেকৈ , যেনেকৈ মোক চালাত আদায় কৰা দেখিছা ।
ইয়াৰ ওপৰিও আমাৰ প্ৰচলিত চালাতৰ ভিতৰে বাহিৰে এনে কিছু আমল জৰিত হৈ আছে , যি সমূহ আমল নবী ( চঃ) বা কোনো এগৰাকীও চাহাবা (ৰাঃ) কৰাৰ ক’তো দলীল বিচাৰি পোৱা নাযায় ! উদাহৰণ স্বৰূপে চালাতৰ বাবে ঠিয় হৈ পঢ়া জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত , তাশ্বাহুদত ” আচ্হাদুআল্লা ইলাহা ইল্লাল লাহু ” কওঁতে ক্ষন্তেকৰ বাবে শ্বাহাদত আঙুলি দাঙি পুনৰ নমাই দিয়া , ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাত ইত্যাদি । অথচ নবী (চঃ) কৈ গৈছে –

” مَنْ عَمِلَ عَمَلً لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌُ “

( চহীহ মুচলীম হাঃ/ ১৭১৮ )। অৰ্থাৎ কোনো ব্যক্তিয়ে যদি এনে কোনো আমল কৰে , যিটোৰ নিৰ্দেশ আমি দিয়া নাই , সেইটো পৰিত্যাজ্য বা বৰ্জনীয় ।

এনেবোৰ স্পৰ্শকাতৰ হাদীছৰ আলোকত আমাৰ চালাতৰ বিশুদ্ধতা অনুসন্ধান কৰাটো অতিকৈ প্ৰয়োজন । বিশেষজ্ঞ সকলে অভিমত প্ৰকাশ কৰিছে যে , সমাজৰ পৰা নবী (চঃ) ৰ বিশুদ্ধ চালাতৰ পদ্ধতি দেশ ও স্হান ভেদে বিলুপ্তি ঘটাৰ মূল কাৰণ হৈছে ইছলামীয় শিক্ষানুষ্ঠান ও সমাজত বহুল প্ৰচলিত বিভিন্ন মাজহাবৰ ফিক্বহী গ্ৰন্থ সমূহ ! প্ৰত্যেকেই নিজ নিজ মাজহাবৰ ফিক্বহী গ্ৰন্থ ৰচনা ও পৃথক পৃথক ফিক্বহী উছূল সমূহৰ বাবেই আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক মুছল্লীয়েই বিশুদ্ধ চালাতৰ সঠিক পদ্ধতিৰ বিষয়ে অৱগত নহয় বুলি তেখেত সকলে আক্ষেপেৰে মত প্ৰকাশ কৰিছে ।
আহকচোন , এই ফিক্বহ্ সমূহৰ সন্দৰ্ভত কেইগৰাকীমান বিদ্বান লোকৰ ত্বথ্যভিত্তিক কিছু মন্তব্য আমি চাবলৈ চেষ্টা কৰোঁ –

১] আব্দুল হাই লাক্ষ্ণৌভী হানাফী ( ৰহঃ) ফিক্বহী গ্ৰন্থ সম্পৰ্কে কৈছে – ” এনে বহুতো বিশ্বস্ত কিতাব আছে , যাৰ ওপৰত ডাঙৰ ডাঙৰ ফক্বীহ সকল নিৰ্ভৰশীল , অথচ সেইসমূহ জাল হাদীছেৰে পৰিপূৰ্ণ ! বিশেষকৈ ফতোৱাৰ কিতাব সমূহ । গভীৰ দৃষ্টিৰ মাধ্যমত আমাৰ বিবেচনাত স্পষ্ট হৈছে যে – এই গ্ৰন্থ প্ৰণয়ন কাৰী সকল যদিও ইলিমৰ অধিকাৰী আছিল , তথাপিও কিন্তু হাদীছ সংকলনত তেওঁলোক আছিল শিথিলতা প্ৰদৰ্শনকাৰী ( জামে ছাগীৰৰ ভূমিকা নাফে’ কাবীৰ , পৃষ্ঠা ১৩ ; ছিফাতু ছালাতিন নবী , পৃষ্ঠা ৩৭ )।

২] আল্লামা মাৰজানী হানাফী ( ৰহঃ) কৈছে – ” ফক্বীহ সকলৰ বক্তব্য ভূল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকি গৈছে ! আটাইতকৈ ডাঙৰ বিষয় হৈছে , বক্তব্য সমূহ চনদ বিহীন ।…..নিসন্দেহে সেইবোৰ জাল হোৱাৰ প্ৰমাণ বহন কৰে , যি আনৰ ওপৰত মিছা অভিযোগ বহন কৰে ( হাক্বীক্বাতুল ফিক্বহ , পৃষ্ঠা ১৪৬ )।

৩] শ্বাইখুল ইছলাম ইমাম ইবনে তায়মিয়াহ (ৰহঃ) কৈছে – ” মা শ্বা আল্লাহ ! দুই এজনৰ ব্যতীত গৰিষ্ঠ সংখ্যক মাজহাবী গোড়ামী প্ৰদৰ্শন কাৰীয়েই কোৰআন -চুন্নাহ বুজি নাপায় ! বৰং তেওঁলোকে খামুচি ধৰিছে জাল জয়ীফ হাদীছৰ ভাণ্ডাৰ , বিভ্ৰান্তিকৰ ৰায়ৰ বোজা ও বয়োজেষ্ঠ আলীমৰ কল্প কাহিনীৰ সমাহাৰ ( মাজমূউ ফাতাওয়া ২২/২৫৪-২৫৫ )।

৪] আব্দুল হাই লাক্ষ্ণৌভী (ৰহঃ) সাৱধান বাণীৰে কৈছে – ” হে পাঠক ! তোমালোকে কি ” হেদায়া ” ৰচনাকাৰীক দেখা নাই , যি শীৰ্ষস্হানীয় হানাফী সকলৰ অন্যত্বম ? ইয়াৰোপৰি ” আল-ওয়াজীয ” ৰ ভাষ্যকাৰ ৰাফেঈক দেখা নাই , যি শ্বাঈফী সকলৰ শীৰ্ষস্হানীয় ? এই দুগৰাকী ব্যক্তি প্ৰধান ব্যক্তি সকলৰ অৰ্ন্তভূক্ত যাৰ ওপৰত শ্ৰেষ্ঠ ও সৰ্ব্বোত্তম ব্যক্তি সকল নিৰ্ভৰ কৰে ! অথচ উক্ত কিতাবদ্বয়ত এনে বহুতো বৰ্ণনা উল্লেখ কৰিছে , মুহাদ্দীচ সকলৰ দৃষ্টিত সেইবোৰৰ কোনো চিহ্নই পোৱা নাযায় ( আজওয়াবে ফাযেলাহৰ বৰাতে আল-ইৰশ্বাদ, পৃষ্ঠা ১৫৭ , হাক্বীক্বাতুল ফিক্বহ , পৃষ্ঠা ১৫১ )।

সন্মানীয় পাঠক বৃন্দ ! নিদিষ্ট ত্বথ্যৰ আধাৰত এই লিখনি যুগুত কৰা হৈছে , ইয়াত লিখকৰ কোনো নিজস্ব মন্তব্য দিয়া হোৱা নাই ! স্ব বিবেকৰ দ্বাৰা আপোনাৰ সিদ্ধান্ত নিজেই বাচি লওক , অযথা বিতৰ্কৰে নিজৰ লগতে আনৰো মূল্যবান সময় যাতে নষ্ট নকৰে তাৰ প্ৰতি আহ্বান জনালোঁ ।

আল্লাহে আমাক সকলোকে হিদায়ত নচীব কৰক ……… আমীন ।

✍✍.. মোক্তাবুল হুছেইন 

Leave a comment